Type Here to Get Search Results !

SCERT Class 8 Assamese Chapter 1: নিয়ৰ All questions and answers || অষ্টম শ্ৰেণী অসমীয়া ১ নং পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ

SCERT Class 8 Assamese Chapter 1: নিয়ৰ All questions and answers || অষ্টম শ্ৰেণী অসমীয়া ১ নং পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ

Class 8 Assamese Questions Answers। SCERT: মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, SaraAxom.in লৈ তোমালোকক স্বাগতম, আজি এই প্ৰবন্ধটোত, আমি অষ্টম শ্ৰেণীৰ SCERT শিক্ষাৰ্থীসকলৰ বাবে অতি লাগতিয়াল কিছুমান প্ৰশ্নৰ উত্তৰ লৈ আহিছো। যদি আপুনি গুগলত অষ্টম শ্ৰেণীৰ অসমীয়া সাহিত্যৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে তেন্তে আপুনি সঠিক ৱেবছাইটত আহিছে ইয়াত আমি অষ্টম শ্ৰেণীৰ অসমীয়া প্ৰবন্ধৰ প্ৰথম অধ্যায়ৰ সকলো প্ৰশ্নৰ উত্তৰ তলত বহলাই প্ৰদান কৰিছো।

Chapter 1:

নিয়ৰ


মুকুতা মণিটি পাহিত জিলিকে

ফটিক পানীত ধোৱা,

নিশাৰ তৰা এটি সৰিয়েহে আছে

সৰগত টোপনি যোৱা।

নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে

কোনে হাঁহিছিল নাচি।

ফুলনিত কোনে নিশা নাচিছিল

ছিগি ৰৈ গ'ল মণি,

ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ

ৰ'ল চিন এইকণি,

পুৱাৰ হেঙুলি বেলিটিলৈ চাই

এটুপি চকু পানী।

নিয়ৰ কলিৰে শোভে ফুল জুপি

চাইছো ভাবতে ভাহি,

হায় কি বিষম পেলালে বায়ুৱে

জোকাৰি ফুলৰ পাহি।



কবি- চন্দ্ৰকুমাৰ আগৰৱালা



প্রশ্ন ১।  কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা ৷ 

উত্তৰঃ ( কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িব আৰু আবৃত্তি কৰিব লাগিলে অতি মনোযােগেৰে শব্দবােৰ চাই শুদ্ধ উচ্চাৰণেৰে শব্দ কৰি পঢ়িবলৈ চেষ্টা কৰিবা । )


প্রশ্ন ২। উত্তৰ দিয়া –

( ক ) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে ?

উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধােৱা নিয়ৰ কণিকাক কৈছে ।

 ( খ ) নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে ?

উত্তৰঃ নিয়ৰক কবিয়ে নিশা নচা নাচনীৰ ছিগি ৰৈ যােৱা মুকুতা মণিৰ লগত তুলনা কৰিছে ।

 ( গ ) নিয়ৰে হিয়াত কি সাঁচি থােৱাৰ কথা কৈছে ?

উত্তৰঃ নিয়ৰে হিয়াত নিজম নিশাৰ নিচুপ কথা হিয়াত সাঁচি হােৱাৰ কথা কৈছে । 

( ঘ ) ফুলনিত , কি ছিগি ৰৈ গল ? 

উত্তৰঃ ফুলনিত নিশা নচা কোনােবা নাচনীৰ মন ছিগি ৰৈ গ’ল বুলি কৈছে ।

 ( ঙ ) কবিয়ে কি সৰি থকাৰ কথা কৈছে ? 

উত্তৰঃ  কবিয়ে সৰগত টোপনি যােৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকা বুলি কৈছে ।


প্রশ্ন ৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা । 

উত্তৰঃ ফটিক পানীৰে ধােৱা নিয়ৰ কনাবােৰ ৰাতিপুৱা ফুলৰ পাহি , গছ বনৰ পাছত ওলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবোৰহে তাত সৰি পৰি আছে । কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনােবা হাঁহি হাঁহি নাচি থক নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী ।

সেই চকুপানী অথবা মুকুতা মণি নিয়ৰ হৈ ফুলপাহিত পুৱাৰ হেঙুলি পােহৰত জিলিকি উঠিছে । কিন্তু দুখৰ কথা কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবােৰলৈৰ লাগি চাই থাকোঁতেই এজাক বতাহে আহি ফুলৰ পাহিবােৰ জোকাৰি পেলাই নাইকিয়া কৰিলে । 


প্রশ্ন ৪। শব্দ সম্ভাৰ আৰু অর্থ । 

উত্তৰঃ  ফটিক    –    অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ । 

শােভে    –     জেউতি চৰায় । 

হেঙুলি   –     ৰঙচুৱা , ৰঙা – হালধীয়া- বৰণৰ । 

নিজম    –     নিস্তব্ধতা , নিটাল , সাৰি – শব্দ নােহােৱা । 

নিচুক    –      কন্দন এৰা ।

 বিষম     –      সমান নােহােৱা , বেয়া ,

দুষ্ট , অসৎ । 



প্রশ্ন ৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—

             নিজম আকাশৰ নিচুক কথাটি 

                        হিয়াত থৈছেসাঁচি , 

             কোন কাহানিৰ সপােন দেখিছে 

                         কোনে হাঁহিছিল নাচি ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ প্রতিমাৰ খনিকৰ ’ চন্দ্র কুমাৰ আগৰৱালা ৰচিত ‘ নিয়ৰ’ কবিতাটিৰ অন্তর্গত ।

          ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰ কথাবােৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনােৰম কল্পনা এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ পাইছে । 

           ফটিক পানীত ধােৱা মুকুতা সদৃশ নিয়ৰ কণাবােৰক কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ হেঙুলি বেলিৰ পােহৰত সেমেকি পৰা চকু পানীৰ লগত তুলনা কৰিছে ।

আনহাতে নিজম আকাশৰ হিয়াত সাঁচি হােৱা কান্দোন ভাবৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনােবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মনিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে । কোনােবাই কাহানিবাই দেখা সপােনৰ ই যেন অভিব্যক্তি ।



প্রশ্ন ৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবােৰ লিখা । 

উত্তৰঃ       

 ধােৱা         –        যােৱা ,

সাঁচি         –         নাচি , 

মণি         –         কণি , পানী , 

ভাহি         –         পাহি ।



প্রশ্ন ৭৷ উল্লিখিত শব্দবােৰৰ সমার্থক শব্দ লিখা ।

 টোপনি , বেলি , পানী , ফুল , নিশা , সপােন , আকাশ , চকু । 

উত্তৰঃ 

টোপনি     —      নিদ্রা , ঘুমতি । 

বেলি       —      ৰবি , তপন , সূর্য ।

পানী        ―     জল , নীৰ সলীল ।

ফুল         ―     কুসুম । 

নিশা        ―     ৰাতি , নিশি । 

সপােন     ―     কল্পনা । 

আকাশ    ―     মহাশূন্য 

চকু         ―      নয়ন , আখি । 



প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা । 

ছিগা , সৰগ , পুৱা , দিন , নিজম , হাঁহি । 

উত্তৰঃ        

ছিগা       ―       নিছিগা । 

 হৰগ      ―        নৰগ

পুৱা       ―        সন্ধিয়া ।

নিজম    ―        হুলস্থূলীয়া । 

 হাঁহি      ―         কান্দোন । 



প্রশ্ন ৯। বাক্য ৰচনা কৰা । 

মুকুতা , পাহি , শােভে , নিচুক , ফুলজুপি , ফটিক ।

 উত্তৰঃ      মুকুতা    ―   ৰাতিপুৱা নিয়ৰ কণাবােৰ মুকুতা মণি যেন দেখি । 

পাহি     ―     ফুলকলিৰ পাহিবােৰ মেলখালে বৰ ধুনীয়া দেখি । 

শােভে   —     ৰাতিপুৱা নিয়ৰ কণাই ফুলজুপিৰ শােভা বঢ়ায় । 

নিচুক   —     নিজম আকাশৰ নিচুক কথাটি কোনােবা নাচনীয়ে সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে ।

ফুলজুপি  ―   ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে । 

ফটিক     —  নিয়ৰ কণাবােৰ ফটিক পানীৰে ধােৱা মুকুতা মণিৰ দৰে সুন্দৰ । 



প্রশ্ন ১০। ( ক ) নিয়ৰ’কবিতাটিত থকা তত্সম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা । 

উত্তৰঃ  তত্সম শব্দ :- আকাশ,বায়ু

 তদ্ভৱ  শব্দ   :- মুকুতা , ফটিক , নিশা , সৰগ , সপােন , নাচ , শােভা বায়ু পাহি ।


( খ ) তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা ।

 উত্তৰঃ তৎসম শব্দ :- আকাশ , বংশ , বর্ণ , দীর্ঘ , জীৱন , চন্দ্র , সূর্য , নদী , কৃষ্টি , লতা , ধন , ফল ইত্যাদি । 

 তদ্ভৱ শব্দ :- হাত , কাণ , হাতী , আজি , ওঁঠ , সাপ , গাঁত , দাঁত , কাম ইত্যাদি ।



 প্রশ্ন ১১। দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা ।

 উত্তৰঃ শিক্ষা সম্বন্ধীয় :- স্কেল , পেঞ্চিল , পেন , ব্রেকবাের্ড , চকপেঞ্চিল , ৰবৰ , হেণ্ডেল ইত্যাদি ।

খেল সম্বন্ধীয় :-  ক্রিকেট , ফুটবল , ভলীবল , বাস্কেট বল , টেনিচ , বেডমিণ্টন ইত্যাদি । 

যানবাহন সম্বন্ধীয় :-  স্কুটাৰ , বাইক , মটৰ – গাড়ী , বাছ ,বাইচাইকেল , এৰােপ্লেন , অটোভান , ৰিক্সা ইত্যাদি । 

পােছাক – পাতি সম্বন্ধীয় :-  ফ্রক , ব্লাউজ , চেমিজ , লংপেণ্ট , হাফপেন্ট , ছার্ট , কোট ইত্যাদি । 

আচ-বাব সম্বন্ধীয় :-  টেবুল , চেয়াৰ , ফেন , টুল , আলমিৰা , ফ্রীজ , মিচেফ ইত্যাদি ।

বাচন – বৰ্তন সম্বন্ধীয় :-  কাপ – প্লেট , ডিছ কুকাৰ ইত্যাদি । 



প্রশ্ন ১২। এটা শব্দত প্ৰকাশ কৰা :

 ( ক ) যি আনৰ উন্নতি দেখিব নােৱাৰে ।

উত্তৰঃ পৰশ্রীকাতৰ ।

 ( খ ) একে মাকৰ সন্তান । 

উত্তৰঃ সহােদৰ ।

( গ ) যাৰ ঘৰ – বাৰী-নাই । 

উত্তৰঃ  অঘৰী । 

( ঘ ) যি ভাল – বেয়া বিচাৰ কৰিব নােৱাৰে

উত্তৰঃ অবিবেচক ।

(ঙ) যি আগেয়ে হোৱা নাই

উত্তৰঃ অদ্ভূতপূৰ্ব ।



প্রশ্ন ১৩ নিয়ৰ কবিতাটিত পােৱা তৰা , আকাশ , পানী , কথা , হিয়া , সপােন , চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবােৰেৰে বাক্য ৰচনা কৰা । 

উত্তৰঃ তৰা-নৰা  – ( বৰকৈ বেগাই ) :- বাঘৰ কথা শুনি সি ভয়তে তৰা-নৰা চিঙি দৌৰি ঘৰলৈ গ’ল ।

আকাশত চাংপতা  – ( অস্বাভাৱিক কল্পনা , অলীক কল্পনা ) :- যি কাম কৰাটো সম্ভৱ নহয় তাৰ কাৰণে আকাশত চাং পতাৰ প্ৰয়ােজন নাই । 

পানীৰ তলৰ কাঁইট  –  ( নেদেখা বিপদ , অজান শত্রু ) :- পানীৰ তলৰ কাঁইটৰ দৰে মানুহৰ জীৱনত অনেক নেদেখা বিপদ বা শত্রু থাকে ।

কথা চহকী   –  ( বেছিকৈ কথা কোৱা লােক ) :- কথা চহকী মানুহৰ অন্তৰত একো কথা লুকাই নাথাকে ।

হিয়াৰ আমঠু  –  ( অতি মৰমৰ ) :- আইতাকৰ কাৰণে নাতি – নাতিনী হিয়াৰ আমঠু স্বৰূপ ।

অলীক সপােন  – ( মিছা কল্পনা , অমূলক কল্পনা ) :- অসম্ভৱ বস্তুৰ কাৰণে অলীক কল্পনা কৰি লাভ নাই ।

চকু চৰহা  –  ( আনৰ ভাল দেখিব নােৱাৰা ) :- চকু চৰহা মানুহে আনৰ উন্নতি হােৱা দেখিব নােৱাৰে ।



প্রশ্ন ১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি , ভাঙি , ছিগি , ছিঙি বহুৱাই পূৰ কৰা ।

 ( ক ) মেৰামতি নকৰা বাবে জহি -খহি ঘৰটো ― গল ।

উত্তৰঃ মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো  ভাগি  গ’ল । 

( খ ) ধুমুহাই ঘৰটো    ―    পেলালে । 

উত্তৰঃ  ধুমুহাই ঘৰটো  ভাঙি পেলালে ।

 ( গ ) পুৰণি হােৱা বাবে ৰছীডাল   ―  থাকিল ।

উত্তৰঃ পুৰণি হােৱা বাবে ৰছীডাল  ছিঙি থাকিল ।

(ঘ) জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল –গ’ল ।

উত্তৰঃ জোৰকৈ টনা-আজোৰা কৰা বাবে ৰছীডাল  ছিঙি গ’ল ।

(ঙ) এবছৰ নৌহওঁতেই মাথাউৰিটো ― গ’ল ।

উত্তৰঃ এবছৰ নৌহওঁতেই মাথাউৰিটো  ভাঙি থাকিল ।

(চ) বানপানীয়ে মাথাউৰিটো ― পেলালে ।

উত্তৰঃ বানপানীয়ে মাথাউৰিটো  ভাঙি পেলালে ।



প্রশ্ন১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা ।

(ক) ৰাতিপুৱা খালী ভৰিৰে নিয়ৰসিক্ত দুৱৰি গছকি পোৱা অনুভূতি 

উত্তৰঃ (নিজৰ অনুভূতি) :- ভৰিত ঠাণ্ডা পোৱাৰ উপৰি গা-মূৰতো ঠাণ্ডা পোৱা যায় । গোটেই গাটোতে আৰু মনতো এক আমেজভৰা শিহৰণ অনুভৱ কৰা যায় । নিয়ৰ সিক্ত দুৱৰি গছকিলে স্বাস্থ্যৰ কাৰণে ঘাইকৈ চকুৰ কাৰনে ভাল বুলি কোৱা শুনিছোঁ । 

(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ –

উত্তৰঃ (নিজৰ অনুভূতি) :- ফটিক পানীৰে ধোঁৱা মণি–মুকুতাহে যেন পদুম,কচু বা অন্যান্য গছৰ পাতত ওলমি আছে আৰু পোৱাৰ হেঙুলি পোহৰ পৰি তিৰবিৰাই আছে,এনে অনুভৱ হয় ।

(গ) গছৰ পাতৰ পৰা টোপালটোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ―

উত্তৰঃ (নিজৰ অনুভূতি ) :- গছৰ পাতৰ পৰা টোপাটোপে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যেন কোনোৱা সৰগীয় নাচনীৰ গলৰ মালা ছিগি বহুমুলীয়া মণিহে এটি এটিকৈ পৰি আছে । আনহাতে এনেদৰে কল্পনা কৰা যায় যেন কোনোবা ক্ৰন্দনৰত অপেশ্বৰীৰ চকু পানীহে টোপা টোপে পৰি আছে । 



প্ৰশ্ন১৬। সাঁথৰ ভঙা :

(ক) মৌ মাখি নহয় কিন্তু,কৰে গুণ গুণ, বামুণ নহয় কিন্তু,কান্ধত লগুণ

উত্তৰঃ যঁতৰ ।

(খ) ৰজাৰ ঘৰৰ হাতী,ধান খায় পাচি পাচি

উত্তৰঃ ঢেঁকী ।

(গ) ৰজাৰ কাপোৰ তিয়াব পাৰি,শুকুৱাব নোৱাৰি ।

উত্তৰঃ জিভা ।



প্ৰশ্ন১৭। অসমীয়া ভাষাত থকা তৎসম আৰু অৰ্ধতৎসম শব্দৰ এখন তালিকা কৰি শ্ৰেণীকোঠাত  ওলোমাই থোৱা ।

উত্তৰঃ শ্ৰেণীকোঠাত  ওলোমাই থ’বলগীয়া তালিকাখন হ’ল― 

তৎসম শব্দ:- আকাশ,অম্ব,বংশ,বৰ্ণ,হ্ৰস্ব, দীৰ্ঘ,জীৱন,চন্দ্ৰ, সূৰ্য,নদী, কৃষ্টি,লতা,ধন, ফল ইত্যাদি ।

অর্ধতৎসম শব্দ :- ভকতি , মুকুতা , শকতি , চেনেহ , ধৰম , পীৰিতি , শৱদ , শইচ , দর্শন কৰম , চিৰি , উছৱ , সােৱাদ , মিতিৰ , মিছা , সঁচা , থিৰ ইত্যাদি ।



Conclusion:(উপসংহাৰ)

মই আশা কৰো যে এই পোষ্টৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ বহুত উপকাৰ হৈছে আৰু এই বিষয়টো যদি আপোনাৰ কামত আহিছে, তেন্তে আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ পাহৰি নাযাব।


FAQ

Questions: Where can students get the solution of the 8th grade Assamese textbook for free?
Answers: Students can find the solutions of the Grade 8 Assamese textbook for free on the SaraAxom website. Solutions to textbook questions are concise and accurate.  Students who are studying for exams may find the solutions very helpful.

Questions:  How can students use the solutions for exam preparation?
Answer: Students can use the solutions for the following.
  • Students can use solutions for curriculum correction.
  • It allows students to take notes while reading.
  • Students can use solutions to understand concepts and complete the course.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us