Type Here to Get Search Results !

অসমীয়া বাক্য ৰচনা | Assamese Sentence | অসমীয়া বাক্য ৰচনা সমাধান । অসমীয়া বাক্য ৰচনা সহায়িকা | Assamese Grammar | Assam Class IX & X Grammar

Assam Class IX & X Grammar

 অসমীয়া কিতাপৰ বাক্য ৰচনা কৰা 

১) শুৱনী - পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে । 

২) সুৰীয়া - মোৰ ভাষাটো সুৰীয়া নহলেওঁ মোৰ বাবে সদায় আপোন ।

৩) ধুনীয়া - মৃন্ময় দেখিৱলৈ ধুনীয়া হলেওঁ পঢ়িৱলৈ নাজানে ।

৪) চহকী - মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।

৫) কুমলীয়া - ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।

৬)সুবিশাল - কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে - হাতে ধৰা - ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।

৭) কথাচহকী - বিন্দ্ৰা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।

৮) কথা শু্ন - শিক্ষকে ছাত্ৰসকলক ক 'লে যে মই কোৱা প্ৰতিটো কথা শু্ন

৯) কথা ৰাখ - পুষ্পই বিপাছাক কথা ৰাখ্ বুলি প্ৰতিশ্ৰুতি ল 'বলৈ কলে ।

১০) মিচিকিয়াই - নয়নাই মিচিকিয়াই হাঁহি খুড়াকক সুধিলে ।

১১) চেনেহী - অসমীয়া ভাষাটো আমাৰ চিৰ চেনেহী ভাষা জননী  ।

১২) পূৰণি - হেম সৰস্বতী দেবৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পূঠিখন বহুত পুৰণি ।

১৩) ধন্যবাদ - কোনোৱাই তিলমাত্ৰ উপকাৰ কৰিলে তাতবাবে ধন্যবাদ  প্ৰকাশ কৰিব লাগে ।

১৪) সাহিত্য - সাহিত্য সমাজৰ দাপোন স্বৰূপ 

১৫) যুগে-যুগে - অসমীয়া ভাষাও যুগে - যুগে পৰিৱৰ্তিত হৈ আহিছে ।

১৬) জেতুকা - বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বুলায় ।

১৭) ভমকা - আই শালৰ গামোছাখনত ভমকা ফুল দি কাটিলে ।

১৮) আঁচু - ৰেখাই শালৰ গামোছাখনত আঁচুৰ ভমকা ফুল দিলে  ।

১৯) শাল - মানসীয়ে এইবাৰ শালত চাদৰ লগাইছে ।

২০) দিহা - আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে ।

২১) ভিৰাই - ষাড়গৰুটোক দেখি ৰাশিয়ে ভিৰাইদৌৰ মাৰিলে ।

২২) জেঙা - লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম চিঠিখন ডাকত দিওতেই লগাগে জেঙা   ।

২৩) সুৰঙা - ৰমেনে তাৰ ঘড়ীটোক এটা বাকচত বাকচটোৰ সুৰুঙা দি সুমুৱাই থ 'লে ।

২৪) দয়াপৰৱশ - কোনোৱাই কিবা বুজি নাপালে তাক খঙেৰে নুবুজাই মৰম আৰু দয়াপৰৱশ হৈ বুজাৱ লাগে।

২৫) পৰিভ্ৰমী - মাজুলীলৈ শৰতকালত পৰিভ্ৰমী চৰাইবোৰ আহে ।

২৬) ৰহন - আবেলিৰ বেলিয়ে মাজুলীক ৰহন সানে ।

২৭) সংৰক্ষণ - গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষণ হৈ আছে ।

২৮) মণিকূট -  ৰাজহঁতে সত্ৰত মণিকুটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে ।

২৯) সীৰলু - নাঙলৰ সীৰলুৰ দৰে পানী কাটি - কাটি নাওঁখন আগুৱাই গ 'ল ।

৩০) মায়াময় - ব্ৰক্ষ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা ।

৩১) কিৰীলি - ভাওনাৰ বাবে সজায় থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰীলি পাৰি উঠিল ।

৩২) চক্চকীয়া - মহো- হো গীতত চেমনীয়াহঁতে বাহঁৰ পাত চক্চকীয়া বুলি কৈছে ।

৩৩) চিকমিকিয়া - পূজাৰ দিনা মহিলাসকলে চিকমিকিয়া কাপোৰ পিন্ধী পূজা চাবলৈ গ'ল ।

৩৪) টাঙোন - চেমনীয়াহঁতে ম'হ মাৰিবলৈ হাতত টাঙোন লৈছে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us