Type Here to Get Search Results !

Class 09 Assamese Chapter 16: সন্মান All questions and answers

Class 09 Assamese Chapter 16: সন্মান All questions and answers

সন্মান 


১। অতি চমু উত্তৰ দিয়াঃ

(ক) অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ।

উঃ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।
বা
যি দেশৰ অধিকাৰ আৰু শাসনকৰ্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে আস্থিৰ।


খ) ছাতৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে ? 

উঃ ছাতৰে শিক্ষকৰ ধাৰ গুজিব  নোৱাৰে ।
বা
নোৱাৰে।পৃথিৱীত এনে বস্তুনাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে।


গ)  তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো  ৰজা - তেওঁ কোন ? 

উঃ ৰজা  তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো  ৰজা  - ইয়াত তেওঁ বুলি ইশ্বৰক বুজোৱা হৈছে ।
বা
তেওঁ হ'ল জগতখন ধাৰণ কৰোতা, ভগৱান ঈশ্বৰ। তেওঁই হ'ল সকলোৰে উৰ্ধত।


ঘ) হেমচন্দ্ৰ বৰুৱা কোনজন কাকতৰ সম্পাদক আছিল ? 

উঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল ।
বা
তেওঁ 'আসাম নিউজ' কাকতৰ সম্পাদনা আছিল।


ঙ) হেমকোষ কি ? 

উঃ হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বৃতপত্তিগত অভিধান ।
বা
হোমকোষ হ'ল বৃহৎ কলেবৰৰ অসমীয়া অভিধান। ইয়াৰ ৰচক 'হেমচন্দৰ বৰুৱা।


চ) কানীয়াৰ কীৰ্তন'ৰ ৰচক কোন  ? 

উঃ  কানীয়াৰ কীৰ্তন ৰচক  হল - হেমচন্দ্ৰ বৰুৱা  ।


২) ঈশ্ৱৰৰ পাচতে পিতৃ - মাতৃ আমাৰ মাননীয় - কথাষাৰ বুজাই লিখা ? 

উঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্ৰদ্ধাই হৈছে সন্মান । কোনো এজন লোকে তেওঁৰ নিজৰ গুন , পদমযাৰ্দা আদিৰ ভিক্তিত  সমাজ এখনত সন্মান লাভ 
আমাৰ পাঠ্য়পুথিত অন্তগৰ্ত সন্মান পাঠটিৰ প্ৰকৃত সন্মানৰ ৰাত্ৰ কোন , কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে । সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে । ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ , সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ । তেওঁ এই বিশ্ৱব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা । তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি - অন্ত নাই । তেওঁ সকলোকে   সৃষ্টিকৰ্তা আৰু পালনকৰ্তা । গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে । 
ঈশ্বৰৰ পিছতে দ্ৱিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ - মাতৃ । কাৰণ তেওঁলোকে আমাক জন্ম দিছে , লালন - পালন কৰি ডাঙৰ - দীঘল কৰিছে , জ্ঞান - বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি   তুলিবলৈ যত্ন কৰিছে । আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ  পিতৃ - মাতৃ অহৰহ সাজু হৈ থাকে সদাই । আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযৰ্শে তেওঁলোকক মনোকষ্ট দিয়ে । তেওঁলোকে আমাৰ বাবে বহুত দুখ - কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য় বা সন্মানীয় ।


৩) শিক্ষকৰ প্ৰতি ছাত্ৰই মান - সতকাৰ কিয় ৰাখিব লাগে ? 

উঃ আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে । কাৰণ পিতৃ - মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে , জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে । শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো । শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা , নুৱুজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋন কোনো ছাত্ৰ - ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে । আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক সিকাই , তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে  কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান - সতকাৰ সদাই ৰাখিব লাগে । 


৪) সন্মান পাঠটোৰ পৰা কি কি শিকিলা ,  চমুকৈ লিখা  । 

উঃ উত্তৰৰ বাবে ২ নং আৰু ৩ নং প্ৰশ্নউত্তৰ গৈ চোৱা ।


ভাষা - বিষয়ক ঃ  

১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা  ? 

 নৰিয়া , জগত, লোতক , চকু , হেতু , মান ।

উঃ  নৰিয়া  - ৰোগ , বেমাৰ , অসুখ ।
     জগত - ধৰিত্ৰী , বখুমতী , কৃথিৱী ।
     লোতক - অশ্ৰু , চকুপানী , চকুলো ।
      চকু - নেত্ৰ , নয়ন , অক্ষি ।
      হেতু - কাৰণ ।
       মান - শ্ৰদ্ধা , সন্মান । 


২) বিপৰীত শব্দ লিখা ।

 শ্ৰদ্ধা , শলাগ , আদি , দুষ্ট , জ্যেষ্ঠ , ন্যায় ।

উঃ  শ্ৰদ্ধা - ঘৃনা , অশ্ৰদ্ধা ।
   শলাগ - অশলাগ ।
 আদি - অন্ত ।
  দুষ্ট - সান্ত , সত ।
জ্যেষ্ঠ - কনিষ্ঠ ।
 ন্যায় - অন্যায় ।


অতিৰিক্ত প্ৰশ্নোত্তৰ ।

১) সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে ।

উঃ সন্মান পাঠটি হেমচন্দ্ৰ বৰুৱাৰ  পাঠমালা থিৰ পৰা লোৱা হৈছে । 


২) হেমচন্দ্ৰ  বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম লিখা ।

উঃ  হেমচন্দ্ৰ  বৰুৱাৰই ৰচনা কৰা এখন ব্যাকৰণৰ পুথিৰ নাম  হল - অসমীয়া ব্যাকৰণ ।


৩) কোনসকল লোকক  কবিয়ে সন্মানৰ পাত্ৰ বুলি কৈছে ।

উঃ ঈশ্বৰ , পিতৃ - মাতৃ , শিক্ষক  , দেশৰ অধিকাৰ আৰু বুঢ়া লোক - এইসকলক লোকক কবিয়ে  সন্মানৰ পাত্ৰ বুলি কৈছে ।


৪) ঈশ্বৰৰ আদি অন্ত আছেনে ।

উঃ ঈশ্বৰৰ আদি অন্ত  নাই । 


৫) সকলোৱে কাক ভক্তি কৰা  উচিত ।

উঃ সকলোৱে ভগৱানক ভক্তি কৰা  উচিত ।


৬) কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়  ? 

উঃ শিক্ষকৰ  অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয় ।


৭) কবিয়ে আমি ধনী , মানী আৰু যশস্ৱী হলে কাৰ আনন্দৰ সীসা নথকাৰ কথা কৈছে ? 

উঃ কবিয়ে আমি ধনী , মানী আৰু যশস্ৱী হলে  আমাৰ পিতৃ - মাতৃৰ আনন্দৰ সীসা নথাকে বুলি কৈছে।


৮) অধিকাৰ নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি ।

উঃ ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ নথকা দেশৰ অস্থিৰতাক লগত তুলনা কৰিব পাৰি ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us