Type Here to Get Search Results !

ভাৰতৰ স্বাধীনতা আন্দোলন ৰচনা | independence day essay | Assamese Language Essay | অসমৰ স্বাধীলতা দিৱস ৰচনা | Assam Independence Day | India Independence Day | Independence Day | অসমীয়া ৰচনা | Class IX & X Assamese Essay | India Independence Day Assamese Essay


ভাৰতৰ স্বাধীনতা আন্দোলন ৰচনা

 ভাৰতৰ স্বাধীনতা আন্দোলন ৰচনা 

আমি ভাৰতৰ নাগৰিক । পৃথিৱীৰ যি ঠাইতেই নাইবা যি দেশতেই নাথাকোগৈ কিয় আমি নিজকে ভাৰতীয় বুলি পৰিচয় দিও । কিন্তু আমাৰ এই ভাৰত দেশ খন প্ৰায় দূশ বছৰ ধৰি ইংৰাজৰ অধীনত আছিল । 

ইংৰাজসকল সুদূৰ ইংলেণ্ডৰ পৰা আহিছিল , সেই ইংৰাজসকলেই আমাৰ দেশ খন শাসন কৰিছিল । প্ৰথমতে ইংৰাজ সকল ভাৰতলৈ বেপাৰ বাণিজ্য কৰিবলৈ আহিছিল ।কিন্তু ইংৰাজ সকল ইমান চতুৰ আছিল যে কালক্ৰমত  তেওঁলোকে আমাৰ এই দেশখন  নিজৰ শাসনৰ অধীনলৈ লৈ গৈছিল ।তেওঁলোকে যি নীতি নিয়ম বান্ধি দিছিল , সেইমতেই ভাৰতীয় মানুহ চলিব লাগিছিল । সেইকাৰণে ই আমি ভাৰতীয় সকল ইংৰাজৰ অধীন আছিলো বুলি কোৱা হৈছিল। 

এজন মানুহৰ কথা জানিলে ভাৰতৰ মানুহে ইংৰাজক আমাৰ দেশৰ পৰা কেনেকৈ খেদি পঠিয়াব পৰিলোঁ , সেই কথা সহজেই বুজিব পাৰো । মানুহজনৰ নাম মোহন দাস কৰম চাদ গান্ধী । যি জনক ভাৰতৰ মানুহে জাতিৰ পিতা বুলি সন্মান কৰে ।

বিদ্যালয় পৰ্য্যায়ৰ শিক্ষা সমাপ্ত কৰি গান্ধীয়ে ইংলেণ্ডত ওকালতিৰ অধ্যয়ন কৰাৰ পাছত তেওঁ দক্ষিণ আফ্ৰিকা নামৰ দেশখনলৈ যায়।  দেশত  থাকোতেই গান্ধীয়ে বুজিব পাৰিছিল যে বগা ছালৰ লোকসকলে ক'লা ছালৰ লোকসকলক ঘৃণাৰ চকুৰে চাইছিল।  আৰু তেতিয়া গান্ধী ৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাত অহিংস নীতিৰে বর্ণ বিৰোধী আন্দোলন গঢ়ি উঠিছিল।  এই আন্দোলনত দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ পৰাজয় হৈছিল।  

দক্ষিণ আফ্ৰিকাত অহিংসভাৱে আন্দোলন কৰি সফল হোৱাৰেপৰা গান্ধীৰ নাম ইউৰোপ মহাদেশৰ লগতে ভাৰততো বিখ্যাত হৈ পৰে।  ইতিমধ্যে ভাৰততো ইংৰাজ সকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছিল।  এই আন্দোলনৰ নেতা সকল আছিল বিপিন চন্দ্ৰ পাল,লালা লাজপত ৰায় আৰু বাল গংগাধৰ তিলক আদি। 

 ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটোৰ জন্ম হৈছিল 1885 চনত।  এই সংগঠনটোৱেই ভাৰতত ইংৰাজৰ বিৰুদ্ধে হোৱা আন্দোলন চলাই গৈছিল। 

দক্ষিণ আফ্ৰিকাত অহিংস আন্দোলন কৰি সফল হোৱা কথাত অনুপ্ৰাণিত হৈ ভাৰততো ইংৰাজৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে গান্ধীক সকলোৱে অনুৰোধ কৰিছিল।  1919 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে।  গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ লগে লগেই  ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় সকলে চলাই অহা আন্দোলনে এক নতুন  ৰূপ লাভ কৰিলে। 

মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব লৈ 1920 চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে 'অসহযোগ ' নামৰ এক আন্দোলন আৰম্ভ কৰিলে। 

1930 চনৰ মাৰ্চ মাহত আইন  অমান্য আন্দোলন আৰম্ভ হৈছিল।  মার্চ মাহৰ 12 তাৰিখে গান্ধীয়ে গুজৰাটৰ  সবৰমতী আশ্ৰমৰ পৰা 241 মাইল দূৰৈৰ সাগৰৰ পৰা দাণ্ডী নামৰ ঠাইখনলৈ যাত্ৰা কৰিলে।  ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এই যাত্রাক 'দাণ্ডী যাত্ৰা 'নামেৰে জনা যায় । 

অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদি আন্দোলনৰ মূল নেতা আছিল মহাত্মা গান্ধী । এইজনা মহামানৱৰ নেতৃত্বত যি আন্দোলন চলিছিল , সেই দীঘলীয়া আন্দোলনৰ ফলতেই ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজে ভাৰতবৰ্ষৰ স্বাধীনতা ঘূৰাই দিবলৈ বাধ্য হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন সমগ্ৰ পৃথিৱীৰ ইতিহাসৰ এক অতি উল্লেখ যোগ্য অধ্যায় ।

........ভাৰতৰ স্বাধীনতা আন্দোলন ৰচনা.......

ভাৰতৰ স্বাধীনতা আন্দোলন ৰচনা | independence day essay | Assamese Language Essay | অসমৰ স্বাধীলতা দিৱস ৰচনা | Assam Independence Day | India Independence Day | Independence Day | অসমীয়া ৰচনা | Class IX & X Assamese Essay | India Independence Day Assamese Essay 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us