Type Here to Get Search Results !

Class 10 General Science Chapter 9 Question Answers || দশম শ্ৰেণীৰ অধ্যায় ৯ বংশগতি আৰু ক্ৰমবিকাশ প্ৰশ্ন উত্তৰ

Class 10 General Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ ৰ Question & Answers


প্ৰশ্নাৱলীঃ


1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপতি হৈছিল ?

উত্তৰঃ ‘B’ চাৰিত্ৰিক বৈশিষ্ট্য সম্ভৱতঃ আগতীয়াকৈ উৎপুত্তি হৈছিল।



2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?

উত্তৰঃ প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈসাদৃশ্য তাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণৰ সুবিধা লাভ কৰে। এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিৱেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়।


প্ৰশ্নাৱলীঃ


1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ মেণ্ডেলে একসংকৰম পৰীক্ষাৰ বাবে ওখ আৰু চাপৰ মটৰমাহগছ লৈছিল। এটা বিশুদ্ধ ওখ মটৰমাহ গছৰ (\pi) সৈতে এটা বিশুদ্ধ চাপৰ মটৰমাহ (tt) গছৰ সংকৰণ হ’লে F_1 অপত্য জনুত ওখ (Tt) সংকৰ উৎপন্ন হয়। এইক্ষেত্ৰত T  লক্ষণটো প্ৰভাৱী আৰু t লক্ষণটো অপ্ৰভাৱী।



2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰঃ মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু ওজোপা বিশোদ্ধ চাপৰ মটৰমাহ গছৰ মাজত সংকৰণ ঘটাই F_1 জুনত অকল ওখ মটৰমাহ উদ্ভিদ পাইছিল। আকৌ মেণ্ডেলে ওখ মটৰ মাহ আৰু চাপৰ মটৰ মাহ উদ্ভিদৰ লগত সংকৰণ ঘটাই F_2 জুনৰ ওখ আৰু চাপৰ গছৰ অনুপাত 3 : 1 পাইছিল। এই পৰীক্ষাৰ পৰাই প্ৰমাণিত হয় যে বংশানুক্ৰমিকভাৱে প্ৰৱাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয়।



3. ‘A’ গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰিলে আৰু তেখেত সকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল “O” । এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?

উত্তৰঃ ইয়াত তেজৰ ‘O’ গ্ৰুপ প্ৰভাৱী।

সেয়ে ‘O’ এটা পৰাহত লক্ষণ হ’লেও তেওঁলোকৰ ছোৱালিজনীয়ে লাভ কৰিব পাৰে, যদিহে পিতৃ-মাতৃ দুয়োৰে পৰা ‘O’ লক্ষণযুক্ত কাৰক বা জিন লাভ কৰে।



4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?

উত্তৰঃ মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত। মানুহৰ ক্ষেত্ৰত স্ত্ৰীলিংগ XX জোৰ লিংগ ক্ৰম’জম আৰু পুলিংগত XY  জোৰ লিংগ ক্ৰম’জম আছে। ল’ৰাই হওক বা ছোৱালীয়ে হওক সকলো শিশুৱে মাতৃৰ পৰা এডাল X ক্ৰম’জম লাভ কৰে। যদি শিশুটোৱে পিতৃৰ ফালৰ পৰাও এডাল X ক্ৰম’জম লাভ কৰে, তেনেহ’লে শিশুটো ছোৱালী হ’ব আৰু Y ক্ৰম’জম লাভ কৰিলে শিশুটো ল’ৰা হ’ব।


প্ৰশ্নাৱলীঃ


1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?

উত্তৰঃ (1) প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত  ব্যক্তিৰ  সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে।

(২) জিনীয় পথচ্যুত (Genetic drift), যিয়ে অভিযোজন অবিহনেই  জীৱৰ মাজত বৈচিত্ৰৰ সৃষ্টি কৰে। 



2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?

উত্তৰঃ অপ্ৰজনন কলাত হোৱা কোনো পৰিৱৰ্তন জনন কোষৰ DNA লৈ স্থানান্তৰিত কৰিব পৰা নাযায়। সেয়েহে এজন ব্যক্তিৰ জীৱন কালত ঘটা অভিজ্ঞতা বোৰ তেওঁৰ  অপত্যলৈ সঞ্চাৰিত কৰিব পৰা নাযায় আৰু সেয়ে আৰ্জিত চৰিত্ৰবোৰ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিব নোৱাৰি।



3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

উত্তৰঃ বাঘৰ সংখ্যা হ্ৰাস পোৱাটো বংশগতি বিজ্ঞানৰ দিসত এক উদ্বিগ্নৰ সৃষ্টি কৰিছে। যদি বাঘৰ সংখ্যা এনেকৈ হ্ৰাস পাই থাকে, এটা সময়ত এই প্ৰজাতিৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীৰ পৰা বিলুপ্তি ঘটিব।


প্ৰশ্নাৱলীঃ


1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

উত্তৰঃ (1)  প্ৰাকৃতিক নিৰ্বাচন ।

(2) জিনীয় পথচ্যুত ।



2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰমৰ বাবে ভৌগোলিক ভাবে পৃথকীকৰম হৈ থকা অৱস্থাটো প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ স্ব-পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃ প্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে।



3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰঃ প্ৰধান কাৰক হ’ব নোৱাৰে।

কিয়নো অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱ আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ, এই প্ৰক্ৰিয়াত দুটা (পুংলিংগ আৰু স্ত্ৰীলিংগ) স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে।


প্ৰশ্নাৱলীঃ


1. দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

উত্তৰঃ প্ৰজননৰ সময়ত জীৱৰ DNA অণুৰ পৰিৱৰ্তনেই হ’ল বিৱৰ্তনৰ মূল ভেঁটি। জীৱৰ বেলেগ বেলেগ প্ৰজাতিসমূহৰ DNA সমূহ তুলনা কৰিলে এই প্ৰজাতি সমূহৰ DNA কেনেকৈ পৰিৱৰ্তিত হৈ আহিছে তাক ঠাৱৰ কৰিব পৰা যায়। এই পদ্ধতিৰ দ্বাৰাই জীৱৰ প্ৰাতিসমূহৰ বিৱৰ্তনিক সম্বন্ধ স্থাপন কৰিব পৰা যায়।



2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?

উত্তৰঃ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব নোৱাৰি।

কিয়নো এই ডেউকাকেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত ভিন্ন কিন্তু দুয়োবিধ ডেউকা একে ধৰণৰ কাৰ্য, উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে দেখিবলৈ একে কিন্তু  দুয়োৰে উৎপত্তি বেলেগ বেলেগ। এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যক সমবৃত্তিক বৈশিষ্ট্য বোলে।



3. জীৱাস্মসমূহ কি ? বিৱৰ্তন সম্পৰ্কে জীৱাষ্মসমূহে আমাক কি কয় ?

উত্তৰঃ ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ বিশেষ নাইবা জীৱটোৱে এৰি যোৱা সাঁচক জীৱাস্ম বোলা হয়।  

জীৱাষ্মবোৰে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাও, তেনেহ’লে এই ধাৰণা কৰাটো যুক্তিগত হ’ব যে পৃথিৱীৰ বেছি গভীৰ স্তৰত পোৱা জীৱাষ্মসমূহৰ তুলনাত পূথিৱী পৃষ্ঠৰ ওচৰতে পোৱা জীৱাষ্মসমূহ বেছি নতুন এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰৱৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে।



প্ৰশ্নাৱলীঃ


1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তভুৰ্ক্ত কিয় ?

উত্তৰঃ আকাৰ, বৰম আৰু দেখাত ভিন ভিন হোৱা স্বত্বেও সকলো মানুহেই একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত হয়, কাৰণ মানৱ বিৱৰ্তনৰ অধ্যয়নত ব্যৱহৃত কোনো বৈজ্ঞানিক পদ্ধতিয়ে মানৱৰ বিৱৰ্তনৰ প্ৰমান নিদিয়ে। আনহাতে পৃথিৱীৰ যিকোনো বিপৰীত লিংগৰ দুগৰাকী মানুহৰ মাজত প্ৰজনন সম্ভৱপৰ হোৱা কথাটোৱে প্ৰমান কৰে যে সকলো মানুহেই একেটা মাথো মানৱ প্ৰজাতিৰ অন্তৰ্ভুক্ত।



2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?

উত্তৰঃ বিৱৰ্তনৰ দিশত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাকে উচ্চস্তৰৰ বুলি আমি ক’ব পাৰো।

বিৱৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে। সেয়ে প্ৰশ্নত উল্লেখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক’ব লাগিব, কাৰণ সিহঁতে এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত ভালদৰে জীয়াই থকাৰ সক্ষমতা ৰাখে।



অনুশীলনীঃ


1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ অভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব ?

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

উত্তৰঃ (c) TtWW ।



2. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল-

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং 

(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত 

(c) আলু আৰু ঘাঁহৰ শিপা 

(d) ওপৰৰ আটাইকেইটা 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।



3. বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত- 

(a) এজন চীনা স্কুলীয়া ছাত্র 

(b) এটা চিম্পাঞ্জী 

(c) এটা মকৰা 

(d) এটা বেক্টেৰিয়া 

উত্তৰঃ (b) এটা চিম্পাঞ্জী।



4. এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?

উত্তৰঃ চকুৰ পাতল ৰঙটো প্ৰভাৱী চৰিত্ৰ।

ইয়াৰ কাৰণ হ’ল, যদিও পিতৃ-মাতৃ প্ৰত্যেকৰে চকুৰ বৰণৰ বাবে দুটাকৈ কাৰক থাকে, তাৰে পাতন চকুৰ বৰণ কাৰকটোহে বেছিকৈ প্ৰকাশ পায়। চকুৰ আন বৰণসমূহ নিশ্চয় অপ্ৰভাৱী লক্ষণ হ’ব কাৰণ সেইবোৰ লক্ষণ পিতৃ-মাতৃ উভয়ৰে দেহত থাকিলেও সিহঁতে সততে প্ৰকাশ নাপায়।



5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?

উত্তৰঃ বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়নৰ ক্ষেত্ৰ দুখন পৰস্পৰ সংযোজিত কাৰণ প্ৰজাতিবোৰৰ শ্ৰেণী বিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিফলনহে মাথোন। বিৱৰ্তনীয় সময়ৰ আৰম্ভণিতে কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই বৰ্তমাণৰ সমস্ত জীৱজগতৰ সৃষ্টি হৈছে।



6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ যিবিলাক অংগ উৎত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা বেলেগ বেলেগ, কিন্তু কাৰ্যৰ ফালৰ পৰা একে, তেনে অংগক সমবৃত্তিক অংগ বোলে। যেনেঃ বাদুলীৰ ডেউকা।

যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ তেনে অংগক সমসংস্থ অংগ বোলে। যেনেঃ জেঠী, ভেকুলীৰ আগ ঠেং।



7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ  বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।

উত্তৰঃ প্ৰভাৱী সূত্ৰমতে জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধৰ্মী লক্ষণযুক্ত সমযুক্তৰ দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত পিতৃ-মাতৃ দুটী লক্ষণৰ মাত্ৰ এটাহে প্ৰকাশ পায়।

অৰ্থাৎ এটা কলা বৰণৰ কুকুৰৰ লগত বগা বৰণৰ কুকুৰৰ প্ৰজনন ঘটিলে যদি কলা কুকুৰ আদি পুৰুষ হয়, তেতিয়া কলা বৰণৰ কুকুৰটো প্ৰভাৱী হয়।



8. বিৱৰ্তন প্ৰক্ৰিয়াত জীৱাস্মৰ গুৰত্ব সম্বন্ধে ব্যাখ্যা কৰা।

উত্তৰঃ ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ বিশেষ নাইবা জীৱটোৱে এৰি যোৱা সাঁচক জীৱাস্ম বোলা হয়।  

জীৱাষ্মবোৰে আমাক বিৱৰ্তন প্ৰক্ৰিয়াৰ সাক্ষ্য দিয়ে। যদি আমি পৃথিৱীৰ গভীৰলৈ খনন কৰি যাও, তেনেহ’লে এই ধাৰণা কৰাটো যুক্তিগত হ’ব যে পৃথিৱীৰ বেছি গভীৰ স্তৰত পোৱা জীৱাষ্মসমূহৰ তুলনাত পূথিৱী পৃষ্ঠৰ ওচৰতে পোৱা জীৱাষ্মসমূহ বেছি নতু এনেদৰে ধাৰণা কৰিব পাৰি যে আদিমতম সৰল দৈহিক গঠনযুক্ত জীৱসমূহৰ বিৱৰ্তন ঘটিয়েই পৰৱৰ্তী কালৰ জটিল দৈহিক গঠনযুক্ত জীৱসমূহৰ সৃষ্টি হৈছে।



9. কি স্বাক্ষ্যৰ ওপৰত  ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

উত্তৰঃ জীৱৰ প্ৰজাতিৰ শ্ৰেমীবিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিপলন মাথোন। আমি কোনো এক ওচৰৰ সাধাৰণ পুৰ্বপুৰুষৰ ভিত্তিত প্ৰজাতি সমূহৰ সৰু সৰু গোষ্ঠী বনাওঁ। আকৌ কোনো এক তুলনামূলকভাৱে দুৰৰ সাদাৰণ পুৰ্বপুৰুষক ভিত্তি কৰি লৈ এই সৰু গোষ্ঠীসমূহক অৰ্ন্তভুক্ত কৰি কেতবোৰ ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰো। এনেদৰে সময়ৰ হিচাপত যদি আমি পিছুৱাই গৈ থাকো, আমাৰ ধাৰণা হ’ব যে বিৱৰ্তনীয় কালৰ একেবাৰে আৰম্ভণিতে থকা কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই এতিয়াৰ সমস্ত জীৱজগত সৃষ্টি হৈছিল। এনেদৰেই জীৱৰ শ্ৰেণী বিভাজনৰ আচনিখনেই অজৈৱিক পদাৰ্থৰ পৰাই যে সমস্ত জীৱজগতৰ উৎপত্তি হৈছিল তাৰ সাক্ষ্য বহণ কৰে।



10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননে বেছি কাৰ্যক্ষম প্ৰকাৰণৰ সৃষ্টি কৰে কাৰণ যৌন প্ৰজননত দুজন ভিন্ন ব্যক্তি জড়িত হৈ থাকে। সেয়ে এনে দুজন ব্যক্তিৰ জননকোষ দুটা যেতিয়া যোজিত হয়, তেতিয়া দুটা ভিন্ন শৈলীৰ প্ৰকাৰণৰ সংমিশ্ৰণ ঘটে। এনেকৈ অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয়।

জীৱৰ বিৱৰ্তনত যৌন প্ৰজননে প্ৰভাৱ পেলায়। কাৰণ যৌন প্ৰজননে অপত্য জীৱত প্ৰকৰণৰ সৃষ্টি কৰে। বহুবছৰ ধৰি এই প্ৰকৰণ সঞ্চিত হোৱাৰ ফলত জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় আৰু এসময়ত সিহঁত নতুন প্ৰজাতি হিচাপে আত্মপ্ৰকাশ কৰে।



11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?





12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে।‘ এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?

উত্তৰঃ এই উক্তিৰ সৈতে একমত।

কাৰণ, যিবিলাক প্ৰকৰণে কোনো এটা আবাদীৰ ব্যক্তিক বিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়ে, সেই প্ৰকৰণসমূহ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। এনে প্ৰকৰণসমূহে  ব্যক্তি বিশেষক চাৰিওফালৰ পাৰিৱেশিক অৱস্থাটোৰ লগত নিজকে অভিযোজিত কৰি লোৱাত সহায় কৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us