Type Here to Get Search Results !

Class 10 Geography Chapter 1| আধুনিক ভূগোল প্ৰথম অধ্যায়ঃ ভূ-আকৃতিক প্ৰক্ৰিয়া All questions and answers

Class 10 Geography Chapter 1| আধুনিক ভূগোল প্ৰথম অধ্যায়ঃ ভূ-আকৃতিক প্ৰক্ৰিয়া All questions and answers


অনুশীলনীঃ ১

১)স্থলাকৃতি বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পাহাৰ- পর্বত, মালভূমি, নদী উপত্যকা আদি অৱয়ৱ আছে, ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ-আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। ভূ-পৃষ্ঠৰ এই অৱয়ববোৰকে স্থলাকৃতি বুলি কোৱা হয়।


২) ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্রম বিকাশ আকাৰ -আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়।


৩)  ভু-আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা।

উত্তৰঃ ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বহুতো প্রক্রিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে কিছুমান প্রক্রিয়া বাহ্যিক আৰু অন্য কিছুমান আভ্যন্তৰীণ । বাহ্যিক প্রক্রিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান। আনহাতে আভ্যন্তৰীণ কাৰক বুলি ক'লে প্রধানকৈ ভূমিকম্প আৰু আগ্নেয় উদগিৰণকে সামৰি লোৱা হয়। এই দুই শ্রেণীৰ প্রক্রিয়াই ক্রিয়া কৰাৰ ফলতেই ভু-পৃষ্ঠত স্থলাকৃতিবিলাকৰ সৃষ্টি হৈছে। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্রক্রিয়াবোৰক ভু-আকৃতিক প্রক্রিয়া বোলা হয়।


৪) বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্রধান।


৫) অবনমন বুলিলে কি বুজা ?

উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধুলি-বালি, ক্ষুদ্র শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্রক্রিয়াকে অবনমন বোলে। অবনমনৰ ফলত ধূলি-বালি আৰু ক্ষুদ্র ক্ষুদ্র শিলবোৰ অন্য ঠাইলৈ প্রবাহিত হলে অবনমন ঘটা অংশটো ওখোৰা-মোখোৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে। 


৬)  ইনছেলবার্গ কি ছবি আঁকি দেখুওৱা।

উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বোলা হয় l অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ ৰ দৰে অবক্ষয়জনিত অবয়বৰ সৃষ্টি কৰে।



৭। মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি ?

উত্তৰঃ অবনমনৰ ফলত মৰুভূমিৰ একো-একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তেনে অৱস্থাত অৱনমিত অংশটোক মৰুদ্যান  বোলে ǀ মৰুদ্যান প্ৰকৃততে মৰুভূমিৰ মাজৰ একোটা সেউজীয়া অংশ ǀ মৰুদ্যানবোৰত কিছু পৰিমাণে পানী আৰু উদ্ভিদ থাকে ǀ মৰুভূমিৰ এই অঞ্চল বিলাকত কিছু পৰিমাণে খেতিবাতিও কৰা হয় ǀ 


৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ মৰুভূমিত বতাহৰ দ্বাৰা অৱক্ষেপনৰ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এখন ভূ –অৱয়ব ǀ

মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধুলি-বালিবোৰ য'ত জমা হয়গৈ, সেই অংশটো ক্রমে ওখ হৈ গৈ থাকে । এনেদৰে জমা হোৱা ধুলি-বালিবোৰে শেষলৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনেকৈ বালিৰে গঠিত হোৱাৰ বালিৰ পাহাৰক বালিয়াৰি বোলে ǀ


৯। অপঘর্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?

উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বোলা হয় l

ইয়াৰ ফলত ইনছেলবাৰ্গ আৰু ইয়াৰদাঙ ৰ দৰে ভূ-অৱয়বৰ সৃষ্টি হয় ǀ


১০) সংনিঘৰ্ষণৰ অর্থ লিখা ।

উত্তৰঃ মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘর্ষণজনিত প্রক্রিয়া হল সংনিঘর্ষণ  বতাহৰ দ্বাৰা পৰিবাহিত শিল-বালিবোৰৰ মাজতো পৰস্পৰিক ঘর্ষণৰ সৃষ্টি হয়, অর্থাৎ পৰিবাহিত হৈ থকা অবস্থাতে সেইবোৰৰ মাজত খুন্দা-খুন্দি লাগে ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় বা আকাৰত ক্ৰমে সৰু হৈ আহে। এই দৰে পাৰম্পৰিক বর্ষৰ দল শিলবোৰ ভাঙি-চিঙি টুকুৰা-টকুৰ হোৱা প্রক্রিয়াকে সংনিঘর্ষণ বোলে ǀ


১১) হিমবাহ কাক বোলে ? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?

উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা স্তূপবোৰৰ মাটিৰ ঢল অনুসৰিক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ। দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্রম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ  বোলা হয়।

হিমবাহবোৰ মাটি বা পাহাৰ পৰ্বতৰ ঢাল অমুসৰি বৈ আহে ǀ ঢাল কম থাকিলে ইয়াৰ গতিবেগো কমি যায় ǀআনহাতে হিমবাহৰ লগত অন্যবহুতো পদাৰ্থ, শিল ,বালি,মাটি আদি পাহাৰৰ ওপৰৰ পৰা বৈ আহে ǀ এইবোৰৰ উপস্থিতিয়েও হিমবাহৰ গতি ধীৰ কৰে ǀ


১২। হিমবাহ কেই প্ৰকাৰৰ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।

উত্তৰঃ হিমবাহ ৩ প্ৰকাৰৰ ǀ সেইবোৰ হৈছে- 

ক) মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্রীণলেণ্ড, স্কান্দিনেভিয়া, এন্টার্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। |

খ) পার্বত্য হিমবাহঃ সুউচ্চ পর্বতৰ উচ্চাংশত এনে হিমবাহ দেখা যায়। প্রধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি।

গ) গিৰিপদ হিমবাহঃ কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বোলে । উত্তৰ আমেৰিকাৰ আলাস্কাত এনে হিমবাহ দেখা যায় ।


১৩) হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা ।

উত্তৰঃ



১৪) ওলোমা উপত্যকা কি লিখা।

উত্তৰঃ হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱয়ব হৈছে ওলোমা উপত্যকা । সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ। য'ত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লগে। সেয়ে উপ হিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয় ǀ



১৫) গ্রাব কি? ই কেইপ্ৰকাৰৰ? চিত্র আঁকি গ্রাবৰ অৱস্থান দেখুওৱা ।

উত্তৰঃ পাহাৰ বা পৰ্বতৰ ঢালেদি বৈ আহোতে হিমবাহে বৰফৰ উপৰিও অন্য পদাৰ্থ কঢ়িয়াই আনে ǀ এইবোৰকেই সামগ্ৰিকভাৱে গ্ৰাব বোলে ǀ

ই চাৰি প্ৰকাৰৰঃ১)পাৰ্শ্ব গ্ৰাৱ

২)মধ্য গ্ৰাব

৩)ভূমি গ্ৰাব

৪)প্ৰান্ত গ্ৰাব 



১৬) গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাব পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া ।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্রভাব পেলাবঃ

ক) হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ǀ

খ) সাগৰ- মহাসাগৰৰ উপকূলৰ  বহুতো অঞ্চল তথা নিম্নভূমি সমূহ পানীৰ তলত দুব যাব ǀ 

গ) সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ নিচিহ্ন হব ǀ

ঘ) সাগৰ মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক  অৱস্হাত ব্যাঘাত জন্মিব ǀ

ঙ) জলবায়ু সলনি হব ǀ ঠাই বিশেষে বৰষুণ কম-বেছি হব ǀ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us