Type Here to Get Search Results !

মােৰ জীৱনৰ লক্ষ্য ৰচনা | Rasana | নতুন অসমীয়া ৰচনা | Aim in my Life Essay in Assamese | Asomiya Rasana

 মােৰ জীৱনৰ লক্ষ্য ৰচনা 

Aim in my Life Essay in Assamese

(আৰম্ভণি - মোৰ লক্ষ্য় - লক্ষ্য়ৰ কাৰণ - সামৰণী)

আৰম্ভণি: অন্তহীন মানুহৰ আশাৰ পৰিবি। কল্পনা-বিলাসী মন-দিগন্তৰ পৰিধিত অলেখ কামনাই লুকা-ভাকু খেলে। মানুহৰ কল্পনাই বিচাৰে বগলীৰ শুধবগা ডেউকাত ভেও দি উৰি উৰি দিগন্তৰ  সিপাৰৰ কোনােবা মনােৰম সপােন ৰাজ্যত সাত বৰ নতুন কাৰেং গঢ়িবলৈ। মানুহে বিচাৰে নেদেখাটো চাবলৈ, নােপােৱাটো পাবলৈ; অর্জুনৰ দৰে গাণ্ডীৱধাৰী হৈ দিগ্বিজয় কৰিবলৈ, ভীমৰ দৰে গদাধাৰী হৈ বিশ্বৰ সকলাে বীকে পদ-প্রান্তত ধৰাশায়ী কৰিবলৈ। কিন্তু সীমাহীন কামনাৰ অন্তহীন দিগন্তত, সসীম সীমাবন্ধা জীৱনৰ পৌৰুষ ৰয় বহু আঁতৰত; কামনাৰ অন্ত নো পৰােতেই অন্ত হয় জীৱনৰ খেলা। সেইবাবে আশাক কৰ্মৰ নাগপাশেৰে বান্ধি জীৱনৰ বাটত বাট বুলাই শ্রেয়ঃ । কিন্তু সেইবুলি জীৱনৰ লক্ষ্য স্থিৰ নকৰি জীৱনৰ বাটত বাট বুলাতে বিপদৰ সম্ভাৱনা আছে। বক্ষ্যহীন জীবন কাণ্ডাৰীবিহীন নাৱৰ দৰে। সেইবাবে সংসাৰ-সিন্ধুত জীৱন-তৰী পাৰি দিয়াৰ আগতেই লক্ষ্য স্থিৰ  কৰি লােৱা উচিত। ছাত্র জীৱনেই লক্ষ্য স্থিৰ কৰাৰ প্রশস্ত সময়। কাৰণ জীৱনৰ লক্ষ্য স্থিৰ ৰাখিয়েই শৈশৱৰপৰা প্ৰস্তুতিৰ পথ নিষ্কণ্টক, সুগম কৰি ল’ব লাগিব। প্রকৃত প্রস্তুতিয়েহে সফলতা আনিব পাবে।

সেয়েহে মই আদিৰেপৰাই লক্ষ্যত উপনীত হােৱাৰ পথ সুগম কৰি ল’বলৈ সেইমতে অধ্যায়নৰ বাটত আগবাঢ়িব খুজিছাে। মই জীৱনত এজন আদর্শ খেতিয়ক হ’ব খুজিছাে। আদর্শ খেতিয়ক হৈ বিশ্ব-দৰবাৰত নিজৰ স্থান স্থিৰ কৰিবলৈ মই আদিতেই পৃথিৱীৰ বিভিন্ন দেশৰ, বিভিন্ন জলবায়ুত উৎপাদিত হ’ব পৰা শস্য সম্পর্কে বিশদ জ্ঞান অর্জন কৰি ল’ব লাগিব। ই সম্ভৱ হ’ব মই কৃষি মহাবিদ্যালয়ত অধ্যয়ন কৰিলেহে। গতিকে মই কৃষি বিষয়ৰ স্নাতক হ’ব লাগিব। স্নাতক হ’ম আৰু মােৰ লক্ষ্যত অচল অটল হিমাচলৰ দৰে মই নিজকে নিয়ােজিত কৰিম।

মোৰ লক্ষ্য়: মােৰ লক্ষ্যৰ কথা শুনি মােক বহুতে হাঁহিব পাৰে; মােৰ লক্ষ্য অতি নিকৃষ্ট পর্যায়ৰ আৰু উচ্চ শিক্ষালাভ কৰি চহা খেতিয়কৰ শাৰীহে পূৰাব খুজিছাে বুলি বহুতে মােক বিদ্ৰপ কৰিব। বােৰ পিতৃ-মাতৃয়েও মােৰ এই লক্ষ্যৰ কথা শুনি অন্তত আঘাত পাব। কাবণ পিতৃ-মাতৃৰ আশা নিজ সন্তানে উচ্চ শিক্ষা লাভ কৰি হাকিন-মুন্সিফ হ’ব,ডাক্তৰ, ইঞ্জিনীয়াৰ আদি উচ্চ পদবীধাৰী চৰকাৰী বিষয়া হৈ বংশৰ মুখ উজ্জ্বল কৰিব; আৰু অজস্র ধন উপার্জন কৰি  ঘৰে-দুৱাৰে সমুজ্জ্বল হৈ পিতৃ-মাতৃৰ ওঁঠত হাঁহি বিৰিঙাব। এই আশা অর্থহীন নহয়। কিন্তু মই পথ  লৈছাে এই পথেদি গৈও মই অর্থ উপার্জন কৰিব পাৰিম, বংশৰ মুখ উজ্জ্বল কৰিব পাৰিম ; অকল পিতৃ-মাতৃৰ কিয়, অভাৱ-অনাটনগ্রস্ত হাজাৰ লােকব শেঁতা ওঁঠত শান্তিৰ মধুৰ হাঁহি বিৰিঙাব পাৰিম। মইতাে এজন নিৰক্ষৰ, স্বাস্থ্যহীন, দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নােপোৱা আক্ষম খেতিয়ক হ’ব খােজা নাই। হ’ব খুজিছাে উচ্চ শিক্ষিত, সমম, সুদক্ষ খেতিয়ক।

লক্ষ্যৰ কাৰণ:

“কিন্তু মই এই পথ বাছি লৈছাে কিয়? মই জানাে-

লক্ষ্যৰ কাৰণ “নাঙলৰ সৰলুত, লখিমীব বিনন্দীয়া সৃষ্টি প্রকাশ।

লখিমীৰ পৰশৰ সেউজৰ ফলিকাত সােণােৱালী শস্যৰ প্রকাশ।

সেউজে মাতছে মােক লখিমীক আদৰিবলৈ!”

-সেই অহ্বান মই গ্ৰহণ কৰিছে।কাৰণ ? কৃষি মানেই লখিমী; লখিমীৰ পৰশত সৃষ্টি বিনন্দীয়া হয়; বিনন্দীয়া সৃষ্টিত মানৱ প্ৰাণত হাঁহিৰ ফুল ফুলে। সেই ফুলে জীৱন মধুময় কৰি তােলে। মই ভাবিছাে কৃষিত কৃষ্টিত মই সংস্কৃতিৰ বৰঘৰ সাজিম। ৰুগ্ন, দৰিদ্র, অৰ্দ্ধাহাৰী,অনাহাৰী অসমীয়া জাতিয়ে লেৰেলা, চেপেটা বুঢ়া গৰু এহালেৰে পথাৰৰ সেউজত লখিমীক প্রতিষ্ঠা কৰিব জনা নাই, নাজানে। নিৰক্ষৰ কৃষকে ধৰাৰ বুকুলৈ বিজ্ঞানে অনা সেউজ বিপ্লৱৰ উমানকে পােৱা নাই। তাকৰীয়া মাটিত সৰহ শস্য উৎপাদনৰ ভু-কে পােৱা নাই। বিজ্ঞানে মাটি উর্বৰ কৰিব পৰা ৰাসায়নিক সাৰ উদ্ভাৱন কৰিছে; সেই সাৰে উৎপাদন বঢ়ায়।

উৎপাদন বৃদ্ধি হ’লে আয় বাঢ়ে; আৰু যিমানেই আয় বাঢ়িব, সিমানেই মানুহৰ অভাৱ কমিব; আজি-কালি খেতি কৰিব পৰা যন্ত্ৰৰ আৱিষ্কাৰ হৈছে: যন্ত্ৰৰ সহায়ত কম খৰচত, কম পৰিশ্ৰমত, কম সময়ত অধিক মাটি কর্ষণ কৰিব পাৰি। কর্ষণ ক্ষমতা বাঢ়িলে অধিক মাটিত খেতি কৰিব পাৰি। আনহাতেদি আমাৰ খেতিয়কে সদায় পানীৰ কাৰণে মৌচুমীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। মৌচুমী সময়মতে নবলে পানীৰ অভাৱত মাতি কৰ্ষণ কৰিব নােৱাৰি খেতি কৰিব নােৱাৰি। বর্তমান বিজ্ঞানে আমাক খেতিত পানীযােগানৰ ব্যৱস্থা দিছে। পাম্প সহায়ত ওচৰৰ নদ-নদীৰপৰা শস্যৰ পথাৰলৈ পানী নিব পাৰি। নতুবা পথাৰতে “দীপ টিউবৱেল”

বহুৱাই পথাৰত পানী যােগান ধৰিব পাৰি। শস্য অনিষ্টকাৰী পােক-পৰুৱাৰপৰা শস্য ৰক্ষা কৰিবলৈ ৰাসায়নিক ঔষধো  ওলাইছে। এইবােৰ ব্যৱহাৰ কৰি পােক-পৰুৱাৰপৰা শস্যৰ অনিষ্ট নােহােৱা কৰিব পাৰে। মই ভাবিছো মই সম্পূর্ণ বৈজ্ঞানিক ভিত্তিত খেতি কৰি অধিক উৎপাদন কৰি অসমীয়া দুখীয়া খেতিয়কৰ সন্মুখত এক দিগন্তপ্ৰসাৰী আদর্শ দাঙি ধৰিম। লগতে শিক্ষিত নিবনুৱা যুৱকসকলক দেখুৱাম যে দুৰাহুত বল থাকিলে, উৎসাহী, উদ্যমী মন থাকিলে কৃষিকৰ্ম কৰিও মানুহে মানুহ হিচাপে পৃথিৱীত বাচি থাকিব পাৰে। আমি কর্মক মর্যাদা দিবজানিলে কোনাে কালে, কোনাে যুগে মানুহ নিবনুৱা হৈ হতাশাত জীৱনক ধিক্কাৰ দিবৰ প্ৰয়ােজন নহয়।

কৃষকৰ স্বৰূপ: কৃষি আমি বৃত্তি বুলি গণ্য কৰিবলৈ শিকা নাই।আমাৰ ৰুগ্ন, অক্ষম পিতৃ-মাতৃক খেতিৰ দায়িত্ব এৰি দিছো; ৰুগ্ন অশিক্ষিত পিতৃয়ে বুঢ়া গৰুহালেৰে বছৰটোত মাত্র দুবিঘা মাটিতহে খেতি কৰিব পাৰিলে; তাকো মাত্র এটা খেতি; সিও বৰষুণৰ অভাৱত ভাল নহ’ল। খৰে কোবালে; যি অলপ খেতি হ’ল তাকো গেৰ ধৰিবৰ সময়ত গান্ধীয়ে নতুবা মােৱা পােকে আধা নষ্ট কৰিলে। এমাহৰ ভাতাে কঠোৰ পৰিশ্ৰমৰ ফলতাে ভাগ্যত নঘটিল। দুবিঘা পিছৰ বছৰত বন্ধকত দি কিছুদিন চলিলাে।

দুবিঘা চাকৰিৰ পাছত দৌৰােতে বিক্রী হ’ল। ভাগ্যত চাকৰি নহল। ভেটিটোৰ বাহিৰে খেতিব মাটি আৰু নৰ’ল। ঘৰখনলৈ নামি আহিল অন্ধকাৰ। এয়ে আমাৰ কৃষকৰ স্বৰূপ। চকুৰ আগতে মানুহৰ এই জীৱন্ত সমাধি দেখি, চাকৰিব মােহত সৰ্যস্বান্ত হৈও এমুঠি ভোকৰ ভাতৰ অভাৱত তিল তিলকৈ মৃত্যুক সাৱটি লেৱা এই অসমীয়া জাতিটোৰ কর্মবিমুখ, উদ্যমহীন শিক্ষিত যুৱকসকলক মই দেখুৱাব খুজিছো যে দুই হাত, কর্মঠ হলে চাকৰিৰ প্ৰয়োজন নাই। উজনি অসমৰ প্ৰথম স্নাতক বি. এ. জগন্নাথ বৰুৱাই জানো চাকৰি নকৰাকৈও সভ্য জগতত, সভ্য সমাজত সন্মানৰ অধিকাৰী হােৱা নাছিল, ঐশ্বর্যৰ হোৱা নাছিল ?

আৱশ্যকীয় উপকৰণ: বহুতে মােক প্রশ্ন কৰিব পাৰে আধুনিক বৈজ্ঞানিক প্রণালীৰে খেতি কৰিবলৈ ট্ৰেক্টৰ লাগিব, ৱাটাৰ পাম্প লাগিব, ৰাসায়নিক সাৰ লাগিব আৰু লাগিব উন্নত বীজ। সেইবােৰৰ বাবে ধনৰ প্রয়োজন হ’ব। আমি দুখীয়া মানুহ; ধন ক’ত পাম । ধন? মন কৰিলেই চন, বাকৰি মাটিতে ধন। পৃথিৱীত ধনৰ অভাৱত কোনাে কাম পৰি থকা নাই, নাথাকে। তাৰ বাবে লাগে উচ্চ মন; উদ্যম। প্রয়ােজন কেবল সুপৰিকল্পিত এখন আঁচনিৰ আৰু তাকেই যদি কৰিব নােৱাৰাে, শিক্ষা লাভ কৰি সৰ্বাংগ সুন্দৰ জীৱন-যাপন কৰিবলৈ আশা কৰিব পাৰো কেনেকৈ ? সুপৰিল্পিত আঁচনি এখন কৰি ল’লে, বেংকে ঋণ দিব, চৰকাৰেও অনুদান আগবঢ়াব। সহজ কিস্তিৰ ভিত্তিত ট্ৰেক্টৰ, ৱাটাৰ পাম্প আদিও পােৱা যায়। এইখিনি যােগাৰ কৰিব পৰা সৎসাহস মােৰ আছে।

আঁচনি: মােৰ আঁচনি মতে প্ৰথম বছৰত মাত্র বিশ বিঘা মাটিত ধানখেতি কৰিম। আজিকালি বছৰত তিনিটা খেতি সুকলমে কৰিব পাৰি। সঁচ আৰু সাৰ ব্যৱহাৰ কৰি বিঘাত কমেও ছয় কুইন্টল ধান পাম। গতিকে বছৰটোৰ তিনিটা খেতিত ৩৭০ কুইন্টল ধান উৎপাদন হ’ব। ঘৰখনৰ সকলাে খৰচ ধৰি বছৰটোত দৰ্কাৰ হ’ব ৮০ কুইন্টল ধান। বাকীখিনি সমবায়ক বিক্ৰী কৰিম। এইদৰে দুবছৰ বা তিনি বছৰৰ ভিতৰত মই বিক্ৰীৰ উপার্জনেৰে ঋণ পৰিশােধ কৰি ট্ৰেক্টৰ, পাম্প সকলে নিজৰ কৰি ল’ম। তৃতীয়-চতুর্থ বছৰৰপৰা উপার্জনৰ সকলাে ধনৰ গৰাকী ময়েই হ’ম। বহুতে ভাবিব এয়া আকাশত চাং পতা কথা। ই দেশৰ প্ৰকৃত খেতিয়কৰপৰা পােৱা তথ্য; বাস্তৱ সত্য কথা। এনে আচনিৰে এজন শিক্ষিত খেতিয়কে খেতিত আত্মনিয়ােগ কৰি নিজৰ মাত্র কুৰি বিঘা মাটি আৰু অন্যান্য লােকক ট্রেক্টৰ ধাৰলৈ দি মাত্র দহােটা বছৰত লাখপতি হৈছে। এজনে পাৰিছে মই নােৱাৰিম কিয় ?


আদর্শ:  খেতিয়কৰ জীৱন স্বাধীন, মুক্ত জীৱন। খেতিয়কৰ জীৱনত আহৰিও আছে। এই আজৰি সময়খিনি মই যদি মােৰ গাঁওখন, সমাজখনৰ উন্নয়নমূলক কামত প্রয়ােগ কৰে, তেনেহলে মােৰ জীৱনলৈ সন্মান নাহি পাৰিবনে ? খেতিয়কেই দেশৰ মেৰুদণ্ড, খেতিয়কৰ উন্নতিয়েই ৰাষ্ট্ৰৰ উন্নতি। মােৰ আদর্শকে লৈ আৰু দহজনে নিশ্চয় মােক অনুকৰণ কৰিব। মােৰ লগত সহযােগ আগবঢ়ালে, সমবায় ভিত্তিত খেতি কৰাৰ লগতে সমবায় বিক্রী কেন্দ্র খুলি ব্যৱসায়াে কৰিব পাৰিম। আমাৰ আদর্শ অন্যান্য কৃষকেও গ্ৰহণ কৰিব। আমাৰ লগত সহযােগিতা কৰিব; আমাৰ শক্তি বৃদ্ধি হ’ব। কৃষকৰ বল বৃদ্ধি হ’ব। কৃষকৰ জীৱন উন্নত হ’ব। সমাজ উন্নতিৰ বাটত আগবাঢ়িব পাৰিব। দেশৰ সমৃদ্ধি দুগুণে বাঢ়িব।

সামৰণি: আজি মই মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ; কালিলৈ কৃষি মহাবিদ্যালয়ত ভর্তি হৈ এদিন স্নাতক হ’ম। বিদ্যাৰূপী গংগাৰ পূত সলিলত অবগাহি এদিন নাঙলৰ মুঠিত ধৰি পথাৰ সােণ ফলাম। সেই সােণেৰে মােৰ আই অসমীক অলংকৃত কৰিম। হাজাৰ-বিজাৰ কৃষকৰ শেতাপৰা ওঁঠত ৰঙা হাঁহি বিৰিঙাম। হে জগদীশ্বৰ। মােৰ এই লক্ষ্যত উপনীত হবলৈ, সাধনাত সফলতা লাভ কৰিবলৈ মােক প্রেৰণ যােগােৱা শক্তি দিয়া।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us