Type Here to Get Search Results !

Class 10 Social Science Chapter 1 সমাজ বিজ্ঞান বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Class 10 Social Science Chapter 1 সমাজ বিজ্ঞান বংগ বিভাজন আৰু স্বদেশী আন্দোলন


অতি চমু উত্তৰৰ প্ৰশ্নঃ
) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ- লৰ্ড কাৰ্জনৰ শাসনকালত।


২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
উত্তৰঃ- ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।


৩) বিদেশী্ পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ- ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভা ত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল ǀ


৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ- ভূপেন্দ্ৰ নাথ দত্ত ǀ


৫) বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ– ১৯০৬ চনৰ ১১ মাৰ্চ ǀ


৬)‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?
উত্তৰঃ- আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় ǀ


৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?
উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল ǀ


৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?
উত্তৰঃ- ১৯১১ চনৰ ১২ ডিচেম্বৰত ǀ


চমু উত্তৰৰ প্ৰশ্নঃ
১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ǀ
উত্তৰঃ
 বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশ খনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে- ঢাকা, ছট্টগ্ৰাম আৰু ৰাজশাহী ǀ


২) বংগবিভাজনৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ǀ
উত্তৰঃ
– লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ǀ ব্ৰিটিছে বংগভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল ǀ


৩) বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ǀ
উত্তৰঃ
– ১৯০৩ চনৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকাৰী কৰালৈকে ; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল ǀবংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল ǀ


৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা ǀ
উত্তৰঃ-
 স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্হাৰ ওপৰত বাৰুকৈয়ে পৰিছিল ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল ǀ এই জাননীৰ বিৰোদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ǀ
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত The Dawn কাকত খনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ǀ তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪) আৰু কাৰ্লাইল জাননীৰ (১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল ǀ সেইবোৰ হৈছে –
1.বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট,১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
2.জাতীয় বিদ্যালয়,ৰংপুৰ(৮ নৱেম্বৰ,১৯০৫চন)
3.জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
4.বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
5.Banga Technical Institute ( পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল ǀ


৫) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশৰ কেনেদৰে হৈছিল ?
উত্তৰঃ
– স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল ǀ
সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা ,বিস্কুট ইত্যাদি ǀ ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ǀ
স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে-
১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ
১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ
১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ
১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত ( ১ আগষ্ট,১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল ǀ
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল ǀ ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা ৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল ǀ


৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?
উত্তৰঃ-
 স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপণ্হী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল ǀসেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি,পদক আৰু পদ প্ৰদান কৰিছিল ǀ
কংগ্ৰেছৰ উদাৰপণ্হী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ,ব্ৰিটিছ সংসদত সদস্য পদ,ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সহযোগিতা আশা কৰিছিল ǀ
তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে- সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগ ভংগ বিৰোধী অটল স্হিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল ǀ
বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ পদত্ত উপাধি,পদ,পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল ǀ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইটহুদ উপাধি চৰকাৰক ঘূৰাই দিছিল ǀ


৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা
উত্তৰঃ-
 স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলা সকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল ǀ
ক) জাতীয় শিক্ষাৰ বিকাশ –
স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্হাৰ ওপৰত বাৰুকৈয়ে পৰিছিল ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল ǀ এই জাননীৰ বিৰোদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল ǀ
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত The Dawn কাকত খনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ǀ তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন(১৯০৪) আৰু কাৰ্লাইল জাননীৰ (১৯০৫)ৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল ǀ সেইবোৰ হৈছে –
1.বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট,১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
2.জাতীয় বিদ্যালয়,ৰংপুৰ(৮ নৱেম্বৰ,১৯০৫চন)
3.জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
4.বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
5.Banga Technical Institute ( পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’, আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা হৈছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল ǀ
খ) জাতীয় শিল্পৰ বিকাশ
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল ǀ
সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল,ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ,সৰিয়হ, তেল, চাবোন, চেনী,জুইশলা ,বিস্কুট ইত্যাদি ǀ ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী ǀ
স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে-
১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা ‘স্বদেশী ভাণ্ডাৰ’
১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্টোৰচ
১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ
১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা ইউনাইটড বেংগল ষ্টোৰচ
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত ( ১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল,
আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাবধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু
জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল ǀ
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল ǀ ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ চি দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন ‘ভাৰতীয় উদ্যোগ সন্মিলন’ অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা ৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল ǀ
গ) স্বদেশী আন্দোলনত মহিলা সকলৰ সবল ভূমিকা-
1.ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ǀপুৰুষৰ সমানে মহিলা সকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল ǀ সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিমবংগত বীৰ অষ্টমী ব্ৰত , প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল ǀ
2.সৰলা দেৱী চৌধাৰীণীয়ে ‘ভাৰতী’ নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আঙাবান জনাইছিল ǀ
3.ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল ǀ
4.স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ ত (১৯০৭ চনৰ ১১ অক্টোবৰত ) প্ৰকাশ পাইছিল ǀ


৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ǀ
উত্তৰঃ-
 স্বদেশী আন্দোলনৰ অৱদান সমূহ হৈছে –
1) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় ǀ দেশৰ সমূহ জণগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হলে গণ আন্দোলনত যে বিজয় নিশ্চিত , সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল ǀ
2) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল ǀ স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল ǀ
3) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল ǀ আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল ǀ


চমু টোকা লিখাঃ
(১) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি ǀ স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টি ৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে ǀ
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয় ǀ ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয় ǀযদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে..ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ǀ‘জণ-গণ-মন অধিনায়ক’ শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ ǀকবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ‘ভাই ভাই এক ঠাই’ নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল ǀ
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছিল ǀতাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ‘স্বদেশী ভাণ্ডাৰ’ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল ǀ
ৰবীন্দ্ৰ নাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয়ভূমিকা পালন কৰিছিল ǀ স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে ǀ ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতা ৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R W Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল যাৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল ǀ ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি ছাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ǀ
ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ আৰু চাৰুদাস বন্দোপাধ্যায় ৰ লগত লগ লাদি The Dawn Society নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল ǀ


(২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা )
ভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল ǀ তেওঁ জন্ম হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত ǀ স্বদেশী আন্দোলনৰ সময়ত তেওঁ, নাৰী আৰু যুৱক যুৱতীসকলৰ মাজৰত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ǀ ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হবলৈ শিকাইছিল ǀ এইগৰাকী মহিয়সী নাৰীয়ে ১৯১১ চনত মৃত্যুবৰণ কৰে ǀ


(৩) নবাব ছলিমউল্লা
স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নৱাব আছিল ছলিমউল্লা ǀ লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল ǀ সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুতৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল ǀ
১৯০৬ চনত ৩০ ডিচেম্বৰ ত নৱাব ছলিমউল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি ‘সৰ্বভাৰতীয় মুছলীম লীগ’ গঠন কৰিছিল ǀ ‘মুছলীম লীগ’গ ঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়,শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিব ǀতেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন হব লাগিব ǀ

class 10 Social Science question answer seba class 10 seba Social Science answers class 10 Social Science seba seba class 10 Social Science seba class 10 Social Science notes Social Science class 10 seba seba Social Science class 10 seba class 10 Social Science book pdf class 10 Social Science notes seba seba class 10 Social Science book seba class 10 Social Science book english medium class 10 Social Science book seba seba class 10 Social Science syllabus seba Social Science book class 1 seba class 10 Social Science solution seba Social Science class 10 solutions seba solutions for class 10 Social Science seba solutions for class 10 Social Science history class 10 seba Social Science book class 10 seba Social Science notes class 10 Social Science syllabus seba seba class 10 Social Science guide seba class 10 Social Science notes pdf seba Social Science class 10 history Social Science class 10 ncert solutions seba Social Science class 10 seba assamese Social Science class 10 seba question paper class 10 seba Social Science books class 10 Social Science notes for seba ncert solutions for class 10 Social Science seba seba board class 10 Social Science book seba book of class 10 Social Science seba book of class 10 Social Science in pdf seba class 10 Social Science mcq seba economics Social Science chapter 2 class 10 seba Social Science notes class 10 Social Science class 10 of seba Social Science class 10 seba board Social Science for class 10 seba history answers Social Science of class 10 seba question answer Social Science text book class 10 ncert seba syllabus of Social Science class 10 of seba syllabus of Social Science class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us