Type Here to Get Search Results !

বঙাইগাওঁ | Bongaigaon | বঙাইগাওঁ জিলাৰ তথ্য় | Bongaigaon District Details | বঙাইগাওঁ জিলাৰ বিষয়ে সবিশেষ । বঙাইগাওঁ জিলাৰ গাওঁসমূহৰ নাম | Bongaigaon District Villages name | বঙাইগাওঁ জিলাৰ নামৰ উৎপত্তিৰ কাৰণৰ বিষয়ে সবিশেষ | বঙাইগাওঁ জিলাৰ উন্নয়ন খণ্ডসমূহৰ নাম | Bongaigaon District Blocks Name |

 বঙাইগাওঁ জিলাঃ বঙাইগাওঁ জিলাখন পূৰণি বিজনী আৰু চিডলী ৰাজ্যৰ ইতিহাসৰ পৰিপূৰ্ণ। ১৯৮৯ চনৰ ২৯ ছেপ্তেম্বৰ তাৰিখে কোকৰাঝাৰ আৰু কগোৱালপাৰা জিলাৰ কিছু অংশ সংযোগ হৈ বঙাইগাওঁ জিলাখন গঠিত হৈছিল। ইয়াৰ এক অংশ ২০০৪ চনত চিৰাং জিলাত অন্তৰ্গত হোৱাৰ বাবে বঙাইগাওঁ জিলাৰ মাটিকালি কিছু পৰিমাণে কমি যায়।

চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে চিৰাং অন্তৰ্ভুক্ত, পূবে বৰপেটা জিলা, দক্ষিণ দিশে গোৱালপাৰা জিলা আৰু পশ্চিমে ধুবুৰী আৰু কোকৰাঝাৰ জিলা অৱস্থিত।


বঙাইগীাওঁ জিলাৰ মাটিকালিঃ ৭,৩৮,৮০৪ বৰ্গ কিল'মিটাৰ এই জিলাৰক মাটিকালি।

বঙাইগাওঁ জিলাৰ সদৰ ঠাইঃ বঙাইগাওঁ জিলাৰ সদৰ ঠাই বঙাইগাওঁ বুলি জনা যায়।

বঙাইগাওঁ জিলাৰ মহকুমাঃ বঙাইগাওঁ, উত্তৰ শালমাৰা আৰু মাণিকপুৰ।

বঙাইগাওঁ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ পূৰণি ইতিহাস মতে  এই ঠাইত বং নামৰ এগৰাকী কবিয়ে বসবাস কৰিছিল তেওঁৰ নামৰ অনুসৰিয়ে এই ঠাই নাম বঙেৰ গাওঁ আছিল আৰু এই নামৰ পৰাই কিছু সাল-সলনি হৈ জিলাখনৰ নাম বঙাইগাওঁ হয়।

বঙাইগাওঁ জিলাৰ প্ৰধান শস্যঃ ধান, মাহ, সৰিয়হ, মৰাপাট ইত্যাদি।

বঙাইগাওঁ জিলাৰ প্ৰধান নদীঃ এই জিলাৰ প্ৰধান নৈ হৈছে ব্ৰহ্মপুত্ৰ।

বঙাইগাওঁ জিলাৰ পাহাৰঃ নানকাটি, মহাদেৱ, ভৈৰৱচূড়া যোগীঘোপা ইত্যাদি বঙাইগাওঁ জিলাৰ পাহাৰ।

বঙাইগাওঁ জিলাৰ বিলঃ কনৰা, তামৰঙা, দলনি আদিয়ে এই জিলাৰ বিল।

বঙাইগাওঁ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে'লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।

বঙাইগাওঁ জিলাৰ জাহাজ ঘাটঃ এই জিলাৰ জাহাজ ঘাট হৈছে যোগীঘোপা।

বঙাইগাওঁ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথঃ বঙাইগাওঁ জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বিজনী, ৰাখালডুবি, উত্তৰ শালমাৰা, বইটামাৰী হৈ ধুবুৰী জিলাত প্ৰৱেশ কৰি অসম-পশ্চিমবংগ সীমাৰ ছাগলীয়া তালাচী চকী পাইছেগৈ। ৩১ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথে ৰাখালডুবিত আৰম্ভ হৈ কোকৰাঝাৰ জিলাৰ মাজেৰে চাপাগুৰি, ঢালিগাওঁ চুই অসমৰ অসমৰ পশ্চিম সীমা শ্ৰীৰামপুৰ তালাচী চকী পাইছেগৈ। ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথ শালমাৰাৰ ওচৰত আৰম্ভ হৈ চলন্তপাৰা, যোগীঘোপা হৈ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ৩ নম্বৰ দলং নৰনাৰায়ণ সেতুৰে গৈ গোলাৱপাৰা জিলাৰ শ'লমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ।

বঙাইগাওঁ জিলাৰ ৰে'ল ষ্টেছনঃ বঙাইগাওঁ জিলাৰ ৰে'ল ষ্টেছনসমূহৰ নাম হৈছে- বঙাইগাওঁ, মাজগাওঁ, পাতলিদহ, অভয়াপুৰী, নিউ বঙাইগাওঁ, চাপৰাকাটা, যোগীঘোপা, ডাংতল।

বঙাইগাওঁ জিলাৰ বুৰঞ্জীঃ এই জিলাখনত পূৰণি বিজনী আৰু চিডলী ৰাজ্য়ৰ ইতিহাসেৰে জড়িত হৈ আছে। এই জিলাখন গঠন কৰা হৈছিল গোৱালপাৰা জিলা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশক লৈ ২৯ ছেপ্তেম্বৰ তাৰিখে ১৯৮৯ চনত। 

বঙাইগাওঁ জিলাৰ বিভাগসমূহঃ এই জিলাৰ তিনিটা মহকুমা হ'ল ক্ৰমে বিজনী, উত্তৰ শালমাৰা আৰু বঙাইগাওঁ। বঙাইগাওঁ জিলাৰ কিছু অংশ ২০০৪ চনত চিৰাং জিলাৰ বড়োলেণ্ড পৰিষদলৈ যোৱা হয়। এই জিলাত চাৰিটা বিধানসবাৰ সমষ্টি আছে। এই চাৰিটা বিভানসভাৰ সমষ্টি হ'ল বিজনী, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী আৰু বঙাইগাওঁ। দক্ষিণ অভয়াপুৰী সমষ্টিটো অনূসুচিত জাতিৰ বাবে সংৰক্ষিত। বিজনী সমষ্টি কোকৰাঝাৰ জিলাৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত।

District Administration Website of Bongaigaon : https://bongaigaon.assam.gov.in/

বঙাইগাওঁ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম:

শ্ৰীজনগ্ৰাম ।

সিডলী ।

বইটয়ামাৰী ।

বিজনী ।

বঙাইগাওঁ ।

Q: What is the population of Bongaigaon district?
A: Bongaigaon district has a population of approximately XXXX as per the latest available data.

Q: What are the major languages spoken in Bongaigaon district?
A: The predominant language spoken in Bongaigaon district is Assamese. Additionally, languages like Bengali, Bodo, and Hindi are also spoken by a significant portion of the population.

Q: What are the popular tourist attractions in Bongaigaon district?
A: Bongaigaon district boasts several notable tourist attractions, including Bagheswari Temple, Chakrashila Wildlife Sanctuary, Koya Kujia Eco-Tourism Centre, and Bageswari Hill.

Q: What are the main industries in Bongaigaon district?
A: Bongaigaon district is known for its thriving industries, with major sectors including oil and gas, petrochemicals, thermal power, textiles, and agriculture. The district houses important industrial establishments such as the Bongaigaon Refinery and Petrochemicals Limited (BRPL) and the Bongaigaon Thermal Power Station.

Q: How can I reach Bongaigaon district?
A: Bongaigaon district is well-connected by road, rail, and air. The nearest airport is Lokpriya Gopinath Bordoloi International Airport in Guwahati, which is approximately  away. The district also has a railway station, Bongaigaon Railway Station, which is connected to major cities in the region. Various buses and taxis operate between Bongaigaon and other nearby cities and towns.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us