Type Here to Get Search Results !

শৈক্ষিক ভ্ৰমণ ৰচনা | নৱম/দশম শ্ৰেণীৰ ৰচনা | অসমীয়া ৰচনা | Class 9 and Class 10 Rasana | Assamese Essay | Class IX & X Assamese Essay | Academic travel writing/essay | Essa for assamese medium school | seba assamese essay | assamese grammar for class ix & x

Class IX & X Assamese Essay

 শৈক্ষিক ভ্ৰমণ নৱম/দশম শ্ৰেণীৰ অসমীয়া ৰচনা 

(আৰম্ভণি - জ্ঞান লাভ - তাৎপৰ্য আৰু উপকাৰিতা - সামৰণি)

আৰম্ভণিঃ মানুহৰ শৰীৰ জড় নহয় ৷ মানুহ গতিশীল ৷ মানুহৰ মনৰ গতিশীলতাক হাত-ভৰি আদি অংগ-প্ৰত্যংগই বাস্তৱায়িত কৰে৷ সকলো মানুহৰে ভ্ৰমণৰ আকাংক্ষা থাকে৷ মানুহৰ তেজত ভ্ৰমণৰ তীব্ৰ অনুভূতি সময়ত জাগ্ৰত হয় ৷ মানুহ স্বভাৱতঃ ভ্ৰমণ বিলাসী ৷ শৈক্ষিক ভ্ৰমণো সামগ্ৰিক ভ্ৰমণৰে এটা অংশ ৷ ইংৰাজীত শৈক্ষিক ভ্ৰমণক Educational Tour বোলে ৷ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা জীৱনত সাহিত্য, বুৰঞ্জী, ভূগোল, বিজ্ঞান আদি বিষয় সম্বন্ধে অধ্যয়ন কৰি স্কুল-কলেজৰ শিক্ষাত পুথিগত শিক্ষাইহে প্ৰাধান্য লাভ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা-দীক্ষা লৈ যেতিয়া সংসাৰ যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হয় ৷ কেৱল পুথিগত শিক্ষাই শিক্ষাক পৰিপূৰ্ণ কৰিব নোৱাৰে ৷ শিক্ষাৰ পৰিপূৰ্ণতাৰ বাবে শৈক্ষিক ভ্ৰমণ অপৰিহাৰ্য ৷ ভ্ৰমণ শিক্ষাই ছাত্ৰ-ছাত্ৰীক বিভিন্ন দেশৰ লোক-জীৱন, লোক-সংস্কৃতি, বেপাৰ-বাণিজ্য, শিল্প-উদ্যোগ, অৰ্থনীতি, খেতি-বাতিৰ লগতে নানা দেশৰ ভূ-প্ৰকৃতিৰ বিষয়েও জ্ঞান দিব পাৰে ৷ বৰ্তমান যুগত সেইবাবে স্কুল-কলেজৰ শিক্ষাৰ লগে লগে শিক্ষাৰ পৰিপূৰ্ণতা লাভৰ বাবে শৈক্ষিক ভ্ৰমণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে ৷

পাঠ্যপুথিৰ বিষয় জ্ঞান লাভঃ ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰজীৱনত সাহিত্য, বিজ্ঞান, সমাজ অধ্যয়ন, বুৰঞ্জী, ভূগোল, নীতিশাস্ত্ৰ, অৰ্থনীতি, দৰ্শন আদি বিবিধ বিষয়ৰ জ্ঞান লাভ কৰে ৷ এই জ্ঞান পাঠ্যপুথিৰ পৰা পোৱা পুথিগত জ্ঞানহে ৷ ইয়াৰ পৰা বাস্তৱ জ্ঞান লাভ কৰা সহজ নহয় ৷ কিছুমান বিষয়ৰ ওপৰত বাস্তৱ জ্ঞান লাভত ভ্ৰমণে সহায় কৰে ৷ আমাৰ চকুৰ আগত, উন্মুক্ত আকাশৰ তলত জীৱন্ত পৃথিৱীখন, নানা দেশ, নানা ৰঙৰ প্ৰকৃতি পৰি আছে ৷ এই জীৱন্ত পৃথিৱীখনৰ অধিবাসী সকলৰ সংগ লাভ কৰি তেওঁলোকৰ জীৱনধাৰা সম্পৰ্কে যি জ্ঞান লাভ কৰা যায়, সিহে প্ৰকৃত জ্ঞান ৷

 ভ্ৰমণ বাস্তৱ জ্ঞান লাভৰ সমলঃ মানুহে নিজৰ দৈনন্দিন কৰ্মময় জীৱনৰ পৰা কেতিয়াবা মুক্তি পাবলৈ বিচাৰে ৷ দেশ ভ্ৰমণৰ দ্বাৰা এই মুক্তি সম্ভৱ হয় ৷ প্ৰত্যেক মানুহে বৃহত্তৰ মাজত নিজক চাবলৈ বিচৰে ৷ সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে যাতে দেশৰ ইতিহাস প্ৰসিদ্ধ আৰু ভৌগোলিক বৈচিত্ৰ্যপূৰ্ণ স্হান সমূহ, ভ্ৰমণ কৰি বাস্তৱৰ লগত মুখামুখি হৈ পৰিচিত হ’ব পাৰে তাৰ বাবে শৈক্ষিক ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে ৷ শৈক্ষিক ভ্ৰমণৰ বাবে চৰকাৰৰ পৰা অৰ্থ সাহায্যও দিয়া হয় ৷ ছাত্ৰ-ছাত্ৰীৰ এই ভ্ৰমণৰ সাৰথি হয় বিদ্যালয়ৰ শিক্ষক ৷

শিক্ষামূলক ভ্ৰমণৰ তাৎপৰ্য আৰু উপকাৰিতাঃ শিক্ষামূলক ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে ৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মনৰ বিকাশ ঘটে, সাহস বাঢ়ে তথা বাকপটুতাও বাঢ়ে ৷ দেশৰ হৃদয়ৰ লগত এই ভ্ৰমণে ছাত্ৰ-ছাত্ৰীক সংযোগ কৰায় ৷ দেশৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ভৌগোলিক পৰিস্থিতিৰ লগত পৰিচয় ঘটাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ চিন্তা শক্তি বৃদ্ধি পায় আৰু মনত কিবা কৰাৰ প্ৰেৰণা লাভ কৰে ৷ ভ্ৰমণকালত পোৱা মানুহৰ লগত হোৱা আলাপ আলোচনাই তেওঁলোকৰ মনুষ্যত্বৰ বিকাশ ঘটাই তাক এটা বৃহত্তৰ পৰিস্থিতিলৈ আগবঢ়াই নিয়ে ৷ ভ্ৰমণে ভিন ভিন ঠাইৰ মানুহৰ আচাৰ, ব্যৱহাৰ, ৰীতি-নীতি, ধৰ্ম, সভ্যতা, সংস্কৃতিৰ লগত পৰিচিত হোৱাৰ ফলত মানৱীয় জীৱনকো উপলব্ধি কৰায় ৷ শৈক্ষিক ভ্ৰমণে ছাত্ৰ-ছাত্ৰীৰ মনত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰে ৷

সামৰণিঃ শৈক্ষিক ভ্ৰমণে জ্ঞানৰ পৰিপূৰ্ণতা সাধন কৰাৰ লগে লগে, মানুহৰ লগত মানুহৰ সংযোগৰ ভাৱটিও দৃঢ়তৰ কৰে ৷ মানুহে মানুহৰ বাবে অকণমান হ’লেও ভাবিবলৈ যত্ন কৰে ৷ সেইবাবে শিক্ষামূলক ভ্ৰমণৰ গুৰুত্ব আৰু বৈশিষ্ট্য বিশেষ তাৎপৰ্যপূৰ্ণ ৷ ছাত্ৰ-ছাত্ৰীসকলে এই তাৎপৰ্য উপলব্ধি কৰি নিজৰ জীৱন মহান কৰিবলৈ আগবঢ়া উচিত ৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us