Class 10 General Science Chapter 15 আমাৰ পৰিবেশ Question & Answers
অনুশীলনী ঃ
1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে ?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰ ঃ (a) ঘাঁহ, ফুল আৰু চামৰা ।
2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰ ঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ ।
3.তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকুল অভ্যাসৰ অন্তৰ্ভুক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস ।
(b) অপ্ৰয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস ।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস ।
(d) ওপৰৰ আটাইকেইটা অভ্যাস ।
উত্তৰ ঃ (d) ওপৰৰ আটাইকেইটা অভ্যাস ।
4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
উত্তৰ ঃ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে তলত দিয়াবোৰ ঘটিব---
(i) পূৰ্ববৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱৰ সংখ্যা বাঢ়ি যাব । কাৰণ সেইবোৰ ভক্ষণ কৰা নহ'ব ।
(ii) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবোৰ আনাহাৰে থকাৰ ফলত মৃত হ'ব ।
(iii) খাদ্য শৃংখলৰ শক্তিৰ প্ৰৱাহত ব্যাঘাত জন্মিব । পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা নোহোৱা হ'ব ।
5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাব পৰিবনে ? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে ?
উত্তৰ ঃ বেলেগ-বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলো জীৱক ধ্বংস কৰিলে বিভিন্ন পৌষ্টিক স্তৰত ভিন্ন-ভিন্ন প্ৰভাৱ পৰিব । উদাহৰণস্বৰূপে--- যদি আমি খাদ্য শৃংখলৰ পৰা প্ৰথম উপভোক্তা অৰ্থাৎ তৃণভোজী প্ৰাণীবোৰ আঁতৰাই দিওঁ তেন্তে উৎপাদকৰ সংখ্যা ( ঘাঁহ, গছ, গছনি ) বৃদ্ধি পাব । আনহাতে সৰু-সৰু প্ৰাণীবোৰ খাদ্যৰ অভ্যৱত মৃত্যুমুখত পৰিব আৰু দীৰ্ঘ সময় পিছতে ডাঙৰ ডাঙৰ প্ৰাণীবোৰ অৰ্থাৎ উচ্চ শ্ৰেণীৰ উপভোক্তাবোৰ ইয়াৰ মুখামুখি হ'ব । কোনো এটা পৌষ্টিক স্তৰৰ জীৱসমূহৰ পৰিস্থিতি তন্ত্ৰৰ হানি নোহোৱাকৈ সহজে আঁতৰাব নোৱাৰি ।
6. জৈৱিক বিবৰ্ধক বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে ?
উত্তৰ ঃ খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ শীৰ্ষ স্তৰত থকা প্ৰাণীৰ দেহত বিষাক্ত ৰাসায়নিক দ্ৰৱ্যসমূহৰ পুঞ্জীভৱন আৰু বেছি পৰিমাণে মজুত হোৱা পৰিঘটনাক জৈৱিক বিবৰ্ধক বোলে । পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ৰাসায়নিক দ্ৰৱ্যসমূহৰ প্ৰভাৱ বেলেগ বেলেগ হয় । পৌষ্টিক স্তৰৰ প্ৰথম স্তৰত অৰ্থাৎ উৎপাদকত ইয়াৰ গাঢ়তা কম হয় আৰু শেষৰ স্তৰত ইয়াৰ গাঢ়তা আটাইতকৈ বেছি হয় ।
7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে ?
উত্তৰ ঃ জীৱ অনিম্নিকৰণ পদাৰ্থবোৰে সৃষ্টি কৰিব পৰা সমস্যাসমূহ হ'ল---
(i) জীৱ- অনিম্নিকৰণ পদাৰ্থবোৰ প্ৰকৃতিকভাৱে বিয়োজন ঘটোব পৰা নাযায় । ফলত এই বস্তুবোৰ দীৰ্ঘ সময়ৰ বাবে পৰিৱেশত থাকে । ইয়াৰ বাবে ভূমি আৰু জলাশয় দূষিত হয় ।
(ii) জীৱ অনিম্নিকৰণ পদাৰ্থবোৰ মাটিত থকা অণুজীৱ ধ্বংস কৰি পেলায় । ফলত মাটিৰ সাৰুৱা গুণ হ্ৰাস পায় ।
(iii) সিহঁতে ৰোগৰ সৃষ্টি আৰু বিস্তাৰত অৰিহণা যোগায় ।
(iv) মানুহ আৰু অন্যান্য প্ৰাণীৰ দেহৰ খাদ্য শৃংখলৰ জৰিয়তে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ জৈৱিক বিৱৰ্ধনৰ পৰিঘটনা সংঘটিত কৰে ।
(v) সিহঁতে পৰিস্থিতি তন্ত্ৰৰ প্ৰাকৃতিক ভাৰসাম্যতা ধ্বংস কৰে ।
8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেি যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয়, তেনেহ'লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে ?
উত্তৰঃ যদি সকলোবোৰ আৱৰ্জনা জীৱ নিম্নিকৰণ পদাৰ্থ হয়, তেন্তে সিহঁতে পৰিৱেশৰ ওপৰত কম সময়ৰ বাবে প্ৰভাৱ পেলাব । যিহেতু অণুজীৱসমূহৰ ক্ৰিয়া ধীৰ গতিত হয় । গতিকে সিহঁতে অলপ-অচৰপ বায়ু-পানীৰ প্ৰদূষণ কৰিব । কিন্তু দীৰ্ঘ সময়ৰ বাবে ইয়াৰ কোনো প্ৰভাৱ নাথাকিব ।