Type Here to Get Search Results !

SCERT Class 8 Assamese Chapter 7: বস্ত বিজ্ঞান অধ্য়য়ন All questions and answers || অষ্টম শ্ৰেণী অসমীয়া ৭ নং পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ

SCERT Class 8 Assamese Chapter 7: বস্ত বিজ্ঞান অধ্য়য়ন All questions and answers || অষ্টম শ্ৰেণী অসমীয়া ৭ নং পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ

Class 8 Assamese Questions Answers। SCERT: মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, SaraAxom.in লৈ তোমালোকক স্বাগতম, আজি এই প্ৰবন্ধটোত, আমি অষ্টম শ্ৰেণীৰ SCERT শিক্ষাৰ্থীসকলৰ বাবে অতি লাগতিয়াল কিছুমান প্ৰশ্নৰ উত্তৰ লৈ আহিছো। যদি আপুনি গুগলত অষ্টম শ্ৰেণীৰ অসমীয়া সাহিত্যৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে তেন্তে আপুনি সঠিক ৱেবছাইটত আহিছে ইয়াত আমি অষ্টম শ্ৰেণীৰ অসমীয়া প্ৰবন্ধৰ সপ্তম অধ্যায়ৰ সকলো প্ৰশ্নৰ উত্তৰ তলত বহলাই প্ৰদান কৰিছো।

Chapter 7:

বস্ত বিজ্ঞান অধ্য়য়ন

কবি – সত্যনাথ বৰা


 প্রশ্ন ১। উত্তৰ দিয়া :

 ( ক ) বিজ্ঞানশাস্ত্র কিহৰ ভঁৰাল ? 

উত্তৰঃ বিজ্ঞান শাস্ত্র জ্ঞানৰ ভঁৰাল ।

 ( খ ) বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে ? 

উত্তৰঃ বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিবলৈ ধৰিছে ।

 ( গ ) বিজ্ঞান-চর্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে ?

উত্তৰঃ বিজ্ঞান চর্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰিছে ।

 ( ঘ ) উদ্‌গতি পথত কিহে বাধা দিয়ে ?

 উত্তৰঃ জাতীয় কু-সংস্কাৰে জাতীয় উদ্‌গতিৰ পথত আৰু ব্যক্তিৰ কু – সংস্কাৰে ব্যক্তিৰ উদ্‌গতিৰ পথত বাধা দিয়ে ।

 ( ঙ ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে ? 

উত্তৰঃ  ধনগুলৈক প্রেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে । 

( চ ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?

উত্তৰঃ  হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে । 

( ছ ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায় ? 

উত্তৰঃ বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায় ।


 প্রশ্ন ২। ‘ধনগুলৈ’ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা ।

উত্তৰঃ পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায় । সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে। ইয়াকে ধনগুলৈ বােলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈয়ে হয় ।


 প্রশ্ন ৩। ‘প্রতিধ্বনি ’ কেনেকৈ হয় ?

 উত্তৰঃ হাবিয়নিত বা পাহাৰ , নৈৰ গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবােৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে । ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈয়ে প্ৰতিধ্বনি হয় ।

খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে । ইয়াকে প্রতিধ্বনি বােলে আৰু এনেকৈয়ে প্রতিধ্বনি হয় ।


 প্রশ্ন ৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভৰাল বুলি কোৱা হয় ? 

উত্তৰঃ বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে । ৰে’ল , জাহাজ , টেলিফোন , ফটোগ্রাফ , ফনােগ্রাফ , গ্রামােফোন , অণুবীক্ষণ , দূৰবীক্ষণ ; সম্প্রতি ওলােৱা বিমান , নানাবিধ ঔষধ আৰু নানাৰকৰম চিকিৎসা প্রণালী এই আটাইবিলাক বিজ্ঞান চর্চাৰ ফল । বিজ্ঞান চর্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি । সেই কাৰণেই বিজ্ঞান শাস্ত্রক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় । 


প্রশ্ন ৫। বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে ?

উত্তৰঃ বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন , গ্রামােফোন , ফণােগ্রাফ আদি যন্ত্র আৱিষ্কাৰ কৰিছে । 


প্রশ্ন ৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ৷

 ( ক ) কুসংস্কাৰ উদগতিৰ পথৰ এটা বাধা ।

 উত্তৰঃ কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা   ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠৰ পৰা তুলি অনা হৈছে । মানুহৰ মাজত চলি অহা সকলাে বিশ্বাসেই যে সঁচা নহয় , বিজ্ঞানে তাৰ সঁচা – মিছা প্রমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে । 

            প্রাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমানাে সঁচা বুলি বিশ্বাস কৰি আহিছে । এইবােৰকে কু – সংস্কাৰ বােলে ৷ এনে জাতীয় কুসংস্কাৰে জাতীয় উদ্‌গতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে ।

এই কু-সংস্কাৰবােৰ আঁৰাবলৈ বিজ্ঞানে বর্তমান অহৰহ চেষ্টা কৰি আহিছে । কাৰণ বিজ্ঞানে এইবােৰৰ সঁচা – মিছা নিৰূপণ  কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে । 

( খ ) বিজ্ঞান শাস্ত্র জ্ঞানৰ ভৰাল । 

উত্তৰঃ এই কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ৷ বর্তমান বিজ্ঞানে মানুহক কিমান জ্ঞানৰ খবৰ দি আহিছে , মানুহৰ কিমান উপকাৰ কৰিছে তাৰ কথা ক’বলৈ যাওঁতেই পাঠটিত এনেদৰে উল্লেখ কৰিছে ।

          বিজ্ঞানে সকলাে ধৰণৰ জ্ঞান প্রদান কৰিব পাৰে । বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে । বিজ্ঞানে প্রকৃতিৰ গুপ্ততত্ত্ব ভেদ

কৰিব পাৰে । অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ উদ্ঘাটন কৰিব পাৰে । ৰেল , জাহাজ , টেলিফোন , টেলিগ্রাফ , ফনােগ্রাফ , গ্রামােফোন , অণুবীক্ষণ , দূৰবীক্ষণ , সম্প্রতি ওলােৱা বিমান , যান-বাহন , নানাবিধ ঔষধী ‘ আৰু চিকিৎসা প্রণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল ।

আজি মানুহৰ জীৱন ধাৰণৰ সকলো দিশতে বিজ্ঞানৰ অৱদান আছে । সেই কাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হৈছে ।

(গ ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞানৰ ফল ।

উত্তৰঃ  এই কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা ‘বস্তু বিজ্ঞান অধ্যয়ন ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । মানৱ জাতিৰ ওপৰত বর্তমান বিজ্ঞানৰ প্ৰভাৱ সম্পর্কে ক’বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰিছে ।

       বিজ্ঞানশাস্ত্র হ’ল জ্ঞানৰ ভঁৰাল । ইয়াৰ দ্বাৰা মানুহৰ মাজত চলি অহা কু – সংস্কাৰবােৰ আঁতৰ কৰাৰ উপৰি প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰি মানুহৰ মাজত প্রকৃত সত্যটো প্রকাশ কৰিছে । সমাজৰ সকলাে বাধা আঁতৰাই উদগতিৰ পথত বাট বুলিবলৈ বিজ্ঞানে শিক্ষা দিছে ।

মানুহে আগৰ বেয়া কথা , বেয়া চিন্তা , কু-সংস্কাৰ আদি আঁতৰাই লাহে-লাহে সভ্যতাৰ পথত আগবাঢ়িছে । অদ্ভুত অদ্ভুত কাম কৰি , আৱিষ্কাৰ কৰি মানুহৰ প্ৰয়ােজনীয় সকলাে সামগ্রী নির্মাণৰ সহায় কৰি মানৱ সভ্যতাক সকলাে ফালৰ পৰাই আগুৱাই লৈ গৈছে । 

( ঘ ) সকলােৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত । 

উত্তৰঃ এই কথাফাকি ‘সত্যনাথ বৰাদেৱে’ ৰচনা কৰা ‘বস্তু বিজ্ঞান অধ্যয়ন ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । বিজ্ঞানবিদসকলৰ বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পর্কে ক’বলৈ যাওঁতে পাঠটিত এই কথাফাকি উল্লেখ কৰিছে ।

         বিজ্ঞান শাস্ত্র নানাবিধ আছে । সকলােবিধৰ সম্পূর্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা । সেইদেখি মানুহে এবিধ বিজ্ঞানৰ মাথােন চর্চা কৰে । আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল । কিন্তু এটা বিষয় সম্পূর্ণ জ্ঞান লাভ কৰিবলৈ সকলাে বিষয়ৰ অলপ অলপ জানিব লাগে।

সকলােৰে অলপ অলপ জানিলেহে এটাৰ সম্পূর্ণ জনাত সহায় হয় । এতেকে আগেয়ে সকলাে বিষয়ৰ অলপ অলপ জ্ঞান গােটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব পাৰে । 


প্রশ্ন ৭। বহলাই লিখা ।

 ( ক ) পাঠৰ সহায়ত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবােৰ দূৰ কৰিব পাৰি লিখা ।

উত্তৰঃ পাঠত উল্লেখ কৰিছে যে বহুতাে চহা মানুহে ধনগুলৈক প্রেতৰ মায়া বুলি বিশ্বাস কৰে , কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে । এইবিলাক সামান্য কু – সংস্কাৰৰ দৃষ্টান্ত মাথােন । ইয়াতকৈও গুৰুতৰ বিষয়ত মানুহৰ কু – সংস্কাৰ আছে ।

ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্রথা কু – প্রথা । বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি । বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সিঁচা মিছা ভাল-বেয়া ন্যায়-অন্যায় বুজিব পাৰি ।

(খ ) ‘বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয়’– যুক্তিৰে তোমাৰ  মতামত দাঙি ধৰা । 

উত্তৰঃ বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি , অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি । আমাৰ সমুখত নানা ঘটনা ঘটে । যেনে— ঢােলত কোব মাৰিলে শব্দ উঠে , হাবিয়নিত চিঞৰিলে প্রতিধ্বনি হয় ।

এইবিলাক ঘটনা আমি দিনে – নিশাই দেখি আছো; কিন্তু কাৰণ সুধিলে আমি ক’ব নােৱাৰো । বিজ্ঞান শাস্ত্র অধ্যয়ন কৰিলে এই বিলাক ঘটনাৰ কাৰণ জনা যায় । বিজ্ঞান শাস্ত্র অধ্যয়নৰ দ্বাৰা আজি ৰেল , জাহাজ , বিমান , বিভিন্ন যান-বাহন , টেলিফোন , গ্ৰামােফোন , ফটোগ্রাফ , ফনােগ্রাফ , দূৰবীণ , অণুবীক্ষণ , নানাবিধ ঔষধ নানা ধৰণৰ চিকিৎসা প্রণালী – ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে ।

আচলতে মনুষ্য জাতিৰ বর্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্র অধ্যয়নৰ ফল । 


খ – ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

 প্রশ্ন ৮।  তলৰ শব্দকেইটা প্রত্যয় ভাঙি দেখুওৱা ।

 ৰােৱনী , ৰান্ধনি , নাৱৰীয়া , মৰমীয়াল , পনীয়া , জোনালী , দয়ালু , ধৰুৱা । 

উত্তৰঃ          

ৰােৱনী     =    ৰাে + অনী । 

ৰান্ধনি      =    বান্ধ + + অনি ।

নাৱৰীয়া   =    নাও + অৰীয়া ।

মৰমিয়াল  =    মৰম + ইয়াল ।

পনীয়া      =    পানী + ইয়া ।

জোনালী    =    জোন + আলী ।

দয়ালু       =     দয়া + আলু

ধৰুৱা       =    ধাৰ + উৱা ।


প্রশ্ন ৯। ৰচনা লিখা । 

( ক ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ( আৰম্ভণি , মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে , বিজ্ঞানৰ অৱদান , অপকাৰ , মন্তব্য । )

 ( ক ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ 

উত্তৰঃ আৰম্ভণি :- বর্তমান যুগত বিজ্ঞানৰ অভূতপূর্ব সাফল্যই মানুহক অফুৰন্ত ক্ষমতাৰে ক্ষমতাশালী কৰি তুলিছে । মানুহে আজি বিজ্ঞানৰ বলত অসম্ভৱকো সম্ভৱ কৰিছে । প্রকৃতি ৰাজ্যত সংঘটিত ঘটনাৰ কাৰণ নির্ণয় কৰি প্ৰকৃতিৰ গুপ্ত ৰহস্য ভেদ কৰিছে ।

আনকি বিজ্ঞানৰ বলত মানুহে টেষ্ট টিউবত মানৱ শিশু জন্ম দিব পাৰিছে । মানুহৰ এই কামবােৰ যেন ভগৱানৰ সৃষ্টি ৰহস্য ভেদ কৰাৰ বাবে মানুহৰ প্ৰত্যাহ্বান । 

মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে :- বিজ্ঞানে মানুহৰ দৈনন্দিন জীৱনৰ প্রয়ােজনীয় নানান সা – সঁজুলি , যন্ত্রপাতি , যানবাহন , খাদ্য – সামগ্ৰীৰ যােগান ধৰি জীৱনক সুখ – সুবিধা ভৰা , আৰামসর্বস্ব , আমােদময় কৰি তুলিছে । বিজ্ঞানে আগবঢ়োৱা এই সুবিধা আজিৰ মানুহে গ্ৰহণ নকৰাকৈ থাকিব পৰা নাই ।

যাতায়াত বা ভ্ৰমণৰ বাবে যান-বাহন , পােহৰৰ বাবে বিজুলী চাকি , ৰন্ধনৰ বাবে গেছ , ৰন্ধাৰ আহিলা – পাতি , দৈনন্দিন জীৱনৰ ব্যৱহার্য সামগ্রী তেল , চাবােন , টুথপেষ্ট , ব্রাছ , বােগৰ ঔষধ , বিবিধ প্রস্তুত খাদ্য সামগ্রী মানুহে ব্যৱহাৰ নকৰাকৈ থাকিব পৰা নাই । 

 বিজ্ঞানৰ অৱদান :- মানৱ জাতিলৈ দিয়া বিজ্ঞানৰ অৱদানৰ তুলনা নাই । যাতায়াত বা ভ্ৰমণৰবাবে চাইকেল , মটৰ চাইকেল , স্কুটাৰ , কাৰ মটৰ , বাছ , ৰে’ল , উৰাজাহাজ , জলপথেৰে ভ্ৰমণৰ বাবে পানী জাহাজ আদি আৱিষ্কাৰ কৰি বিজ্ঞানে মানৱ জাতিক দূৰত্ব আৰু সময়ৰ ব্যৱধান কমাই দিয়াৰ উপৰি ভ্ৰমণ সুখকৰ কৰি দিছে ।

আধুনিক মানুহৰ মনােৰঞ্জনৰ বাবে বিজ্ঞানে গ্রামােফোন , ৰেডিঅ ’ , টেলিভিছন আদিৰ সুবিধা দিছে । সৰু বস্তু , বােগৰ বীজাণু আদি নিৰীক্ষণৰ বাবে অণুবীক্ষণ , দূৰৰ বস্তু দেখিবৰ বাবে দূৰবীণ আৱিষ্কাৰ কৰিছে ।

দূৰ সংযােগৰ বাবে টেলিফোন  টেলিগ্রাফ , জটিল গাণিতিক সমস্যা সমাধানৰ বাবে কম্পিউটাৰ আৱিষ্কাৰ কৰি মানৱ জাতিৰ উপকাৰ সাধন কৰিছে  আধুনিক মানুহৰ জীৱন যাত্ৰাত এইবােৰ সা – সামগ্রী ব্যৱহাৰ নকৰাকৈ থাকিব নােৱাৰে । 

মন্তব্য :-  মানৱ জাতিৰ ভৱিষ্যৎ প্রগতিৰ বাবে বিজ্ঞান সদা সচেতন । বিজ্ঞান চর্চাই মানৱ জাতিক অধিকৰ পৰা অধিকতৰ সুবিধালৈ লৈ যাওক তাকে আমি আশা কৰোঁ । কিন্তু বিজ্ঞান যাতে হিংসাত্মক কার্যত লিপ্ত নহয় সেই কথালৈ সদায় সর্তক হৈ থাকিব লাগিব । 

(খ) কম্পিউটাৰ আৰু আধুনিক জীৱন 

উত্তৰঃ  আৰম্ভণি :- কম্পিউটাৰ হিচাব -নিকাছ কৰা এটা ‘এবেকাছ ’ নামৰ যন্ত্র চীন দেশত প্রায় আঢ়ৈ হাজাৰ বছৰ আগতে আৱিষ্কাৰ হৈছিল । উনৈশ বছৰীয়া ফৰাচী বিজ্ঞানী পাস্কেলে ‘ এবেকাছ ’ যন্ত্ৰতকৈ বেলেগ হিচাব – নিকাচ কৰা যন্ত্র এটা আৱিষ্কাৰ কৰিছিল ( ১৬১২ চনত ) ।

চার্লছ বেবেজ নামৰ এজন বিজ্ঞানীয়ে উনৈশ শতিকাৰ মাজ ভাগত পােনপ্ৰথমবাৰৰ বাবে আধুনিক কম্পিউটাৰ আৱিষ্কাৰ কৰাৰ চিন্তা কৰিছিল । এইজনা বিজ্ঞানীয়েই কম্পিউটাৰৰ স্মৃতি ভৰালৰ কথাও কল্পনা কৰিছিল । আমেৰিকান বিজ্ঞানী হার্মান হলৰিয়ে ১৮৯০ চনত কম্পিউটাৰত তথ্য সুমুৱাই ৰাখি প্রয়ােজনবােধে উলিয়াই আনিব পৰা পদ্ধতি আৱিষ্কাৰ কৰিছিল ।

ইয়াৰ পিছত ১৯৪৪ চনত আমেৰিকাৰ হার্বার্ড বিশ্ববিদ্যালয়ে এটা বিদ্যুৎ-যান্ত্রিক কম্পিউটাৰ আৱিষ্কাৰ কৰে । ইয়াৰ দুবছৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ পেচিলভেনিয়া বিশ্ববিদ্যালয়ে ‘এনিয়াক’ নামৰ ইলেকট্রিক কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়াইছিল ।

এই আৱিষ্কাৰৰ পিছৰে পৰা কম্পিউটাৰৰ ক্রমাগত ক্রমবর্ধমান হ’বলৈ আৰম্ভ কৰে আৰু পৃথিৱীত এক বৈপ্লৱিক পৰিৱৰ্তন আনে । প্রথমে কেৱল জটিল গাণিতিক সমস্যা সমাধানৰ বাবে প্রস্তুত কৰা কম্পিউটাৰে পিছলৈ সকলাে দিশকে সামৰিকম্পিউটাৰৰ ক্ষেত্ৰখন অভাৱনীয়ভাৱে বিস্তৃত কৰি তােলে ।

মানুহৰ দৈনন্দিন জীৱনত কম্পিউটাৰৰ প্ৰভাৱ :- উন্নত দেশবােৰত দৈনন্দিন জীৱনৰ কামবােৰত কম্পিউটাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে ৷ নেটৱৰ্কৰ সহায়ত যিকোনাে কম্পিউটাৰে আন কম্পিউটাৰৰ পৰা প্রয়ােজনীয় তথ্য সংগ্রহকৰি আনিব পাৰে।

উন্নত দেশবােৰত কম্পিউটাৰে গাড়ী – মটৰক পথ নির্দেশাে কৰিব পাৰে।মানুহে এতিয়া ব্যক্তিগতভাৱেও কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে আৰু লাগতিয়াল তথ্য সংগ্রহ কৰি ল’ব পাৰে ।কৃষক , ব্যৱসায়ী , চাকৰিয়াল সকলােৱে নিজৰ প্রয়ােজনীয় তথ্য কম্পিউটাৰযােগে সংগ্রহকৰিব পাৰে ।

আনকি চাকৰি কৰা কৰ্মচাৰীকার্যালয়লৈ নােযােৱাকৈ ঘৰৰ পৰাই ব্যক্তিগত কম্পিউটাৰৰ সহায়ত নিজৰ কাম কৰিব পাৰে । 

ইয়াৰ উপকাৰ  :- কম্পিউটাৰ যন্ত্ৰটোত সাধাৰণতে— 

( ক ) তথ্য মজুত ৰখা  

( খ ) কাম কাজ নিয়ন্ত্রণকৰা 

 ( গ ) যােগ বিয়ােগ , পূৰণ – হৰণ কৰা 

( ঘ ) স্মৃতি ভঁৰাল আৰু 

( ঙ ) গণনাৰ সিদ্ধান্ত দিয়া — এই পাঁচটা মূল অংশ বা ভাগ থাকে । কেৱল গাণিতিক সমস্যা সমাধান কৰিবলৈ প্রথমে ব্যৱহাৰ কৰা এই কম্পিউটাৰ যন্ত্র আধুনিক পৃথিৱীত এতিয়া সকলাে ক্ষেত্রতে ব্যৱহাৰ হ’ব ধৰিছে । 

মন্তব্য :- বিজ্ঞানে মানুহক অসম্ভবকো সম্ভৱ কৰাৰ ক্ষমতা দিছে । ভাবিব নোৱাৰি ভবিষ্যতৰ দিনত কম্পিউটাৰে মানুহক আৰু কিমান সক্ষম কৰিব ।

(গ ) মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ।

উত্তৰঃ  আৰম্ভণি :-  আদিম মানুহ আৰু আধুনিক মানুহৰ জীৱন – যাপন পদ্ধতিৰ তুলনা কৰি চালে অনুমান কৰা টান হ’ব যে আদিম মানুহৰ পৰা বৰ্তমানৰ আধুনিক মানুহলৈ পৰিৱর্তনৰ বাবে কিমান যুগ অতিবাহিত কৰি বৰ্তমানৰ সভ্যতাৰ অৱস্থা পাইছে । আদিম যুগৰ মানুহ আছিল বৰ্বৰ , অঘৰী , অসংগঠিত ।

অসংগঠিত অঘৰী মানুহে প্রাকৃতিক সংঘটন মর্মে যেতিয়া জুইৰ আৱিষ্কাৰ কৰিব পাৰিছিল , জুইত পুৰি জীৱ – জন্তুৰ মাংস খাবলৈ শিকিছিল , শিলৰ অস্ত্র ব্যৱহাৰ কৰি জন্তু বধ কৰিব শিকিছিল , মাটিত গছৰ গুটি সৰি গজালি মেলা দেখি খেতি কৰাৰ কথা শিকিছিল , জীৱিকাৰ বাবে সততে প্রয়ােজনীয় পানীৰ ওচৰত ঘৰ সাজি থাকিব । শিকিছিল তেতিয়াই মানুহে সভ্যতাৰ পথত প্রাথমিক খােজ পেলাইছিল ।

 বিজ্ঞানৰ প্ৰভাৱ :-  আখৰ আৰু ছপা যন্ত্রৰ আৱিষ্কাৰে মানুহৰ সভ্যতাৰ বিকাশত প্রভূতভাৱে সহায় কৰিছিল । মানুহৰ বুদ্ধি বৃত্তি তথা মগজুৰ বিকাশৰ ফলত ক্রমে আৰম্ভ হৈছিল বিজ্ঞানৰ আৱিষ্কাৰৰ যুগ । বিজ্ঞানৰ আৱিষ্কাৰে মানৱ সভ্যতাক অৱদানেৰে কিমান আগুৱাই নিছিল আৰু আজিও নি আছে তাক কল্পনা কৰিব নােৱাৰি ।

বিবিধ যানবাহন , যেনে— মটৰ , বাছ , ৰে’ল , জাহাজ , উৰাজাহাজ আদিৰ আৱিষ্কাৰেৰে বিজ্ঞানে মানুহৰ যাতায়াত জল – স্থল – আকাশ সকলােতে সুচল আৰু সহজসাধ্য কৰি তুলিছিল । টেলিগ্রাফ , টেলিফোনৰ আৱিষ্কাৰেৰ বিজ্ঞানে মানুহক দিছিল কম সময়তে বা বাতৰি পঠাব পৰাৰ সুযােগ । পুৰণি কালত মানুহেবহু সময় ব্যয় কৰি , কষ্টকৰ ভ্ৰমণ কৰিহে এটা জৰুৰীবার্তা দূৰ ঠাইত দিব পাৰিছিল । 

ইয়াৰ উপকাৰ :- মনােৰঞ্জনৰ বাবে বিজ্ঞানে মানুহক আৱিষ্কাৰ কৰি দিছে গ্রামােফোন , ৰেডিঅ ‘ , টেলিভিছন , কম্পিউটাৰ আদি যন্ত্র । মানুহৰ দৈনন্দিন জীৱনৰ প্রয়ােজনীয় বিবিধ সা – সামগ্রী , খাদ্য বস্তু আদিও বিজ্ঞানে সুলভ কৰি তুলিছে ।

         পুৰণি কালত আকস্মিকভাৱে সংঘটিত প্রাকৃতিক দুর্যোগত বহুতাে মানুহে প্রাণ হেৰুৱাব লগাত পৰিছিল । কিন্তু আধুনিক মানুহক বহু আগতেই বিজ্ঞানে ধুমুহা , ভুইকঁপ , আগ্নেয়গিৰি , অতিবৃষ্টি , শিলাবৃষ্টি , ছুনামি আদিৰ আগজাননী দি নিৰাপদ ঠাইত আশ্রয় লােৱাৰ সুযােগ দিছে । বিজ্ঞানে মানুহক অধিকসভ্য – সচেত কৌশলী কৰি তুলিছে ।

মন্তব্য :- বিজ্ঞানৰ চৰ্চা আৰু মানুহৰ বিকশিত বুদ্ধিয়ে অদূৰ ভৱিষ্যতে মানুহক আৰু কিমান ক্ষমতা দিব ভাবিব নোৱাৰি । বিজ্ঞানৰ অৱদানে দিনে দিনে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ নিব লাগিছে । সেই কাৰণেই বৰ্তমানৰ মানৱ সভ্যতাৰ বিকাশ বিজ্ঞানৰ অৱদান বুলি কোৱা হৈছে ।

ঘ ) দূৰদৰ্শন— ইয়াৰ ভাল – বেয়া প্রভাৱ , 

উত্তৰঃ দূৰদৰ্শন মানৱ জাতিলৈ বিজ্ঞানৰ এক চমকপ্রদ অৱদান । দূৰদৰ্শনৰ আৱিষ্কাৰে পৃথিৱীৰ মানুহক ঠাইতে থাকি নিমিষতে পৃথিৱীৰ যিকোনাে ঠাইত সংঘটিত ঘটনাৰ সচিত্র বাতৰি যােগান ধৰিছে । ১৯২৫/২৬ চনত ইংৰাজ বিজ্ঞানী জন লগি বেয়ার্ডে ( John Logic Baird ) দূৰদৰ্শন আৱিষ্কাৰ কৰা বুলি ধৰা হয় । কিন্তু বেয়ার্ডৰ পূর্বে জার্মান বিজ্ঞানী পল নিপক’ই দূৰদৰ্শন আৱিষ্কাৰৰ কিছুমান প্রাথমিক কাম কৰিছিল ।

ইয়াৰ বাহিৰেও আন কেইবাজনাে বিজ্ঞানীয়ে দূৰদৰ্শন আৱিষ্কাৰৰ ক্ষেত্ৰত অৰিহণা যােগাইছিল । বি বি চিয়ে ( বৃটিছ ব্রোডকাষ্টিং  কর্পোৰেচন ) ১৯৩৬ চনত পােনপ্ৰথমে দূৰদৰ্শনযােগে বাতৰি প্ৰচাৰ কৰিছিল । পৰৱর্তী ২৫ ৩০ বছৰৰ ভিতৰত সমগ্র পৃথিৱী সামৰি দূৰদৰ্শনৰ অভাৱনীয় উন্নতি ঘটিছিল ।

         ভাৰতত ১৯৫৯ চনৰ পৰা দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হৈছিল । সেই চনতে ৰাজধানী দিল্লীত দূৰদৰ্শন ব্যৱস্থা সংস্থাপিত হৈছিল । তাৰ পিছত ১৯৮১-৮২ চনত গােটেই ভাৰততে দূৰদৰ্শন কেন্দ্র স্থাপন হৈছিল । দূৰদৰ্শন বা টেলিভিছ ৰেডিঅ’ৰ এটি উন্নত অৱস্থা বুলিব ।

ইয়াৰ ভাল প্ৰভাৱ :- বা বাতৰি আৰু সংঘটিত ঘটনাৰ বাতৰিৰ সৈতে চিত্র প্রদর্শন কৰাৰ উপৰি দূৰদর্শনে মানুহক মনােৰঞ্জনৰ সুবিধাও দিছে । কলা – কৃষ্টি , গীত – মাত , নাট – ভাওনা আদি বিষয়ে প্ৰচাৰ কৰি দূৰদৰ্শনে মানুহক আনন্দৰ খােৰাক যােগাইছে ।

কেৱল মনােৰঞ্জনৰ ব্যৱস্থা কৰাই নহয় , ভালেমান শিক্ষামূলক আৰু শিক্ষণীয় বিষয়ে দূৰদৰ্শনে সম্প্রচাৰ আৰু প্ৰদৰ্শন কৰে । ছাত্র – ছাত্রীসকলৰ উপযোগী পাঠৰৰ ব্যৱস্থা কৰে । ইচ্ছুক ছাত্র – ছাত্রীসকলে প্ৰচাৰিত বা প্রদর্শিত পাঠৰ পৰা বহুতাে শিক্ষা লাভ কৰিব পাৰে ।

দূৰদৰ্শনে বিবিধ বিষয় অনুষ্ঠান দিনে – নিশাই প্ৰচাৰ কৰিব পাৰে । কিন্তু সকলাে বিষয় সকলাে বয়সৰ মানুহৰ বাবে নহয় । দূৰদৰ্শনৰ ২৪ ঘণ্টীয়া কাৰ্যসূচীয়ে ছাত্র – ছাত্রীসকলৰ অনিষ্ট সাধন কৰিব পাৰে । 

ইয়াৰ বেয়া প্ৰভাৱ :- দূৰদৰ্শন কৰা অনিষ্টক লক্ষ্য কৰি আমেৰিকাত দূৰদৰ্শনক ইডিয়ট বক্স ’ ( idiot box ) অর্থাৎ মুখৰ বাকছ বুলি অৱহেলা কৰা হৈছে । কোমল বয়সৰ ল’ৰা – ছােৱালীৰ দৃষ্টি আৰু স্মৃতি শক্তি হ্রাসকাৰক বাবেই দূৰদৰ্শনক এই নাম দিয়া হৈছে ।

স্মৃতি শক্তি হ্রাস কৰি দুৰদর্শনে মানুহৰ সৃষ্টিশীলতাক বাধা দিব পাৰে । এনে কু – ফলৰ প্রতি সজাগ হৈ নিজৰ ক্ষতিসাধন নােহােৱাকৈ নিজৰ প্রয়ােজনীয় কার্যসূচীহে নির্দিষ্ট সময়ৰ বাবে দূৰদৰ্শনত চোৱাটো সকলােৰে পক্ষেই বাঞ্ছনীয় ।

( ঙ ) কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ

উত্তৰঃ  বিজ্ঞানে মানুহক জীৱন ধাৰণৰ বাবে দিয়া সা – সুবিধাৰ অন্ত নাই । বিজ্ঞানৰ অৱদানে মানুহৰ জীৱন আৰামদায়ক , সুখ – সন্তোষভৰা কৰিছে । জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় প্রায় সকলাে আহিলা – পাতি , সা – সামগ্রী যােগান ধৰাৰ উপৰি বিজ্ঞানে মানুহৰ মনােৰঞ্জনৰ দিহাও কৰি দিছে ।

বিজ্ঞানে চলচিত্র বা কথাছবি আৱিষ্কাৰ কৰি মানুহক মনােৰঞ্জন কৰা অথবা আমােদ দিয়াৰ ব্যৱস্থা কৰিছে । উনবিংশ আৰু বিংশ শতিকাৰ বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰ , উন্নতিয়ে চমক সৃষ্টি কৰিছিল । সেই সময়তে লুমিয়েৰ দুই ভাই – ককায়ে গতিশীল চিত্ৰৰ প্রদর্শন কৰিব পৰা চিনেমেটোগ্রাফ নামৰ এটা যন্ত্র আৱিষ্কাৰ কৰিছিল । আৰম্ভণিৰ এই চলচিত্র বা কথাছবি আছিল নির্বাক । 

      নির্বাক চলচিত্ৰৰ আৱিষ্কাৰৰ পিছত ১৯২৭ চনৰ ৬ অক্টোবৰ তাৰিখে উত্তৰ আমেৰিকাৰ নিউইয়র্ক চহৰত পােন প্রথমবাৰ প্ৰদৰ্শন কৰা হৈছিল সবাক চলচিত্র বা কথাছবি । ইয়াৰ চাৰি বছৰ পিছত নির্মাণ হয় ভাৰতৰ প্ৰথমখন সবাক চিত্র ‘ আলম আৰা ।

১৯৩৫ চনত অসমতাে প্রথম সবাক চিত্র ‘ জয়মতী ‘ নির্মাণ কৰি উলিয়ায় প্রতিভাধৰ ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই । ইয়াৰ পিছৰে পৰা চলচিত্ৰৰ অভাৱনীয় বিকাশৰ যুগ আৰম্ভ হয় । 

সমাজত ইয়াৰ প্ৰভাৱ :-  বিগত ১৯৮০-৯০ ৰ দশকলৈ সমগ্ৰ ভাৰততে কথাছবিৰ জনপ্রিয়তা শীৰ্ষত আছিল । কিন্তু কথাছবিৰ জনপ্রিয়তা ক্ৰমাৎ হ্রাস হৈ আহে দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হােৱাৰ পৰা ৷

১৯৮২ চনত ভাৰতত এছিয়ান গেমছ অনুষ্ঠিত হােৱাৰ আপাহতে স্থাপন হােৱা দূৰদৰ্শন কেন্দ্রসমূহে দূৰদৰ্শন যােগে চিনেমা , ছিৰিয়েল , গীত – মাত , অনুষ্ঠান , সভা – সমিতি আদি বতৰাসহ প্রদর্শন কৰিবলৈ ধৰাত মানুহে ঘৰতে বহি জ্ঞান আৰু আমােদ লাভৰ সুবিধা পােৱাত কথাছবি চোৱাৰ প্রতি আগ্রহ এৰিবলৈ ধৰে ।

দর্শকৰ সংখ্যা কমি অহাৰ লগে লগে চিনেমা নির্মাতাসকল ভীষণভাৱে ক্ষতিগ্রস্ত হ’বলৈ ধৰে । নির্মাতাসকলে বৃহৎ পৰিমাণৰ অর্থ ব্যয় কৰি নিৰ্মাণ কৰা কথাছবিসমূহৰ নিৰ্মাণ ব্যয়াে সংগ্ৰাহিত নােহােৱা অৱস্থা হােৱাত নির্মাতাসকলে কথাছবি নির্মাণত নিৰাশ হৈ পৰে ।

ফলস্বৰূপে বহুতাে চিনেমা গৃহৰ মালিকসকলে চিনেমা গৃহ বন্ধ কৰি দিব লগা অৱস্থা হয় । চলচিত্রই মানুহক জ্ঞান দান কৰি উপকাৰ কৰাৰ লগতে অপকাৰ নকৰা নহয় । অর্থ সংগ্রহ আৰু জনপ্রিয়তা অর্জনৰ বাবে । কোনাে কোনাে নির্মাতা আৰু প্রযােজকে সস্তীয়া , অশালীন দৃশ্য ছবিত প্রদর্শন কৰিবলৈ লয় । এনে ছবিয়ে ডেকা – গাভৰুসকলৰ বহুতকে পথভ্রষ্ট কৰে ।

          চলচিত্ৰৰ দৰে ছিৰিয়েল কিছুমানতাে সস্তীয়া কাহিনী আৰু অশালীন ঘটনা প্রদর্শন । কৰি ডেকা – গাভৰুসকলক বিপথগামী , পথভ্রষ্ট অথবা বিকৃত মনােভাবৰ কৰি তােলাত ইন্ধন যােগায় । সমাজ আৰু ভৱিষ্যৎ প্রজন্মৰ মংগলৰ বাবে অশালীন চিনেমা – ছিৰিয়েল  যাতে প্রদর্শন কৰা নহয় তালৈ প্রযােজকসকলে সচেতন দৃষ্টি ৰখা বাঞ্ছনীয় ।


Conclusion:(উপসংহাৰ)

মই আশা কৰো যে এই পোষ্টৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ বহুত উপকাৰ হৈছে আৰু এই বিষয়টো যদি আপোনাৰ কামত আহিছে, তেন্তে আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ পাহৰি নাযাব।

FAQ

Questions: Where can students get the solution of the 8th grade Assamese textbook for free?
Answers: Students can find the solutions of the Grade 8 Assamese textbook for free on the SaraAxom website. Solutions to textbook questions are concise and accurate.  Students who are studying for exams may find the solutions very helpful.

Questions:  How can students use the solutions for exam preparation?
Answer: Students can use the solutions for the following.
  • Students can use solutions for curriculum correction.
  • It allows students to take notes while reading.
  • Students can use solutions to understand concepts and complete the course.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us