Type Here to Get Search Results !

Class 10 General Science Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Questions & Answers

Class 10 General Science Chapter 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Questions & Answers

প্রশ্নাৱলী

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ' ব লাগে কিয়?

উত্তৰঃ মেগনেছিয়াম ফিতাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয়বাস্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।


2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্রজেন + ক্ল’ৰিন→ হাইড্রজেন ক্ল’ৰাইড ।

উত্তৰঃ H2 + Cl2 à 2HCl

(ii ) বেৰিয়াম ক্ল' ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল' ৰাইড

উত্তৰঃ 3BaCl2 +Al2 (So4)3 à 3BaSo4 + 2AlCl3

(iii ) ছ’ডিয়াম + পানী → ছ' ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰঃ 2Na + 2H2O à 2NaOH +H2


3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্ল ' ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল ' ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।

উত্তৰঃ BaCl2(aq) + Na2So4(aq) à BaSo4 (s) + 2NaCl(aq)

(ii) ছডিয়াম হাইড্রক্স ইডৰ দ্ৰৱ (পানীত) হাইড্র ’ ক্ল ' ৰিক এছিডৰ দ্ৰৱ ( পানীত) ৰে সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaoH(aq) + HCl à NaCl(aq) + H2o(l)


 প্ৰশ্নাৱলী

1. এটা পদাথ ' X ' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ  (White Washing ) ব্যৱহাৰ কৰা হয়। 

( i ) পদাৰ্থ ' X ' ৰ নাম আৰু সংকেত লিখ ।

উত্তৰঃ পদাৰ্থ ‘’X’’ নাম হল পোৰা চূণ।

(ii ) পানীৰে সৈতে পদার্থ ' X ' এ কৰা বিক্রিয়াটো লিখ ।

উত্তৰঃ পানীৰ সৈতে পদাৰ্থ ‘’X’’এ কৰা বিক্ৰিয়াটো হল-


CaO(s) + H2o(l) à Ca(OH)2 (aq)      

 (শিথিলিত চূণ)


2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখ।

উত্তৰঃ কাৰ্যকলাপ ১.৭ ত পানীৰ বিদ্যুত বিশ্লেষণ কৰা হৈছে। এছিডযুক্ত পানীৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰিলে পানীৰ অণু বিযোজিত হৈ হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উতপন্ন হয়। হাইড্ৰজেন গেছ কেথডত আৰু অক্সিজেন গেছ এনডত সংগ্ৰহ হয়। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হল-


    বিদ্যুত বিশ্লেষণ

2H2o(l) à 2H2(g) + O2(g)


বিদ্যুত বিশ্লেষণৰ ফলত পানীৰ দুটা অণু বিযোজিত হৈ হাইড্ৰ’জেন গেছৰ –দুটা অণু অক্সিজেন গেছৰ এটা অণু উতপন্ন হয়। সেইবাবে এটা পৰীক্ষা নলীত সংগ্ৰহ কৰা গেছৰ দুগুণ হয়। এই গেছৰ নাম হ’ল হাইড্ৰ’জেন গেছ।

প্ৰশ্নাৱলী

1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।


2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া ।

উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উতপন্ন হয়।

AgNo3(aq) + NaCl(aq) à AgCl(s)↓ + NaNo3(aq)

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।


(i) 4Na ( s ) + 02, ( g ) → 2Na2 O ( s )

উত্তৰঃ এই বিক্ৰিয়াটোত Na জাৰিত হৈ Na2o উতপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।


(ii) CuO ( s ) + H2 , ( g ) → Cu ( s ) + H2 , O ( l )


উত্তৰঃ H2 জাৰিত হৈ পানী উতপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উতপন্ন হৈছে।


অনুশীলনী

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?


2PbO ( s ) + C ( s ) → 2Pb ( s ) + CO 2, (g )


 ( a ) লেড বিজাৰিত হৈছে ।

( b ) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।

( c ) কার্বন জাৰিত হৈছে ।

( d ) লেড অক্সাইড বিজাৰিত হৈছে ।


(i ) ( a ) আৰু ( b )

(ii)  ( a ) আৰু ( c 

( iii ) ( a ) , ( b ) আৰু ( c

( iv ) সকলো

উত্তৰঃ  ( a ) আৰু (b )


2.  Fe2 0 3 + 2Al → Al2 ০3, + 2Fe


 ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a ) এটা সংযোজন বিক্রিয়াৰ

(b ) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

(c ) এটা বিযোজন বিক্রিয়াৰ |

(d) এটা অপসৰণ বিক্রিয়াৰ ।

উত্তৰঃ (d)


3. কি ঘটে যেতিয়া লঘু হাইড্রক্ল ' ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ' ৰাইড উৎপন্ন হয় ।

( b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।

(c ) বিক্রিয়া নঘটে ।

(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ   ( a ) 


4 . সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

H2 + Cl2 à 2HCl

2H2 + O2 à 2H2o

ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ’ব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তোলিত কৰিব লাগে।


5 . তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সত্তলন কৰা ।

(a) হাইড্রজেন গেছে নাইট্রজেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীক

   H2 + N2 à NH3

 সন্তোলিত ৰাসায়নিক সমীকৰণ-

3H2(g) + N2(g) à 2NH3(g)


(b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

H2S +O2 à H2o + So2

সন্তোলিত ৰাসায়নিক সমীকৰণ-

2H2s(g) + 3O2(g) à2H2o(l) + 2So2(g)


(c) বেৰিয়াম ক্ল ’ ৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

BaCl2 + Al2(So4)3 à AlCl3  + BaSo4

সন্তোলিত ৰাসায়নিক সমিকৰণ-

3BaCl2(aq) + Al2(So4)3 aq à 2AlCl3(aq) +3BaSo4(S)


 (d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উতপন্ন কৰে।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

K + H2o à KoH + H2

সন্তোলিত ৰাসায়নিক সমীকৰণ-

2K(s) + 2H2o(l) à 2KoH(aq) + H2(g)


6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) HNO3 + Ca (OH)2 , → Ca ( NO3 )2  , + H20

উত্তৰঃ 2HNo3 + Ca(OH)2 à Ca(No3)2 + 2H2o


(b) NaOH + H2SO4 → Na2SO4 + H20

উত্তৰঃ 2NaOH + H2So4 à Na2So4 + 2H2o


(c) NaCl + AgNO3 à AgCl + NaNO3

উত্তৰঃ NaCl + AgNO3 à AgCl + NaNO3


(d) BaCI2 + H2SO4 → BaSO4 + HCl

উত্তৰঃ BaCl2 + H2So4 à BaSo4 + 2HC


7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।

(a ) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড à কেলছিয়াম কার্বনেট + পানী ।

উত্তৰঃ Ca(OH)2 + Co2 à CaCo3 + H2o


(b ) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।

উত্তৰঃ Zn + 2AgNo3 à Zn(No3)2 + 2Ag


(c ) এলুমিনিয়াম + ক’পাৰ ক্ল'ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।

উত্তৰঃ 2Al + 3CuCl2 à 2AlCl3 + 3Cu


(d ) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড ।

উত্তৰঃ BaCl2 + K2So4 à BaSo4 + 2KCl


৪. তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

(a) পটেছিয়াম ব্র’মাইড (aq ) + বেৰিয়াম আয়'ডাইড (aq ) → পটেছিয়াম আয়' ডাইড (aq ) + বেৰিয়াম ব্ৰ’মাইড(s )

উত্তৰঃ 2KBr(aq) + BaI2(aq) à 2KI(aq) + BaBr2(aq)

     ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।


(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )

উত্তৰঃ ZnCo3(s) à Zno(s) + Co2(g)

 ই এটা বিয়োজন বিক্ৰিয়া।


(c) হাইড্র’জেন(g ) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল'ৰাইড(g)

উত্তৰঃ H2(g) + Cl2(g) à 2HCl(g)

 ই এটা সংযোজন বিক্ৰিয়া।


 (dমেগনেছিয়াম (s)+হাইড্র’ক্ল'ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰঃ Mg(s) + 2HCl(aq) à MgCl2(aq) + H2(g)

  ই এটা অপসৰণ বিক্ৰিয়া।


 9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত তাপ উতপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে।

 উদাহৰণঃ মিথেন (প্ৰাকৃতিক গেছ) বায়ুত (অক্সিজেন) উপস্থিতিত জ্বলি Co2 আৰু H2O উতপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উতপন্ন কৰে।

     CH4 (g)  + 2O2 (g) à Co2 + 2H2O + তাপশক্তি

যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

উদাহৰণঃ N2 বায়ুৰ O2 ৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত (3,000oc) বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড(NO) উতপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষণ কৰে।

 N2 (g) + O2 (g)


10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ।

উত্তৰঃ শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণ তাপ শক্তিৰ উতপন্ন হয়। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।

C6 H12 O6 (aq) + 6O2 (g) à 6Co2 (g) + 6H2o(l) + 2820(kJ)


11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উতপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উতপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।


তলত প্ৰতিবিধৰ উদাহৰণ দিয়া হ’ল-


সংযোজন বিক্ৰিয়া-


 2H2 (g) + O2 (g) à 2H2o (l)

 2Mg (s) + O2 (g)à 2Mgo (s)

 Fe (g) + S (s) à Fes (s)


বিযোজন বিক্ৰিয়া-

2H2o(l) à 2H2 (s) + O2 (q)

CaCo3 (s) à Cao (s) + Co2 (g)


12. তাপ,পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা ।

উত্তৰঃ তাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-


CaCo3 (s) -> CaO (s) + Co2 (s)

 পোহৰ শক্তিয়ে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

2AgCl (s) -> 2Ag (s) + Cl2 (g)

বিদ্যুত শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ-

2H2o (l) -> 2H2o (g) + O2 (g)


13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ অপসৰণ আৰু দ্বি-অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হ’ল-

অপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে।

উদাহৰণ-

(i) CuSo4 + Zn à ZnSo4 + Cu

(ii)CuSo4 + Fe à FeSo4 + Cu

দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উতপন্ন কৰে।

উদাহৰণ-

(i) AgNo3 + NaCl à AgCl + NaNo3

(ii) AgNo3 + CuCl2 à AgCl + Cu(No3)2


14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্রিয়াটো লিখা ।

উত্তৰঃ 2AgNo3(aq) + Cu(s) à Cu(No3)2(aq) + 2Ag(s)


15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা ।

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়া অধঃক্ষেপ উতপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।


উদাহৰণ-

(i) ছিলভাৰ নাইট্ৰেটৰ এটা জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰিলে ছিলভাৰ ক্ল’ ৰাইডৰ এটা বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰেটৰ দ্ৰৱ উতপন্ন হয়।

 AgNo3(aq) + NaCl(aq) à AgCl(s) + NaNo3(aq)

(ii) ক‘পাৰ ছালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰ’জেন ছালফাইড গেছ যাব দিলে ক’পাৰ ছালফাইডৰ এটা ক’লা অধঃক্ষেপ আৰু হাইড্ৰ’জেন ছালফেটৰ দ্ৰৱ উতপন্ন হয়।       

CuSo4(aq) + H2S(g) à CuS(s) + H2So4(aq)


16.অক্সিজেন লাভ আৰু হেৰুৱা সংগাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।

(a) জাৰণ ।

(b) বিজাৰণ ।


উত্তৰঃ (a) জাৰণঃ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে।

যেনে-

(i) বায়ুৰ উপস্থিতিত কাৰ্বন জ্বলালে কাৰ্বন-ডাই-অক্সাইড উতপন্ন হয়।

C(g) + O2(g) > Co2(g)

(ii) অক্সিজেনৰ উপস্থিতিত মেগনেছিয়াম ফিতা জ্বলালে মেগনেছিয়াম অক্সাইড উতপন্ন হয়।

2Mg(s) + O2(g) > 2Mgo(s)

(b) বিজাৰণঃ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

যেনে-    

(i) CuO(s) + H2(g) > Cu(s) + H2o(l)

ইয়াত CuO ৰ পৰা অক্সিজেন অপসাৰিত হৈছে।

(ii)ZnO(s) + C(s) > Zn(s) + Co(g)

ইয়াত ZnO পৰা অক্সিজেন অপসাৰিত হৈছে।


17.এটা উজ্জ্বল মুগা ৰঙৰ মৌল ' X ' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল । মৌল ' X ' আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ।

উত্তৰঃ উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হ’ল ক’পাৰ (Cu)আৰু উতপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO).

2Cu(s)+ O2(g)> 2CuO(s)

‘X’ মৌল         ক’লা ৰঙৰ যৌগ


18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয় ?

উত্তৰঃ বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি ফেৰাছ ফেৰিক অক্সাইড উতপন্ন কৰে যাক আমি মামৰ বুলি কওঁ। এই মামৰে লোৰ বস্তোৰ ক্ষয়সাধন কৰে। সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো মামৰে ধৰাৰ পৰা ৰক্ষা পৰে আৰু বস্তুটো ক্ষয়প্ৰাপ্ত নহয় ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।


19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰঃ তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয়। নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে।


20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।

(a) ক্ষয়ীভৱন ।

উত্তৰঃ ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে- জলীয় বাস্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে- লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত ক’লা দাগ পৰা আদি।  


(b) চৰ্বিৰ দুৰ্গন্ধিতা ।

উত্তৰঃ তেল বা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ বাবে ৰাখি থ’লে এনে খাদ্য দ্ৰব্যত থকা তেল বা চৰ্বি বায়ুত অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধী আৰু বেয়া স্বাদযুক্ত হয়। ইয়াক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। যেনে- মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থৈ দিলে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়। 

class 10 General Science question answer seba class 10 seba General Science answers class 10 General Science seba seba class 10 General Science seba class 10 General Science notes General Science class 10 seba seba General Science class 10 seba class 10 General Science book pdf class 10 General Science notes seba seba class 10 General Science book seba class 10 General Science book english medium class 10 General Science book seba seba class 10 General Science syllabus seba General Science book class 1 seba class 10 General Science solution seba General Science class 10 solutions seba solutions for class 10 General Science seba solutions for class 10 General Science history class 10 seba General Science book class 10 seba General Science notes class 10 General Science syllabus seba seba class 10 General Science guide seba class 10 General Science notes pdf seba General Science class 10 history General Science class 10 ncert solutions seba General Science class 10 seba assamese General Science class 10 seba question paper class 10 seba General Science books class 10 General Science notes for seba ncert solutions for class 10 General Science seba seba board class 10 General Science book seba book of class 10 General Science seba book of class 10 General Science in pdf seba class 10 General Science mcq seba economics General Science chapter 2 class 10 seba General Science notes class 10 General Science class 10 of seba General Science class 10 seba board General Science for class 10 seba history answers General Science of class 10 seba question answer General Science text book class 10 ncert seba syllabus of General Science class 10 of seba syllabus of General Science class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us