Type Here to Get Search Results !

SEBA Class 9 Geography Chapter 8: উদ্যোগ All Questions & Answers

SEBA Class 9 Geography Chapter 8: উদ্যোগ All Questions & Answers


উদ্যোগ


১। শ্রেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্রেণী বিভক্ত কৰা ।

উত্তৰঃ প্রতিষ্ঠানৰ আকাৰ, ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ভিত্তিত উদ্যোগসমূহক তলত দিয়া ধৰণে শ্রেণী বিভক্ত কৰিব পাৰি।

আকাৰ অনুযায়ী উদ্যোগসমূহক প্রধানকৈ তিনিপ্ৰকাৰৰ হ'ব পাৰে— 

    (ক)ঘৰুৱা উদ্যোগ, 

    (খ) ক্ষুদ্র উদ্যোগ আৰু 

    (গ) বৃহৎ উদ্যোগ।

ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্রধানকৈ পাঁচ ভাগত ভগাব পাৰি— 

    (ক) কৃষিভিত্তিক উদ্যোগ, 

    (খ) খনিজ সম্পদভিত্তিক উদ্যোগ, 

    (গ) ৰসায়নিক দ্রব্যভিত্তিক উদ্যোগ, 

    (ঘ) বনজ সম্পদভিত্তিক উদ্যোগ আৰু 

    (ঙ) প্রাণীভিত্তিক উদ্যোগ।

উৎপাদিত দ্রব্যৰ ভিত্তিত উদ্যোগ প্রধানকৈ দুই প্রকাৰৰ হ’ব পাৰে

    (ক) মৌলিক উদ্যোগ আৰু 

    (খ) উপভোগ্য বস্তুৰ উদ্যোগ।

প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ আকৌ তিনি প্ৰকাৰৰ হ’ব পাৰে– 

    (ক) ৰাজহুৱা খণ্ডৰ উদ্যোগ, 

    (খ) ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু 

    (গ) যৌথ খণ্ডৰ উদ্যোগ।


২। ঘৰুৱা উদ্যোগ কি ? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনে ধৰণৰ সামগ্রী তৈয়াৰ কৰা হয়।

উত্তৰঃ ঘৰুৱা উদ্যোগ  অতি ক্ষুদ্র আকাৰৰ উদ্যোগ । সাধাৰণতে ঘৰতে পৰিয়ালৰ মানুহে এই উদ্যোগ গঢ়ি তোলে। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্রপাতি বা পৰম্পৰাগত কৌশল প্রয়োগেৰে এই উদ্যোগে বস্তু উৎপাদন কৰে । উৎপাদিত বস্তু সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় বা স্থানীয় বজাৰত বিক্রী কৰা হয় ।

ঘৰুৱা উদ্যোগ ৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ হৈছে- মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্তু, আচবাব, আ-অলংকাৰ আদি ঘৰুৱা উদ্যোগৰ দ্বাৰা উৎপাদিত দ্রব্য।


৩। ক্ষুদ্র আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা।

উত্তৰঃ-
ক্ষুদ্র উদ্যোগ বৃহৎ উদ্যোগ
১) ক্ষুদ্র উদ্যোগত শ্ৰমিকৰ সংখ্যা সীমিত আৰু মূলধনৰ বিনিয়োগ কম। ১) বৃহৎ উদ্যোগত প্ৰয়োজনীয় শ্ৰমিকৰ সংখ্যা বেছি আৰু এইবোৰত অধিক পৰিমাণৰ মূলধনৰ বিনিয়োগৰ প্ৰয়োজন ।
২) সাধাৰণতে থলুৱা কেঁচামাল আৰু শ্ৰমিকৰ ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে । ২) বৃহৎ উদ্যোগত বিভিন্ন ধৰণৰ কেঁচামালৰ প্ৰয়োজন হয় ǀ ইয়াৰ লগতে শ্ৰমিকসকল উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰী ǀ
৩) ক্ষুদ্র উদ্যোগে স্থানীয় লোকৰ আর্থিক বিকাশ আৰু ক্ৰয় শক্তি বৃদ্ধিত সহায় কৰে। ৩) বৃহৎ উদ্যোগবোৰে দেশৰ চাহিদা পূৰণ কৰাৰ উপৰিওআন্তজাৰ্তিক বজাৰৰ চাহিদাও পূৰণ কৰে ǀ


৪। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা ।

উত্তৰঃ কৃষিভিত্তিক উদ্যোগ ও কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ  বোলে ǀ

ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰখাৰ উদ্দেশ্যে কৃষিজাত সামগ্রীবোৰক কিছু পৰিমাণে হলেও শোধন কৰাৰ প্রয়োজন হয়। ইয়াৰ কাৰণেই ধান কল, ঘেঁহু কল, চেনি কল, পানীয় (চাহ, কফি আদি) উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি গঢ়ি উঠিছে। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্যাপক পৰিমাণে হয় কাৰণে সেইবোৰ অন্য ঠাইলৈ ৰপ্তানিৰ উদ্দেশ্যেও কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে।


৫। খনিজ সম্পদভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া।

উত্তৰঃ খনিজ সম্পদভিত্তিক উদ্যোগ ৰ প্রধান কেঁচামাল হৈছে বিভিন্ন প্রকাৰৰ খনিজ সম্পদ। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী স্বাভাৱিকতে তাতেই এনে ধৰণৰ উদ্যোগ গঢ়ি উঠে। অৱশ্যে আজিকালি পৰিবহণৰ সুবিধা বাঢ়ি অহাৰ কাৰণে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱ হৈ উঠিছে। (লো-তীখা, এলুমিনিয়াম, তাম, পেট্রোলিয়াম আদিৰ উৎপাদন খনিজ সম্পদভিত্তিক উদ্যোগ ǀ


৬। মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা।

উত্তৰঃ যিবোৰ উদ্যোগে অন্য উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামাল উৎপাদন কৰে ,সেইবোৰ  উদ্যোগক মৌলিক উদ্যোগ বোলে ǀ

লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয় কাৰণ এই উদ্যোগে যন্ত্রপাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্রপাতিবোৰে আকৌ অন্য বস্তু বা সামগ্রী উৎপাদনত সহায় কৰে । 


৭। উদ্যোগৰ অৱস্থান নিয়ন্ত্রণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া।

উত্তৰঃ  উদ্যোগ নিয়ন্ত্ৰণকাৰী কাৰকসমূহ হৈছে- শক্তি, অনুকূল প্ৰাকৃতিক পৰিবেশ, শ্ৰমিক, বজাৰ আৰু  পৰিবহনৰ সু-ব্যৱস্হা ǀ

ক) শক্তিঃ- উদ্যোগ এটা চলিবলৈ শক্তি অপৰিহাৰ্য ǀ যিবোৰ অঞ্চলত শক্তি সহজলভ্য সেইবোৰ অঞ্চলত উদ্যোগ  সহজে স্হাপন কৰিব পাৰি ǀ  সেয়ে- কয়লা, খাৰুৱা তেল, জলবিদ্যুত উৎপাদন হোৱা অঞ্চলৰ আশে পাশে উদ্যোগৰ অৱস্হান দেখা যায় ǀ

খ)  অনুকূল প্ৰাকৃতিক পৰিবেশঃ-  উদ্যোগ এটা বৰ্তি থাকিবলৈ অনুকূল প্ৰাকৃতিক পৰিবেশৰ প্ৰয়োজন হয় ǀ অতি উষ্ণ বা শীত প্ৰধান অঞ্চল, বানপানী বা ভূঁইকপ জৰ্জৰিত অঞ্চলবোৰত উদ্যোগৰ অৱস্হান কম হোৱা দেখা যায় ǀ অনুকূল প্ৰাকৃতিক পৰিবেশ (নাতিশীতোষ্ণ অঞ্চল)ৰ বাবে ইউৰোপৰ ৰাষ্ট্ৰবোৰ উদ্যোগিক দিশত অন্য ৰাষ্ট্ৰতকৈ আগবঢ়া   ǀ

গ) শ্ৰমিকঃ- উদ্যোগৰ বাবে শ্ৰমিক অপৰিহাৰ্য ǀ উন্নত বৈজ্ঞানিক প্ৰযুক্তিৰ জৰিয়তে আজিৰ দিনত বহুতো কাম সমাধা কৰিব পাৰি যদিও সেইবোৰে শ্ৰমিকৰ স্হান ল’ব পৰা নাই ǀ 
  
ঘ) বজাৰঃ- উদ্যোগ এটাত উৎপাদিত সামগ্ৰীসমূহ বজাৰৰ আৱশ্যক হয় ǀ সেই বজাৰ উদ্যোগটোৰ আশেপাশে নাইবা দূৰৈতো থাকিব পাৰে ǀ এসময়ৰ ইউৰোপৰ ইংলেণ্ড, নেদাৰলেণ্ড, ফ্ৰান্স আদি দেশবোৰে বজাৰ দখলৰ বাবে বিশ্বজুৰি নিজ নিজ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ দৌৰত লিপ্ত হৈছিল ǀ 

ঙ) পৰিবহনৰ সু-ব্যৱস্হাঃ- উদ্যোগৰ বাবে পৰিবহনৰ সু-ব্যৱস্হা থকাতো প্ৰয়োজনীয় ǀ উন্নত পৰিবহন ব্যৱস্হা থাকিলে উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ দূৰ দূৰণিলৈ সহজে প্ৰেৰণ কৰিব পাৰি তাৰোপৰি প্ৰয়োজনীয় কেঁচামাল ওচৰত উপলব্ধ নহলেও অন্য ঠাইৰ পৰা অনাত অসুবিধা নহয় ǀ


৮। উদ্যোগৰ অৱস্থানত কেঁচামালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি লিখা।

উত্তৰঃ  সকলো উদ্যোগতে  কেঁচামাল প্ৰয়োজন হয় । কেঁচামাল বহুতো উৎসৰ পৰা পাব পাৰি । কিছুমান কেঁচামাল গধুৰ । অন্য কিছুমান আপেক্ষিকভাবে পাতল, কিন্তু সোনকালে নষ্ট হয় । অন্য কিছুমানৰ উৎপাদন প্রক্রিয়াৰ মাজেদি যাওঁতে পূর্বৰ ওজন বহু পৰিমাণে কমি যায় । এইবোৰক ওজন কমা (weight loosing) কেঁচামাল বুলি ক'ব পাৰি।  সেয়েহে কেঁচামালৰ উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধূৰ লোৰ আঁকৰ হোৱাৰ কাৰণে ইয়াৰ উদ্যোগ সাধাৰণতে লােৰ আঁৰৰ উৎসস্থানৰ ওচৰতে প্রতিষ্ঠা কৰা হয়। ইয়াৰ ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়নশিল্পৰ প্রধান কেঁচামাল কপাহৰ ওজন লঘূ হোৱাৰ লগতে উৎপাদন প্রক্রিয়াত কপাহৰ দৰে কেঁচামালে বিশেষ ওজন নেহেৰুৱায়। সেই বাবে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ'বও পাৰে। সেইদৰে চেনী শিল্পৰ প্রধান । কেঁচামাল কুঁহিয়াৰ হোৱাৰ কাৰণে এইবিধ শিল্প কুঁহিয়াৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে অৱস্থিত হলে সুবিধা বেছি । সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থকা কেঁচা কুঁহিয়াৰ বেছি দূৰলৈ কঢ়িওৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা থাকে। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে।


৯। ভাৰতৰ লো-তীখা উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ লো- তীখাৰ বৃহৎ উদ্যোগবোৰ সাধাৰণতে ইয়াৰ কেঁচামাল, যেনে— লোৰ আকৰ, কয়লা, মেংগানিজ আৰু চূণশিলৰ উৎস স্থানৰ ওচৰতে প্রতিষ্ঠা কৰা হয় ।লো-তীখৰ ক্ষুদ্র উদ্যোগবোৰ বজাৰৰ ওচৰতো গঢ়ি উঠিব পাৰে। এই উদ্যোগবোৰ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুজিৰ প্ৰয়োজন হয় আৰু সেই কাৰণে লো তীখাৰ উদ্যোগবোৰ  পৃথিৱীৰ উন্নত দেশবোৰতহে উপলব্ধ ǀ 

ভাৰতত পৰম্পৰাগত পদ্ধতিৰে  লোৰ সামগ্ৰী  প্রস্তুত কৰি অহাৰ প্ৰমাণ পোৱা যায়।  দেশত ইয়াৰ আধুনিক ঔদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত । জামছেদপুৰত জে. এন. টাটাই লো-তীখাৰ প্ৰথমটো উদ্যোগ প্রতিষ্ঠা কৰিছিল। ভাৰতৰ লো-তীখাৰ উদ্যোগ প্রধানকৈ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা আৰু ছাট্টিছগড়ক সামৰি থকা প্রখ্যাত মণিক অঞ্চলটোতে সিচৰিত হৈ আছে। লো-তীখা শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় কাৰণে ইয়াতে এইবিধ উদ্যোগ কেন্দ্রীভূত হৈছে। অৱশ্যে পৰৱৰ্তীকালত দক্ষিণ ভাৰতৰ কৰ্ণাটক আৰু তামিলনাড়ুতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠে। দেশখনৰ প্ৰধান লো-তীখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে— দুর্গাপুৰ, বার্ণপুৰ, জামছেদপুৰ, আছানশোল, বোকাৰো, ৰুৰকেলা আৰু ভিলাই। দক্ষিণ বাৰতৰ ছালেম আৰু ভদ্ৰাৱতীতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে। লো-তীখা উদ্যোগৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে অন্যতম উল্লেখযোগ্য দেশ। ভাৰতত বর্তমানে বছৰি ৩০ নিযুত মেট্রিক টনৰো অধিক তীখা উৎপাদিত হয়। বছৰি দেশখনত কেঁচা লো উৎপাদনো  চাৰি নিযুত মেট্রিক টনৰো অধিক। 


১০। ভাৰতৰ কপাহী বয়ন শিল্পৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ বয়ন উদ্যোগবোৰৰ ভিতৰত কপাহী বয়ন উদ্যোগৰ বিশেষ স্হান আছে । অৱশ্যে বৰ্তমান সময়ত কৃত্রিম সূতা ব্যৱহাৰ কৰি কাপোৰ প্ৰস্তুত কৰা উদ্যোগবোৰে এই উদ্যোগক গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছে। কপাহী বয়ন উদ্যোগৰ প্রধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ । কপাহ হৈছে এবিধ ওজন নেহেৰুওৱা কেঁচামাল । সেয়ে ইয়াৰ উদ্যোগৰ অৱস্থান কেচাঁমালৰ উৎস স্থানতেই হওঁক বা বজাৰৰ ওচৰতেই হওঁক পৰিবহন ব্যয়ৰ বিশেষ পাৰ্থক্য নঘটে ǀ অন্যান্য কাৰক যেনে—শক্তি, শ্রমিক, অনুকূল প্রাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদিয়ে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে । ভাৰতৰ বিভিন্ন ৰাজ্য যেনে- গুজৰাটৰ- আহমেদাবাদ, ৰাজকোট, চুৰাট, পোৰবন্দৰ; মহাৰাষ্ট্ৰৰ- পুনে, মুম্বাই, কোলাহপুৰ, ঔৰঙ্গাবাদ; মধ্যপ্ৰদেশৰ- উজ্জয়িনী, ইন্দোৰ, নাগপুৰ ; পশ্চিমবঙ্গৰ- কলকতা,হাওৰা,হুগলী,মুৰ্চিদাবাদ; তামিলনাডুৰ –হালেম, চেন্নাই, মাদুৰাই; কৰ্ণাটকৰ –বেংগলুৰু, মহীশূৰ; অন্ধপ্ৰদেশৰ –হায়দৰাবাদ ত কপাহী বয়ন উদ্যোগ অৱস্হিত ǀ


১১। ভাৰতৰ মানচিত্র এখন আঁকি তাত তিনিটা লো-তীখাৰ উদ্যোগ আৰু তিনিটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা।

উত্তৰঃ 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us