Type Here to Get Search Results !

Class 09 Assamese Chapter 13: হনুমন্তৰ লঙ্কাদৰ্শন All questions and answers

Class 09 Assamese Chapter 13: হনুমন্তৰ লঙ্কাদৰ্শন All questions and answers


হনুমন্তৰ লঙ্কাদৰ্শন


১) চমুকৈ উত্তৰ দিয়া -ঃ
ক) মাধৱ কন্দলী কোন আছিল ?

উঃ মাধৱ  কন্দলী  প্ৰাক - শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল ।
বা
মানৱ কন্দলী প্ৰাক-শংকৰী যুগৰ এগৰাকী অসমীয়া কবি আছি। তেওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।


খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ? 

উঃ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল ।
বা
মানৱ কন্দলীয়ে মহাকবি বাল্মীকিয়ে ৰচনা কৰা সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনিবাদ কৰিছিল।


গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?

উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাচঁটা কাণ্ড পোৱা যায়।


ঘ) মাধৱ কন্দলীক শংকৰদেৱে  কবি বুলি অভিহিত কৰিছিল ? 

উঃ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ? 


ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?
 
উঃ মাধৱ কন্দলীৰ ৰামায়ণত  সন্নিৱিষ্ট বৰ্তমানে উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল ।


চ) হনুমন্তৰ লংকাদৰ্শন - কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?

উঃ হনুমন্তৰ লংকাদৰ্শন - কাব্যাংশ  ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে ।


২) মাধৱ কন্দলীৰ বাহিৰে শংকৰ - পূৰ্ব যুগৰ কবিকেইজনাৰ নাম উল্লেখ আছে ?
 
উঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ - পূৰ্ব যুগৰ কবিকেইজনাৰ নাম  - হেমসৰস্ৱতী , হৰিদাস বিপ্ৰ , কবিৰত্ন সৰস্ৱতী আৰু ৰুদ্ৰ কন্দলী ।


৩) মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?
 
উঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ ষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ।

৪) তলত দিয়াবোৰৰ টোকা লিখা ঃ

উঃ 
হনুমন্ত -  হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল । হনুমন্ত  বানৰ বীৰ আছিল । তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল । তেওঁ মহা বলবন্ত আৰু বুদ্ধিমত্ত আছিল । ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল । ৰাম - ৰাৱনৰ যুদ্ধত লক্ষ্মণক মেঘনাথে শৰ মাৰি বধ কৰাত বিশল্য়কৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল । তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল ।

সুগ্ৰীৱ - সুগ্ৰীৱ বানৰসকলৰ ৰাজ্য  কিষ্কিন্ধ্যাৰ ৰজা বালীৰ ভায়েক আছিল । এওঁ ৰামৰ পৰম মিত্ৰ আছিল । সীতাৰ সন্ধানত ঘূৰি ফুঁৰোতে ৰাম আৰু সুগ্ৰীৱৰ  মিলত ঘটিছিল । ৰাজ্যলাভৰ আশাত  সুগ্ৰীৱে
ভায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰায়ছিল । সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল ।

নীল -ঃ নীল এগৰাকী বানৰ বীৰ আছিল । কিষ্কিন্ধাত তেওঁ ৰামচন্দ্ৰক লগ পায় । এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিমাৰ্ণ কৰাব লগা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল । নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম- ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল । 

অম্ৰাৱতী - ঃ অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল । এই নগৰখন দেৱসকলৰ সনিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াত সৌন্দৰ্য অতি বিতোপন আৰু চালে চকুৰুৱা আছিল । অম্ৰাৱতীত থকা বাগিছাখনৰ নাম নন্দন কানন আছিল । যত দুষ্প্ৰাপ্য ফুল জকমকাই সদাই ফুলি আছিল ।

কাশ্যপ নন্দন -ঃ সূৰ্যদেৱৰ আন এটা নাম আছিল কাশ্যপ নন্দন । ৰামায়ণৰ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পূত্ৰ আছিল ।  এওঁক ঐলোক্যৰ প্ৰদীপ বুলিও কব পাৰি । অগ্নি , ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূৰ্য অভিন্ন ।

 বিশ্বকৰ্মা -ঃ  বিশ্বকৰ্মা  দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত । ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী  বিশ্বকৰ্মা  । এওঁ দেৱতাসকলৰ অলংকাৰ  আৰু বিমান নিৰ্মান কৰিছিল । ইন্দ্ৰৰ ৰাজধানী  অম্ৰাৱতী  নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গই সাধিত হৈছিল । এঁওক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায় ।


৫) লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল - ফুলৰ গছ দেখিবলৈ পাইছিল ?

উঃ লংকা নগৰীৰ , যাওঁতে কাষৰ বন- বননিত  হনুমন্তই অনেক ফল - ফুল দেখিবলৈ পাইছিল । সেইবোৰ হল সৰল , পিয়াল , ঔটেঙা , আঙুৰ , আম , জাম ,খেজুৰ , শাল , তাল , তামোল ,গমাৰি , বগৰী , সোলেং টেঙা , কৰ্দৈ, বীজপুৰ , আমলখি , অমৰা , বুট , মনিছাৰ বা বিন , কল , গুনকল , সেৱতী , মালতী , , নাৰিকল , শ্ৰীফল , মহৰি ,  পাৰিজাত , ছতিয়কা , হাৰিঠা ,  নগগেশ্ৱৰ , আদি বিভিন্ন ফল - ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনিয়া পুখুৰী । 


৬) হনুমন্তই  কি ৰূপ ধৰি লংকা নগৰীত প্ৰবেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?

উঃ হনুমন্তই  বিৰান অৰ্থাত মেকুৰীৰ ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল । লঙ্কা নগৰীত সুৰক্ষা ব্য়ৱস্থা অতি শক্তিশালী আছিল । হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বন্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল । সেইবাবে তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লঙ্কা  নগৰীত প্ৰৱেশ কৰিছিল ।


৭) হনুমন্তই  পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ।

উঃ সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল । বিবিধ  ফল - ফুলেৰে জাতিষ্কাৰ বন- বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ  লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল । তেতিয়া তেওঁ মায়াবিদ্য়াৰে  নিজৰ শৰীৰটোক এটি মেকুৰীলৈ  ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দৰ্য  উপভোগ কৰিব ধৰিলে । ত্ৰিকূট পৰ্বত স্থাপিত
লংকা নগৰখন যেন বিশ্বকৰ্মা  নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী  অমৰাবতীহে । সমগ্ৰ লংকা নগৰীৰ  চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ , মণি - মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমন্দলৈ থাকি পোহৰ বিলাই আছিল । গোটেই লংকা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেঢ়ি আছিলে ।
দেৱতা , অসুৰ আদিয়ে পাৰ হব নোৱাৰাকৈ শাৰী - শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । গধূলি সময়ত দেখা লংকা নগৰী খন দুৰ্গম স্থান যেন লাগিছিল  হনুমন্তইৰ । 


৮) সুৰক্ষিত লংকা নগৰী দেখি  হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ? 

উঃ ৰামভক্ত  হনুমন্তই প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল । গধূলি সময়ত তেওঁ দেখিছিল গোটেই লংকাখন সোণেৰে নিৰ্মিত গড়ে । লংকা নগৰীৰ বহল চাৰিসীমা আৱৰি আছে অসংখ্য়া মজবুত দুৰ্গই । নানা যন্দ্ৰেৰে সজ্জিত সেই দুৰ্গ দেৱতাই অসুৰ আদিয়ে লংঘিব নোৱাৰাকৈ শাৰী - শাৰীকৈ যন্ত্ৰৰে সাজি থোৱা আছে ।  হনুমন্তই ধাৰণা হৈছিল যে লংকা দুৰ্গম ঠাই তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ , মুগ্ৰীৱ , নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্ৰৱেশ কৰিব পাৰিলে । নহলে অন্য় বানৰে শত যোজন পথ পাৰ হৈ  সাগৰৰ সিপাৰে থকা লংকালৈ কিদৰে আহিব পাৰিব । দেৱতায়ো লংঘিব নোৱাৰা  লংকালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নোৱাৰিব - সেই চিন্তাইহে  হনুমন্তইৰ মনলৈ আহিছিল ।


৯) সুবেল শৃংগত বাহি  হনুমন্তই কি ভাবিছিল? 

উঃ সীতাক বিচাৰি ত্ৰিকূট পৰ্বতৰ ওপৰত সুবেল - শৃংগত আহি উপস্থিত হৈছিল  হনুমন্ত । তেতিয়া শৃংগত বাহি ভাবিছিলে যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছেহি  । এতিয়া তেওঁ আগলৈও আগবাঢ়ি যাব পাৰিব । সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল । সেইবাবে এতিয়া তেওঁ আগবাঢ়ি নোৱাৰিব বুলি ভাবিবলৈ লাজ লাগে । এই বিলাক কথা ভাবি হনুমন্তই সুবেলত শৃংগত  বাহি দ্ৱিতীয় অমৰাবতী সদৃশ লংকা নগৰীলৈ যাবলৈ ভাবিছিল । 


১০) হনুমন্তই  লঙ্কাদৰ্শন  কাব্য়াংশৰ  মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।

উঃ ৰাৱণে সীতাক হৰি নিহে বুলি গম পাই হনুমাণে বিশাল সাগৰ পাৰ হৈ সুবলে শৃংগত অৱতৰন কৰে । সুবেলিগিৰি শৃংগত বহি লংকা নগৰীখন চাই থাকোতেঁ সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল যাতে দিনৰ পোহৰত তেওঁ লংকাৰ গড়টো চাব পাৰে ।  হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা সন্তুষ হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পুহৰত লংকা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হল । এই পথছোৱাত সৌন্দৰ্য অতি মনোলোৱা আহিলে । চাৰিওফালে থকা বননিযোৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভোমোৰাবোৰে সেই ফল - ফুলবোৰৰ মধুপান কৰি আছে । অই বননিত হনুমন্তই  বিঙিন্ন ধৰণৰ ফল - ফুলৰ গছ দেখা পাইছে । সেইবোৰ হল সৰল, পিয়াল , নিখৰ , খেজুৰ , শাল , তাল , তামোল , গমাৰি , বীজপুৰ , বৰগছ , ঔটেঙা , বুট , কমলা , বগৰী , তেতেলী , আম , জাম , নাগেশ্বৰ , আমলখি , নাৰিকল , শ্ৰীফল , কৰ্দৈ , অমৰা , কল , গুলাল , পাৰিজাত , মালতী , গুটিমালী  আদি । এই গছবোৰৰ
পৰা গোটেই বছৰ জুৰি , শীতল বতাহ বলি থাকে আৰু বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত গাই থাকে । লঙ্কাৰ চৌপাশে সাগৰে বাৰে বৰণীয়া  মুকুতাৰে উপচাই পেলাইছে । গোটেই দিনটো লঙ্কাৰ কাষৰ বননিখনৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি বেলিকা হনুমানে লঙ্কাত প্ৰৱেশ কৰিবলৈ আহিছিল  কিন্তু নিজৰ শাৰীৰিক কলেৱৰ মেকুৰীৰ সমান কৰি হে তেওঁ লঙ্কাৰ প্ৰাচীৰৰ ওপৰত উঠিল । গোটেই লঙ্কাখন সোণৰ গড় আৰু প্ৰাচীৰেৰে আবৰি আছে আৰু শাৰী - শাৰীকৈ নানা যন্ত্ৰ সাজি থোৱা আছে যাতে দেৱতা বা কোনো অসুৰে তাক লঙঘন কৰিব নোৱাৰে । সেই দুৰ্গম ছাই দেখি হনুমানে চিন্তাত পৰিল । কাৰণ অঙ্গত, সুগ্ৰীৱ , নীল আৰু  হনুমানে  লগ হৈ শতেক যোজন দূৰত থকা সাগৰ পাৰ হব পাৰিলেও বান্দৰবোৰে লঙ্কালৈ কেনেদৰে আহিব । আহিলেও ৰামচন্দ্ৰইনো তাত কি কৰিব ? যিহেতু ৰাম লক্ষ্মণৰ অপাৰ মহিমা গতিকে মনত কিছু আশা লোৱা উচিত । 
ইয়াত লঙ্কা নগৰীৰ প্ৰকৃতি বৰ্ননাত অসুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুিিিমীয়া কবিয়ে যতেই সুৰুঙা পাইছে ততেই অসমৰ গছ, বন , ফুলৰ নামবোৰ উল্লেখ কৰিছে ।


ভাষা - বিষয়ক  ঃ- 

১১) তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা - ঃ 

  কণ্টকি , ছাতিমাল , তাইতে , দেখিলন্ত ।

  উঃ কণ্টকি - কাই ।
 ছাতিমাল  - ছতিয়না গছ ।
 আধুনিক -  তাত  । 
 দেখিলন্ত -  দেখিলে । 


১২) সমাৰ্থক শব্দ লিখা -ঃ

গগন , বিৰাল , গড় , সমুদ্ৰ ,পৱন ।

উঃ 
গগন - আকাশ ।
 বিৰাল - মেকুৰী 
 গড় -দুৰ্গ , কোঁঠ 
 সমুদ্ৰ - সাগৰজলধি ।
 পৱন - বতাহ , বায়ু । 


অতি চমু প্ৰশ্নোত্তৰ ঃ-

১) মাধৱ কন্দলী কোন যুগৰ কবি আছিল ।

উঃ মাধৱ কন্দলী  প্ৰাক শংকৰী যুগৰ কবি আছিল । 


২) মাধৱ কন্দলীৰ ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায় ? 

উঃ মাধৱ কন্দলীৰ ৰামায়ণত আদি কাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা যায়  ।


৩) কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য়খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ? 

উঃ বৰাহী ৰজা মহামাণিক্য়ৰ পৃষ্ঠপোষকতাত পৃষ্ঠপোষক  সংস্কৃত ৰামায়ণ মহাকাব্য়খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । 


৪) মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা  কোনে ৰচনা কৰিছিল ?
 
উঃ মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা ক্ৰমে মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰামন্ত শংকৰদেৱ ৰচনা কৰিছিল । 


৫) মাধৱ কন্দলীৰ  ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে নেযায় ? 

উঃ মাধৱ কন্দলীৰ  ৰচনাত কৰিব মৌলিকতাৰ  প্ৰভাৱ দেখা যায় ।


৬) পৱন নন্দন কোন ? 

উঃ পৱন নন্দন হল পৱন পুত্ৰ হনুমান ।


৭) লঙ্কাপুৰী কত অৱস্থিত আছিল ? 

উঃ লঙ্কাপুৰী  ত্ৰিকূট পৰ্বতৰ ওপৰত অৱস্থিত আছিল । 


৮) অম্ৰাবতী কোনে নিৰ্মাণ কৰিছিল ? 

উঃ অম্ৰাবতী  দেৱতাৰ মিকৰ বিশ্ৱকৰ্মাই নিৰ্মাণ কৰিছিল ।


৯) হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল । 

উঃ হনুমানে  সুবেল শৃংগত বহি লংকা নগৰীখন চাইছিল ।


১০) কাল্য়প নন্দন কোন ? 

উঃ কল্য়শ নন্দন হল সূৰ্যৰ এটা নাম ।


১১) পদ্মিনী দিঘী মানেকি ? 

উঃ পদ্মিনী দিঘী মানে হল পদুম ফুলেৰে ভৰি থকা পুখুৰী ।


১২) দাশৰথী ৰাম - ৰে কি অৰ্থ কৰিছে  ? 

উঃ  দাশৰথী ৰাম - দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে । 


১৩) কি দেখি হনুৃমন্ত  চিন্তিত হৈছিল  ? 

উঃ লঙ্কাৰ সুৰক্ষা ব্য়ৱস্থা দেখি  হনুৃমন্ত  চিন্তিত হৈছিল  ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us