Type Here to Get Search Results !

hold it

 উত্তৰঃ  ‘শিশু – লীলা ’ ঘােষাটি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে ৰচনা কৰিছিল ।


( খ ) ‘শিশুলীলা’ ত কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ  ‘ শিশু লীলা’ ত ভগৱান শ্রীকৃষ্ণৰ শিশু কালৰ কথা কোৱা হৈছে ?

 ( গ ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল ?

How to Apply for OIL India Limited Recruitment 2023


 উত্তৰঃ শিশু কৃষ্ণই বলাই আৰু গােপশিশুসকলৰ লগত খেলিছিল । 

( ঘ ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল ?

 উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল ।

 ( ঙ ) গােপশিশুসকলে যশােদাক কি গােচৰ দিছিল ? 

উত্তৰঃ গােপশিশুসকলে যশােদাক ‘কৃষ্ণে মাটি এক দল ’ খােৱা বুলি গােচৰ দিছিল । 

( চ ) গােপবালক সকলৰ কথা শুনি যশােদাই কি কৰিলে ? 

উত্তৰঃ গােপবালক সকলৰ কথা শুনি যশােদাই পুত্রক হাতত ধৰি আনি কিয় মাটি খালি , ‘ কোবাই আজি তােৰ ফাৰিবাে ছাল ’ বুলি কৈছিল ।

 ( ছ ) বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পর্ক কি ?

উত্তৰঃ  বলাই বুলি বলােৰামক কোৱা হৈছে । আৰু  কৃষ্ণৰ লগত তেওঁৰ সম্পর্ক হ’ল বলোৰাম কৃষ্ণৰ ডাঙৰ ককায়েক অর্থাৎকৃষ্ণৰ দাদা । 


প্রশ্ন ২। কোনে কাক , কিয় কৈছিল লিখা । 

( ক ) কেনে মাটি খাইলি অৰে গােপাল । 

        কোবাই আজি তােৰ ফাৰিবাে ছাল । 

উত্তৰঃ  গােপশিশুসকলে যেতিয়া যশােদাক শিশু কৃষ্ণই খেলি থাকোতে মাটি খােৱা বুলি গােচৰ দিলেহি তেতিয়া মাক যশােদাই কৃষ্ণক এনেদৰে কৈছিল ।

Other Eligibility Criteria for OIL India Limited Recruitment 2024


 ( খ ) মাতন্ত কৃষ্ণে যশােদাক চাই

         মিছা মাতে সবে শুনিয়াে আই ৷৷

উত্তৰঃ  লগৰীয়াসকলৰ লগত খেলি থাকোঁতে কৃষ্ণই মাটি খােৱা কথাটো যেতিয়া মাক – যশােদাক গােপশিশুসকলে কলেহি তেতিয়া যশােদাই খঙতে কৃষ্ণৰ হাতত ধৰি লৈ কিয় মাটি খালি আজি তােৰ কোবাই ছাল ফালিম বুলি ক’লে । মাক – যশােদাৰ কথা শুনি ভয়ে ভয়ে মাকৰ ফালে কৃষ্ণই চাই এনেদৰে কৈছিল যে তেওঁ মাটি খােৱা কথাটো সিহঁতে মিছায়ে কৈছে ।


 প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

              যশােদা সুন্দরী দেখ পাছে । 

              সমস্ত জগত গৰ্ভতে আছে । 

উত্তৰঃ উদ্ধৃত কবিতা ফাকি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ বিৰচিত ‘ শিশুলীলা ঘােষাটিৰ অন্তর্গত । শিশু কৃষ্ণই মাটি নােখােৱাৰ কথাটো মাক যশােদাই বিশ্বাস নকৰাত মাকক বিশ্বাস  জন্মাবলৈ যেতিয়া কৃষ্ণই মুখ মেলি দেখুৱালে তেতিয়া মাকে কৃষ্ণৰ মুখৰ ভিতৰত কি দেখিলে তাকে এই কবিতা ফাকিৰ জৰিয়তে প্ৰকাশ

 কৰিছে ।

       গােপশিশুসকলৰ লগত খেলি থাকোতে এদিন শিশু কৃষ্ণই মাটি খালে । তেতিয়া গােপ শিশুসকলে কৃষ্ণৰ মাক যশােদাক কৃষ্ণই মাটিখােৱা বুলি গােচৰ দিলেহি । মাকে , খঙতে কৃষ্ণৰ হাতত ধৰি যেতিয়া কিয় মাটি খালি , তােৰ আজি কোবাই ছাল চিঙিম বুলি কলে তেতিয়া কৃষ্ণই মাটি খােৱা নাই , গােপশিশুসকলে মিছাতে লগাইছেহি বুলি ক’লে ।

তথাপিও মাক যশােদাই বিশ্বাস নকৰাত কৃষ্ণই মাকক মুখ মেলি দেখুৱালে । যশােদাই কৃষ্ণৰ মুখৰ ভিতৰলৈ চাই দেখিলে সমস্ত বিশ্ব ব্রহ্মাণ্ড কৃষ্ণৰ পেটৰ ভিতৰতে আছে । তাকে দেখি যশােদাৰ হুচ আহিল তেওঁ পুত্র সাধাৰণ নৰ শিশু নহয় , স্বয়ং নাৰায়ণ তেওঁৰ গৰ্ভত পুত্ৰৰূপে জন্মিছেহি ; এওঁ স্বয়ং ভগৱান ।


 প্রশ্ন ৪। খালী ঠাই পূৰ কৰা : 

 উত্তৰ:-

( ক )    যত গােপশিশু বলাই আদি ।

   সবে ভৈল গৈয়া কৃষ্ণৰ বাদী ।

যশােদাৰ আগে দিলেক খল 

খাইলন্ত কৃষ্ণে মাটি এক দল । 

( খ ) শুনিয়া কৃষ্ণৰ হৰিল মাত । 

চক্ষু টেৰ কৰি মাৱক চান্ত । 

ভয়তে যেন কাম্পৈ হাত – ভৰি ।

যশােদা দেখে পুত্র গৈল ডৰি ।।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us