পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
( আৰম্ভণি - প্ৰদূষণৰ কাৰণ - প্ৰতিকাৰ - সামৰণি)
আৰম্ভণিঃ আমি বাস কৰা ঠাইৰ চাৰিওফালৰ বায়ু,পানী, মাটি আদিৰ অৱস্থা আৰু এইবোৰে দেখুওৱা গুণ-ধৰ্মই হল সহজ সৰল অৰ্থত পৰিবেশ। প্ৰাকৃতিক শক্তি কিম্বা কাৰণসমূহেই পৰিবেশৰ ওপৰত প্ৰভাৱ পেলায়। বায়ু, পানী, মাটি আৰু বিভিন্ন ধাতুৰ উপৰিও জীৱ জগতো প্ৰকৃতি ৰেই এটা অংশ। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হলেই পৰিৱেশ অনুকূলে থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালেই পৰিৱেশ প্ৰতিকুল যায়।
এটা সময়ত বায়ুমণ্ডলত আছিল প্ৰাণ-প্ৰদায়িনি অফুৰন্ত অক্সিজেন , পানী আৰু খাদ্যত আছিল সতেজ বিশুদ্ধতা। যাৰ ফলত পৃথিৱীত প্ৰাণী জীৱন দ্ৰুত ভাবে বিকশিত হৈছিল। তেতিয়া মানুহে সম্পূৰ্ণ ভাবে প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰি চলিছিল। প্ৰাকৃতিক ভাবে সৃষ্টি হোৱা অৰণ্য আৰু গছ গছনিৰে ভৰা শ্যামল পৰ্বত পাহাৰ সমূহে জল বায়ু পবিত্ৰ কৰি ৰাখিছিল আৰু ধুমুহা, বৰষুণ আদিও নিয়ন্ত্ৰণ কৰিছিল। যিহেতু জীৱ-জগত আৰু উদ্ভিদ জগত পৰস্পৰ পাৰিপূৰক। অৰণ্যৰ গছ গছনীয়ে জীৱৰ প্ৰভূত ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা শুহি লয় আৰু জীৱন দায়িনি অক্সিজেন এৰি দিয়ে। কিন্তু মানুহেঅত্যাৱশ্যকীয় প্ৰয়োজনত অক্সিজেন পৰিশোধনৰ ৰূপকাৰ স্বৰূপ অৰণ্য ভূমি ধ্বংস কৰি প্রকাৰান্তৰে নিজেই নিজৰ সমাধি ক্ষেত্ৰ ৰচনা কৰিছে।
প্ৰদূষণৰ কাৰণঃ একসময়ত কৃত্ৰিম উপায় অৱলম্বন নকৰাকৈ কৃষি , উদ্যোগাদিৰ বাবে মাটি উৰ্বৰা হৈ আছিল। পিছে ক্ৰমাগত ভাবে প্ৰকৃতিৰ ওপৰত মানুহে কৰা ধ্বংসাত্মক কাৰ্যৰ বাবে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই ছে আৰু আমাৰ পৰিবেশ প্ৰতিকুল হৈ পৰিছে। দৰাচলতে প্ৰাচীন পৃথিৱীত জুইৰ আৱিষ্কাৰৰ সময়ৰেপৰা প্ৰাণ ধাত্ৰী অক্সিজেনৰ ধ্বংস লীলাৰ সূচনা হয়। জুয়ে বায়ুমণ্ডলৰ অক্সিজেনৰ অনুপাত হ্ৰাস কৰি জীৱনৰ অনুকূল পৰিবেশৰ ভাৰসাম্য নষ্ট কৰাৰ উপৰিও ধোৱা আৰু ছাইৰ কণিকাই বায়ুমণ্ডল কলুষিত কৰি আকাশ বতাহ ক্ষয় আৰু অবক্ষয়ৰ মহামাৰি স্বৰূপ হৈছে ।
দ্ৰুত বংশ বিস্তাৰৰ পৰিণতিত জনসংখ্যা বৃদ্ধি আৰু বিজ্ঞানৰ নিৰকুংশ প্ৰাধান্য তাত আহি পৰিল অতি যান্ত্ৰিকতা আৰু নাগৰিক সভ্যতাৰ যুগ। বৃহৎ বৃহৎ কল কাৰখানা সমূহৰ আকাশ মুখী চিমনিৰ দূষিত ধোৱাৰ কুণ্ডলী ভিন্ন ৰূপত আকৌ ভূপিষ্ঠলৈ কে ঘূৰি আহি বিভিন্ন জটিল ৰোগৰ উৎস হৈ পৰে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত গঢ়ী উঠা বৃহৎ বৃহৎ শিল্পো দ্যুগ সমূহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ফলস্বৰূপে প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাইছে বিশেষকৈ বাষ্প শক্তি আৰু বিদ্যুৎ শক্তিৰ প্ৰয়োগৰ ফলত। বাষ্প শক্তি আৰু বিদ্যুৎ শক্তি উৎপাদনৰ মূলতে যি দহন কাৰ্য্য হয়, সিয়ে অক্সিজেনৰ অনুপাত হ্ৰাস কৰি বায়ুমণ্ডল বিষাক্ত কৰি প্ৰাণ মাটি কৰি তোলে। নগ ৰাঞ্চলৰ বিভিন্ন মটৰ য়ানৰ পৰা নিৰ্গত বিষাক্ত কাৰ্বন মনুক্সাইড গেছে ভূপিষ্ঠ বিষ ময় কৰাৰ উপৰিও সেইবোৰৰ উৎকত শব্দই নাগৰিকৰ ব্যস্তি কিম্বা শান্তি হৰণ কৰিছে। আধুনিক যন্ত্ৰা য়ন আৰু শিল্পায়ন বৰ্তমান দাৰিদ্ৰ দূৰীকৰণৰ হাতিয়াৰ ৰূপে প্ৰতিস্থিত। বিশ্বৰ বৰ্তমান জন বিস্ফোৰণেও পৰিবেশ প্ৰদূষণৰ অন্যতম প্ৰধান কাৰণ ।
ভাৰতৰ শিল্পাঞ্চল সমূহৰ কল কাৰখানাত ব্যাপক ভাবে কয়লাৰ ব্যৱহাৰ, বিশেষকৈ নগ ৰাঞ্চলত কল কাৰখানা ৰ উপৰিও ৰন্ধন প্ৰকৰণ আদিতো কয় লাৰ ব্যৱহাৰে আকাশ বতাহ ধোৱা কোৱা কৰি বিষময় পৰিবেশৰ সৃষ্টি হৈছে। তেল শোধনাগাৰ, কাগজৰ কল চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগ বোৰৰ পৰা নিঃসৃত দুৰ্গন্ধ ময়বৰ্জ্য পদাৰ্থ বোৰে সেই অঞ্চলৰ পাৰিপাৰ্শিকতা আৰু খেতিপথাৰ আদিৰ প্ৰভূত ক্ষতি সাধন কৰিছে । অসাবধানতাৰ ফলত ১৯৮৪ চনৰ ডিচেম্বৰত ভূপালত সংঘটিত হোৱা ইউনিয়ন কাৰ্বাইড কোম্পানীৰ গেছ দুৰ্ঘটনাৰ দ্বাৰা বায়ুমণ্ডল প্ৰদূষিত হৈ হাজাৰতকৈ বেছি নীৰিহ লোকে প্ৰাণ হেৰুৱাইছে, দুই লাখতকৈ অধিক লোকে আজিও জীয়াতু ভুগি আছে আৰু মৃত্যু মুখত পতিত হৈছে অসংখ্য পশু পক্ষী।
প্ৰতিকাৰঃ বৰ্তমান যুগ পাৰমাণৱিক যুগ। দৰাচলতে দ্বিতীয় মহা সমৰৰ অন্তিম সময়ৰ পৰাই পাৰমাণৱিক যুগৰ সূচনা। পাৰমাণৱিক বোমা বৰ্ষণৰ ফলত জাপানৰ হিৰুচিমা-নাগা চাকি নগৰ দুখন বিধ্বস্ত হোৱাৰ উপৰিও পাৰমাণৱিক ৰ প্ৰবল প্ৰতিক্ৰিয়াত সন্নিহিত ভূ-খণ্ডৰ মানুহ, জীৱ জন্তু আৰু উদ্ভিদ আদিৰ সুস্থ অস্তিত্ব বিপন্ন হৈ পৰিছিল। আটাইতকৈ ভয়া ৱহ কথা হল বোমা বৰ্ষণৰ ৩২ বছৰ পিছলৈ কে বায়ুমণ্ডলত তেজস্ক্ৰিয় বিকিৰণ হৈ এক লাখ মানুহ মৃত্যুমুখত পৰে আৰু অসংখ্য মানুহ তেজস্ক্ৰিয় বিকিৰণৰ ফলত নানা অস্বাভাৱিক বেমাৰত জীয়াতু ভুগে। এই বিষময় পৰিনামৰ কথা জানিও বিজ্ঞানী সবে নিউটন পাৰমাণৱিক আদি বোমা প্ৰস্তুতি আৰু বিস্ফোৰণৰ প্ৰতিদ্বন্দিতা চলাই বায়ুমণ্ডল বিষময় আৰু প্ৰান ঘাতী কৰি তুলিছে। কাঠ কয়লা, কিম্বা পেট্ৰলিযাম দহনৰ ফলত বায়ুমণ্ডল যি পৰিমাণে দূষিত হয়, পাৰমাণৱিক দহনৰ ফলত প্ৰদূষণৰ পৰিমাণ তাতকৈ লাখগুন বেছি। অথচ বায়ুমণ্ডল বিষমুক্ত কৰিবলৈ পৰিশোধনৰ বিষয়ে বিজ্ঞানী সবে কিবা প্ৰয়াস চলাইছে নে?
পৰিবেশ সম্পৰ্কীয় ভয়ানক সমস্যাটো। হব ক্ৰমাগত ভাৱে বাঢ়ি অহা পৃথিৱীৰ উত্তাপ। কাৰ্বন-ডাই-অক্সাইডৰ দৰে বাষ্প সমূহে সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উত্তাপ বঢ়ায়। ৰাষ্ট্ৰ সংঘৰ দ্বাৰা নিয়োজিত এদল বিশেষজ্ঞ ই এইবুলি সতৰ্ক কৰি দিছে যে পৃথিৱীৰ বাঢ়ি অহা উত্তাপ কমাবলৈ চেষ্টা কৰা নহলে ৩৫ বছৰ মানৰ ভিতৰত পৃথিৱীৰ উত্তাপ অভূতপূৰ্ব ভাবে বাঢ়িব ।
বৰ্তমান আমাৰ সন্মুখত দেখা দিয়া আটাইতকৈ গুৰুত্ব পূৰ্ণ প্ৰশ্নটো হল বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যিবোৰ ভয়াবহ আৱিষ্কাৰ তাৰ দ্বাৰা মানৱ সভ্যতাৰ কিবা অস্তিত্ব থাকিব নে নাথাকে? ৰাষ্ট্ৰ সংঘৰ পাৰিপাৰ্শিক তা সন্থাৰ মতৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে মানুহেই পৰিবেশ বিনষ্ট কৰিছে, যাৰ ফলত প্ৰাণীজগত আৰু উদ্ভিদ জগত বিপন্ন হৈছে। প্ৰতিকুল প্ৰতিকুল পৰিৱেশৰ গৰাহত পৰি ইতিমধ্যে বহু দুৰ্লভ আৰু দুষ্প্ৰাপ্য পশু পক্ষী আৰু উদ্ভিদৰ বংশ লুপ্ত হৈছে।
সামৰণিঃ জল বায়ু প্ৰদূষণ সম্পৰ্কে মানৱ জাতিক সচেতন কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰ সংঘৰ তত্বাৱধানত প্ৰতি বছৰ জুনৰ ৫ তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। এতিয়া আৰু জলবায়ু প্ৰদূষণ নহয় অতীৱ প্ৰয়োজন জলবায়ুৰ বিশুদ্ধী কৰণ। অৰণ্য ধ্বংস নহয় , প্ৰত্যেকৰে কৰ্তব্য সামৰৰ্থ্যানো যায়ি অৰণ্য সৃষ্টি। হ্ৰাস কৰা প্ৰয়োজন অতিমাত্ৰা কয় লাৰ ব্যৱহাৰ। আৰু বিশেষভাৱে প্ৰয়োজন জন বিস্ফোৰণ সোতত বাধা প্ৰদান। পুৰণি মটৰ মানবোৰ সঘনাই পৰীক্ষা কৰাৰ আবশ্যক যাৰপৰা নিঃসৃত হয় মাৰাত্মক বিষাক্ত কাৰ্বন মনুক্সা ইড। ৰাষ্ট্ৰ সংঘৰ প্ৰচেষ্টাত নিষিদ্ধ কৰিব লাগে মহাকাশত ৰকেট নিক্ষেপন আৰু পৰীক্ষা মূলক পাৰমাণৱিক বোমা বিস্ফোৰণ। অন্য থা এদিন হয়টো আমাৰ প্ৰিয়গ্ৰহ পৃথিৱীৰ পৰা জীৱ আৰু উদ্ভিদ জগত নিশ্চিহ্ন হৈ যাব। সেয়েহে বিশ্বৰ প্ৰতিজন সচেতন ব্যক্তিয়ে পৰিবেশ প্ৰদূষণৰ ভয়াবহতা সম্পৰ্কে সময় থাকোতেই সজাগ হৈ সবলে প্ৰচেষ্টা হাতত ললেহে নতুন পুৰুষৰ বাবে আটাইতকৈ মূল্যবান পৰিবেশ নামৰ সম্পদ এৰি থৈ যাব পৰা হব, নহলে উত্তৰ পুৰুষে পাব এক ভয়াবহ অভিশাপ। উত্তৰাধিকাৰ সূত্ৰে পোৱা এই বিনন্দিয়া পৃথিৱীখন ভৱিষ্যত উত্তৰাধিকাৰী সকলৰ বাবে সুন্দৰ ভাবে এৰি যোৱাটো আমাৰ অন্যতম প্ৰধান কৰ্তব্য।