Type Here to Get Search Results !

Class 09 Assamese Chapter 9: ভাৰতৰ বৈচিত্ৰ্য মাজত ঐক্য All questions and answers

Class 09 Assamese Chapter 9: ভাৰতৰ বৈচিত্ৰ্য মাজত ঐক্য All questions and answers


ভাৰতৰ বৈচিত্ৰ্য মাজত ঐক্য


ভাব বিষয়ক :
১/ অতি চমু পৰিচয় দিয়া:

ক) ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উত্তৰ : ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দাত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল।
বা 
আদিম অধিবাসী বোলা হয়।

খ) বুদ্ধদেৱৰ আচল নাম কি?
উত্তৰ : বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ, গৌতম আৰু শাক্যসিংহ।
বা
গৌতম, সিদ্ধাৰ্থ আৰু শক্যসিংহ।

গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?
উত্তৰ : মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হল ব্যাস.। 
বা
বেদব্যাস।

ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰ : কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কনিক।
বা
কনিষ্ক।
 

ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰ : জৈন ধৰ্মৰ প্ৰৱৰ্তক হল মহাবীৰ জৈন।


প্ৰশ্ন নং: ২) কি কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা?

উত্তৰ : ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ আহা বিভিন্ন মানব জাতিৰ ধৰ্ম - ভাষা আচাৰ - ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।


প্ৰশ্ন নং : ৩) ভাৰতৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যৰ বুলি কোৱা হৈছে লিখা...?

উত্তৰ : ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে কাৰণ, ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে গভীৰ সাগৰ মহাসাগৰ, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰভূমি। কোনো এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ ভৌগলিক অৱস্থানৰ সাদৃশ্য নাই।


প্ৰশ্ন নং ৪) আৰ্য সকল ভাৰতলৈ অহাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। 

উত্তৰ : আৰ্য সকল ভাৰতলৈ অহাৰ  পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁত বৈ আহিছে। আৰ্যসকল অহাৰ অনেক কালৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি, ভাৰত বৰ্ষত ৰাজ্য স্হাপন কৰে। সেই সকলৰ ভিতৰত শক, কুশান, পাঠান মোগল, পতুগ্ৰীজ, ইংৰাজ, ফৰাছী , আদিয়েই প্ৰধান। এই বিজেতা সকলৰ ভিতৰত সৰহভাগেই ভাৰতবৰ্ষকে আপোন কৰি লৈ ভাৰতীয় লগতে নিজকে মিলাই দিছিল।


প্ৰশ্ন নং- ৫) ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা?

উত্তৰ : ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণৰ ক্ষেত্ৰত বিচিত্ৰতা লক্ষ্য ৰখা কৰা। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে। কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়।


প্ৰশ্ন নং ৬) ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰ :- ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ পাৰৰ বিষয়ে তলত উল্লেখ কৰা হল - পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিন ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অবশ্যে বৰ্তমান শিক্ষিত সমাজত লংপেন্টৰ প্ৰচলনেই আধিক। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰি যদিও অসমীয়া তিৰোতাই চাদৰ মেখেলা আৰু উত্তৰ ভাৰতৰ তিৰোতা সকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে।


প্ৰশ্ন নং ৭) আৰ্য সকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া?

উত্তৰ : আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ আহা দুটা বিদেশী জাতিৰ পৰিচয় তলত দিয়া হল -

ক) ইংৰাজ: আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ আহা বিদেশী জাতিৰ ভিতৰত ইংৰাজ সকল অন্যতম। প্ৰথমতে তেওঁলোকে ব্যবসায় বানিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল যদিও পিছলৈ তেওঁলোকে ভাৰতৰ শাসনভাৰো কাঢ়ি লৈছিল। ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপে আামাৰ দেশলৈ পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ আগমন ঘটিছিল।

খ) মোগল : আৰ্যসকলে ভাৰতত বসতি বিস্তাৰ কৰাৰ পিছত ভাৰতলৈ আহা বিদেশী জাতিবোৰৰ ভিতৰত মোগল সকলো অন্যতম। ১২০৬  চনৰ পৰা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহলৈকে ভাৰতত মোগলসকলে ৰাজত্ব কৰিছিল। ভাৰতৰ খাদ্য সম্ভাৰ, স্থাপত্য ভাস্কৰ্যতো এওঁলোকৰ প্ৰভাৱ পৰিছিল। ভাৰতৰ বিভিন্ন অঞ্চলিক ভাষাৰ শব্দমালাৰ মুছলমানসকলৰ বিভিন্ন শব্দ অন্তৰ্ভুক্ত আছে


প্ৰশ্ন নং ৮) "যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্হান বিশেষে ঐক্যৰ সেতু নিৰ্মান কৰি দিছে "-- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।

উত্তৰ : ভাৰতবৰ্ষ এখন অতি পুৰণি সু সভ্য ঐতিহ্যপূৰ্ণ দেশ। যিবোৰ বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্হান বিশেষে ঐক্যৰ সেতু নিৰ্মান কৰি দিছে যেন ই বহু ৰঙীন সূতাৰে গুঠা এখনি ফুলাম দলিচাহে। উদাহৰণ স্বৰূপে অসমত থকা বিহু, মুছলমান, শিখ, খ্ৰীষ্টান আদি লোক সকলে ধৰ্মীয় দিশত বিভিন্ন আদৰ্শ পূৰণ কৰে, কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতি ৰূপে বান্ধি ৰাখিছে। আনহাতে, অসমীয়া হিন্দু এজনৰ ভাষা আৰু প্ৰচাৰ নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ - নীতিৰ মাজত বিভিন্নতা থাকিলেও ধৰ্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে। সেয়েহে অামি কব পাৰো যে ভাৰতবৰ্ষ বিভিন্ন জাতি, ধৰ্ম, ভাষা- সংস্কৃতিৰ এক মিলন ক্ষেত্ৰ।


প্ৰশ্ন নং ৯)" ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিৰ ওলাই কৰিব নোৱাৰি।" - - - - এই কথাষাৰ যুক্তিযুক্ততা চমুকৈ  বিশ্লেষণ কৰা।

উত্তৰ : ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙনি উলাই কৰিব নোৱাৰি। সংগীত, চিত্ৰকলা, ভাস্কৰ্য্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক ঐক্য তাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উত্সৱ পাৰ্বনেও ভাৰতবাসীক ঐক্য ভাৱে ৰখাত সহায় কৰিছে। পোন্ধৰ আগষ্ট, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, হোলী, দেৱালী আদি আৰু অন্য ধৰ্মৰ ধৰ্মীয় উত্সৱৰ কথা এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি।


প্ৰশ্ন নং ১০) "ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্ত।" - তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ : বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ সমৄদ্ধ কৰি তুলিছে সিয়েই হৈছে ভাৰতীয় সংস্কৃতি। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতলৈ আহিছিল। কিন্তু কোনোয়ে কেবল নিজৰ টোকে ধৰি ৰাখিব পৰা নাই। ভাষা, ধৰ্ম বা অঞ্চল বিষেষৰ পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকৰ মাজৰ এতি সামূহিক মিল আছে। সেয়া  হল সংস্কৃতিৰ মিল। এই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান, মক্কাত বা জেৰুচামেলত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হব ভাৰতীয়ে । কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যামান। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গৈ সমন্বয় সাধন হৈছ। সেয়ে " ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্ত বুলি" কোৱা হৈছে


প্ৰশ্ন নং ১১  চমু উত্তৰ লিখা  :

ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?

উত্তৰ : নগা, বড়ো, মিচিং কাৰ্বি গাৰু আদি মংগোলীয় গোষ্ঠীৰ।


খ) সুকুমাৰ কলা কোন বিলাক?

উত্তৰ : কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচ বিধক সুকুমাৰ কলা বোলে।


গ) কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰিছে?

উত্তৰ : ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ, ভাগৱত, গীতা আদি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতীয়ৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰিছে।


প্ৰশ্ন নং ১২) কি কি পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে।

উত্তৰ : ভাষাগত, ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এতি সামূহিক মিল আছে।


প্ৰশ্ন নং ১৩) উত্তৰ ভাৰতৰ তিৰোতাসকলে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া?

উত্তৰ : উত্তৰ ভাৰতৰ তিৰোতা সকলে চুৰিদাৰ, পায়জামা পৰিধান কৰে


প্ৰশ্ন নং ১৪) চমুকৈ লিখা :

ক) সুকুমাৰ কলা : কলা হৈছে মানুহৰ এক জন্মগত প্ৰক্ৰিয়া। কলাই মানুহৰ মনৰ কঠোৰ প্ৰবৃত্তিবোৰ কুমলাৰ পৰে, কলা ৬৪ বিধ।  ইয়াৰে ভিতৰত কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধক সুকুমাৰ কলা বোলে।

খ) সংগীত : সংগীত হৈছে সুকুমাৰ কলাৰ এক অন্যতম বিভাগ। গীত, বাদ্য, আৰু আৰু নৃত্যৰ সমলয়কে সংগীত। এই কলাই সকলোকে আকৰ্ষিত কৰে। সংগীতৰ স্তৰ সাত টা। ক্ৰমে সা, ৰে, গা, মা, পা, ধা, নি।

গ)কুশানঃ কুশান এটি ৰাজকীয় বংশৰ নাম। শক নামৰ এটি যাজাবৰী জাতিৰ পাঁচোটা শাখাৰ ভিতৰত কুশান বংশই শ্রেষ্ঠ শাখা। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাৰত বুৰঞ্জী প্রসিদ্ধ কণিষ্ক।

ঘ) ব্য়াস : ব্যাস হল প্ৰাচীন কালৰ এজন মূনি।তেওঁ মহামূনি পৰাশৰৰ পুত্ৰ আাছিল। তেওঁৰ প্ৰকৄত নাম আছিল কৃষ্ণ দ্বৈপায়ন। তেখেত মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হিচাপে জগত বিখ্যাত। বেদ ব্যাস কৰি তেখেত বেদ ব্যাস হিচাপে জনমানসত প্ৰখ্যাত হয়।

ঙ) মক্কা : মক্কা আৰব দেশৰ ৰাজধানী আছিল। ইয়াৰ মাজতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল। প্ৰাচীন এই চহৰখনক ইছলাম ধৰ্মৰ মানুহে পবিত্ৰ তীৰ্থস্থান জ্ঞান কৰে।

চ) বশিষ্ঠঃ বশিষ্ঠ ব্ৰহ্মৰ মানসপুত্ৰ আৰু মন্ত্রদ্রষ্টা ঋষি। সূর্য বংশৰ ৰজাসকলৰ কুলপুৰােহিত। গুৱাহাটী নগৰৰ দক্ষিণফালে পাহাৰৰ কাণত বশিষ্ঠ মুনিয়ে আশ্রয় প্রতিষ্ঠা কৰিছিল। এই বশিষ্ঠাশ্ৰম আজিও এখনি পরিত্র তীর্থস্থান।


প্ৰশ্ন নং ১৫) "ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ"। - - - কথাষাৰ বহলাই লিখা।

উত্তৰ : গোটেই পৃথিৱী যেতিয়া অজ্ঞান আন্ধাৰত ডুব গৈ আাছিল তেতিয়া ভাৰতবৰ্ষ এখন ঐতিহ্যপূৰ্ণ সভ্য দেশ আাছিল। তেতিয়াই ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান , সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। অতীতৰে পৰা ভাৰতবৰ্ষ ৠষিমুনিৰ দেশ, তপস্বী সাধকৰ দেশ। এই দেশতে ব্যাস, বাল্মীকি, বৈশিষ্ট্য, বিশ্বামিত্ৰ, আদি ত্ৰিকালৰ ঋষিসকলৰ জন্ম হৈছিল। এই দেশতে বুদ্ধ, মহাবীৰ, কবীৰ, নানক, ৰামানন্দ, ৰামানুজ, চৈতন্যদেৱ, শংকৰদেৱ আৰু আন আন মহাপুৰুষ সকলো ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বানী আৰু আধ্যত্মিকতাৰ প্ৰচাৰ কৰি গৈছে। পৌৰাণিক গ্ৰন্থ সমূহৰ মাজত প্ৰকাশ পোৱা ভাৱ চিন্তাধাৰাৰ ঐক্যই ইয়াৰ বাসিন্দা সকলৰ মাজতো মিলনৰ সেতু গঢ়ি দিছে।


১৬) তোমাৰ দৈনন্দিন খাদ্য়সম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্য়ভ্য়াস পোৱা যায় চমুকৈ লিখা।

উত্তৰঃ ?

 ভাষা বিষয়ক:

১৭) তলৰ শব্দ বোৰৰ সন্ধি ভাঙা।

অনুষ্ঠান = অনু + স্হান
জনাকীৰ্ন= জনা +  অকীৰ্ন
স্বাধীন= স্ব +অধীন
জন্মাষ্টমী = জন্ম + অষ্টমী


১৮) তলৰ শব্দ বোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা :

শাৰিৰীক = শৰীৰ + ইক
সামাজিক = সমাজ +ইক
সুকিয়া
ভৌগোলিক = ভূগোল + ইক
ফুলনি = ফুল + অনি
ভাৰতীয় = ভাৰত + ইয়
ফুলাম = ফুল + আম
অবিনাশী = অবিনাশ+ ঈ


১৯) প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা :

হেতু = কাৰণ
পৃথিৱী= জগত, ধৰনী
গ্ৰন্থ= কিতাপ, পুথি
মাতা = মা, মাতৃ


২০) বিপৰীত শব্দ লিখা।

পাৰ্থক্য =সাদৃশ্য
ত্যাগ = গ্ৰহণ
 বৈচিত্ৰ্য = ঐক্য
প্ৰাচীন = আধুনিক

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us