Type Here to Get Search Results !

Class 10 Social Science Chapter 7 পৰিবেশ আৰু পৰিবেশৰ সমস্যা Question And Answer

 

Class 10 Social Science Chapter 7 পৰিবেশ আৰু পৰিবেশৰ সমস্যা Question And Answer

১) পৰিবেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ǀ
উত্তৰ- পৰিবেশ (Environment) শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্হাক বুজায় ǀ চাৰিওফালৰ অৱস্হাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আবশ্যকীয় উপাদানক সামৰি লয় ǀ আন কথাত ,পৰিবেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে ǀ

২) পৰিবেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা ।
উত্তৰ-
 জৈৱিক উপাদান- প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ,উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পশু পক্ষী ইত্যাদি ǀ
অজৈৱিক উপাদান- প্ৰাণ নথকা অৰ্থাৎ মাটি,পানী,বায়ু,পোহৰ,তাপ ইত্যাদি ǀ

৩) স্হলমণ্ডল বুলিলে কি বুজায় লিখা ।
উত্তৰ-
 শিল,মাটি,বালি,মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্হলভাগকে স্হলমণ্ডল বোলে ǀ স্হলমণ্ডলতে আমি,পাহাৰ ,পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা , উপকূল আদি দেখিবলৈ পাও ǀ

৪) জলমণ্ডলৰ ভিতৰত কি কি পৰে ?
উত্তৰ-
 সাগৰ,মহাসাগৰ,নদ,নদী,হ্ৰদ,জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে ǀ

৫) বায়ুমণ্ডল কিহেৰে গঠিত লিখা ?
উত্তৰ-
 নাইট্ৰজেন,অক্সিজেন,কাৰ্বন ডাই অক্সাইড ,হাইড্ৰজেন ,আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত ǀ

৬) জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ǀ
উত্তৰ-
 জীৱমণ্ডলে পৃথিৱীৰ জীৱ,অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয় ǀ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে-স্হলপৃষ্ঠ,সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকতি আৰু কীট- পতংগ উৰি ফুৰা অংশ ǀ জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ǀ

৭) পৃথিৱীৰ পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা ǀ
উত্তৰ-
 পৃথিৱীৰ পৰিবেশৰ প্ৰধান চাৰিটা মণ্ডল হৈছে –স্হলমণ্ডল,জলমণ্ডল ,বায়ুমণ্ডল আৰু জীৱমণ্ডল ǀ পৃথিৱীৰ পৰিবেশৰ এই চাৰিটা মণ্ডলৰ মাজত নিবিড় সম্পৰ্ক আছে ǀ
উদাহৰণ স্বৰূপে-
জীৱমণ্ডলৰ আৱাসস্হান হল- স্হলমণ্ডল,জলমণ্ডল আৰু বায়ুমণ্ডল ǀ
জীৱজন্তু আৰু উদ্ভিদসমূহ জীয়াই থাকিবলৈ বায়ু আৰু পানীৰ প্ৰয়োজন হয় ǀ
ঠিক তেনেদৰে স্হলমণ্ডলভাগত জীৱ বৰ্তি থাকিবলৈ হলে তাত পানী উপলদ্ধ হোৱাটো জৰুৰী ǀ
উক্ত মণ্ডলকেইটাৰ মাজত চলি থকা আন্তঃ ক্ৰিয়াই পৃথিৱীৰ পৰিবেশ গঢ়ি তুলিছে ǀ মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিবেশ নিৰূপণ কৰিছে ǀ

৮) পৰিবেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা ǀ
উত্তৰ- 
পৰিবেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে-
জনসংখ্যা বৃদ্ধি
উদ্যোগীকৰণ
নগৰীকৰণ
যাতায়ত আৰু পৰিবহন ব্যৱস্হাৰ পৰিবৰ্তন
বনাঞ্চল ধ্বংস

৯) পৰিবেশৰ সমস্যা মানে কি বাখ্যা কৰা ।
উত্তৰ-
 এসময়ত যেতিয়া পৃথিৱীৰ স্হলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল , তেতিয়ালৈকে পৰিবেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল ǀ পিছে যোৱা তিনিটা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হল যে পৰিবেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাবাৱিক হৈ নাথাকিল ǀ পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়া কলাপৰ চাপ পৰিল ǀ এহাতে অৰণ্যভূমি হ্ৰাস পালে আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে ǀ পৰিণতিস্বৰূপে ন ন সমস্যাৰ সৃষ্টি হবলৈ ধৰিলে ǀ পৰিবেশৰ লগত জড়িত এই সমস্যাসমূহক পাৰিবেশিক সমস্যা বা পৰিবেশৰ সমস্যা বোলে ǀ

১০) ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা ।
উত্তৰ
– ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাসমূহ তিনিটা ভাগত ভগাব পাৰি –
1) স্হানীয় সমস্যা
2) আঞ্চলিক সমস্যা
3) গোলকীয় সমস্যা

১১) পৰিবেশৰ স্হানীয় সমস্যা কি ? উদাহৰণ দি লিখা ǀ
উত্তৰ-
 উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেতিয়াবা কিছুমান পাৰিবেশিক সমস্যা একো একোটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে ǀ তাকে পৰিবেশৰ স্হানীয় সমস্যা বোলে ǀ
যেনে- এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ ǀ
নগৰৰ কোনো এটা ক্ষুদ্ৰ এলেকাৰ নলা-নৰ্দমাৰ সমস্যা ǀ

১২) পৰিবেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ǀ
উত্তৰ-
 অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা ǀ
মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্হ পানীৰ নাটনিজনিত সমস্যা ǀ

১৩) কোনবোৰ সমস্যাক গোলকীয় পৰিবেশ সমস্যা বুলি কোৱা হয় লিখা ǀ
উত্তৰ- 
যিবিলাক পৰিবেশৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেইয়াই গোলকীয় পৰিবেশ সমস্যা ǀ যেনে- গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা ǀ

১৪)পৰিবেশৰ প্ৰধান সমস্যা সমূহ উল্লেখ কৰা ǀ
উত্তৰ-
 পৰিবেশৰ প্ৰধান সমস্যা সমূহ হৈছে-
প্ৰদূষণ
মৰুকৰণ
ভূমিস্খলন
ভূমিক্ষয়
গোলকীয় উত্তাপ বৃদ্ধি
কৃত্ৰিম বান
সাগৰপৃষ্ঠৰ বৃদ্ধি

১৫) প্ৰদূষণৰ অৰ্থ লিখা ǀ
উত্তৰ-
 অনিষ্টকাৰী দ্ৰব্যই পৰিবেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয় ǀ

১৬) পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা ǀ
উত্তৰ-
 পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ,অণুজীৱ,বিকিৰণ, গেলা পচা দ্ৰব্য মিহলি হৈ থাকিলে পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্তন ঘটে ǀ ইয়াকে পানী প্ৰদূষণ বোলে ǀ
1) পানীৰ উৎসত মানুহৰ বসতি,উদ্যোগ ,কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়
2) উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে ǀ
3) কৃষিভূমিত ৰাসায়নিক সাৰ,কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে এসময়ত ওচৰ পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে ǀ

১৭) মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা ǀ
উত্তৰ-
 মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ,বিষাক্ত ধাতু,ঔদ্যোগিক আৱৰ্জনা,তেজস্ক্ৰিয় পদাৰ্থ,এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায় ǀ ইয়াকে মাটি প্ৰদূষণ বোলে ǀ
মাটি প্ৰদূষণৰ কাৰকসমূহ হৈছে-
আধুনিক কৃষিকাৰ্য- জলসিঞ্চন, ৰাসায়নিক সাৰ ,অপতৃণনাশক আৰু কীটনাশকৰ অত্যাদিক প্ৰয়োগ ǀ
উদ্যোগৰ প্ৰসাৰ-ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক,কাঁচ আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই মাটি প্ৰদূষিত কৰে ǀভূ-গৰ্ভৰ পৰা খনিজ সম্পদ বোৰ আহৰণ কৰোতে ওচৰৰ মাটি প্ৰদূষিত হয় ǀ
বনাঞ্চল ধ্বংস-খেতি পথাৰ,উদ্যোগ,ৰাস্তাঘাট আদি নিৰ্ণাণৰ বাবে অত্যাধিক হাৰত বনাঞ্চল সমূহ ধ্বংস কৰি থকা হৈছে ǀ বহু সময়ত ইয়াৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ পৰে ǀ

১৮) বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ǀ
উত্তৰ-
 বায়ুত কিছুমান বিশেষ গেছ-নাইট্ৰজেন,অক্সিজেন,কাৰ্বন ডাই অক্সাইড,মিথেন,আৰ্গন নিৰ্দিষ্ট অনুপাতত থাকে ǀ এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে ǀ কিবা কাৰণত এই ভাৰসম্যতা নষ্ট হলে বায়ুৰ স্বাভাৱিক অৱস্হাৰ পৰিবৰ্তন ঘটে ǀ এনে পৰিবৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে ǀ
প্ৰাকৃতিক কাৰক-আগ্নেয়গিৰি উদ্গীৰণ ( ধোৱা,ধূলি ছাই আৰু ছালফাৰ ডাই অক্সাইড গেছনিৰ্গত হয়ǀ)
বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়
মানৱ সৃষ্ট কাৰক-শিল্প উদ্যোগৰ প্ৰসাৰ,নগৰীকৰণ,যান বাহনৰ বৰ্ধিত ব্যৱহাৰ,আণৱিক বিস্ফোৰণ,জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ ইত্যাদি ǀ

১৯) মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া ǀ
উত্তৰ-
 মৰুভূমি এটা শুকান এলেকা যত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি ǀ

  • মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে ǀ
  • ১৯৭৭ চনত আফ্ৰিকা মহাদেশৰ নাইৰবিত ৰাষ্ট্ৰসংঘৰ এক বিশেষ অধিবেশন অনুষ্ঠিত হৈছিল ǀ এই সন্মিলনতে মৰুকৰণ সম্পৰ্কীয় সংজ্ঞা দিয়া হৈছিল ǀ সেই সংজ্ঞাটো আছিল-“মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্হাৰ সৃষ্টি কৰে ǀ”

২০) মৰুকৰণৰ কাৰণ দৰ্শোৱা ।
উত্তৰ- 
প্ৰাকৃতিক কাৰক-খৰাং বতৰ,গোলকীয় উত্তাপ বৃদ্ধি
মানৱসৃষ্ট কাৰক-অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, অত্যাধিক হাৰত বনাঞ্চল ধ্বংস ǀ

২১) মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?
উত্তৰ-
 মৰুকৰণ সমস্যা সমাধান কৰিব পৰা যায় ǀঅৱশ্যে তাৰ বাবে আন্তৰ্জাতিক সহযোগতিাৰ প্ৰয়োজন হব ǀ মৰুকৰণৰ বাবে বিশেষকৈ মানুহৰ কাৰ্যকলাপেই দায়ী ǀ সময় থাকোতে চৰকাৰী কঠোৰ আইন প্ৰণয়ণ কৰি হলেও মৰুভূমি কাষৰীয়া বনাঞ্চল ৰক্ষাৰ ব্যৱস্হা কৰা উচিত ǀ পশুবোৰৰ বাবে অনুমোদিত চৰণীয়া অঞ্চল ৰখাৰ ব্যৱস্হা কৰিব লাগে ǀইয়াৰ লগতে সেইবোৰ অঞ্চলৰ আশে পাশে থকা লোকসকল সংস্হাপনৰ ব্যৱস্হা কৰিব লাগে যাতে সেইসকল লোকে জীৱিকা বা অৰ্থৰ বাবে বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যত লিপ্ত নহয় ǀ গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ বাবে মৰুকৰণৰ সমস্যা ক্ৰমে অধিক জটিল হৈ পৰিছে ǀ মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হলে সমস্যাই জটিল ৰূপ পাব ǀ সেয়েহে সময় থাকোতে আমি ব্যক্তিগত পৰ্যায়ত যিমান পাৰো এই সমস্যাটোৰ প্ৰতি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছেǀ

২২) গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা ǀ
উত্তৰ-
 প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে ǀইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে ǀ
1)প্ৰাকৃতিক কাৰক- সৌৰশক্তি ǀ ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ এটা অংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী অংশ বায়ুমণ্ডলত তাপ হিচাপে এৰি দিয়ে ǀ এই প্ৰক্ৰিয়াত সহায়ক হবলৈ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ অনুপাতৰ ভাৰসাম্যতা ৰক্ষা হৈ থাকিব লাগে ǀ অন্যথা কিছু সালসলনি ঘটিলে উত্তাপৰ তাৰতাম্য ঘটে ǀ
বায়ুমণ্ডলৰ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত তাপ বা সৌৰশক্তি শোষণ কৰিব পাৰে ǀ এইবোৰৰ ভিতৰত –কাৰ্বন ডাই অক্সাইড, মিথেন,নাইট্ৰাছ অক্সাইড,জলীয় বাষ্প আদিয়ে প্ৰধান ǀবায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে ǀ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে ǀ
2) মানৱসৃষ্ট কাৰক – বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কামকাজ ǀ উদ্যোগ,কল কাৰাখানা,যান বাহন,ৰেফ্ৰিজিৰেটাৰ, এ চিৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ নিতৌ বাঢ়িছে, যিয়ে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে ǀ

২৩) গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ।
উত্তৰ-
 গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব-
1) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন
2) সাগৰপৃষ্ঠৰ উত্থান
3) উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম,বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিবৰ্তন
4) শস্য উৎপাদন হ্ৰাস
5) মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব

২৪) গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ?
উত্তৰ- 
গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়বোৰ হল-
1) অত্যাধিক হাৰত গছ-গছনি ৰোপণ
2) এ চি, ৰেফ্ৰিজিৰেটৰ আদি প্ৰয়োজননুসাৰে সীমিত পৰিমাণে ব্যৱহাৰ কৰা
3) জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা
4) যানবাহনত উন্নত মানদণ্ডৰ ইন্ধন ব্যৱহাৰ কৰা
5) পৰিবেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰা
6) সেউজগৃহ গেছৰ নিৰ্গমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্হা গ্ৰহণ কৰা ǀ

class 10 Social Science question answer seba class 10 seba Social Science answers class 10 Social Science seba seba class 10 Social Science seba class 10 Social Science notes Social Science class 10 seba seba Social Science class 10 seba class 10 Social Science book pdf class 10 Social Science notes seba seba class 10 Social Science book seba class 10 Social Science book english medium class 10 Social Science book seba seba class 10 Social Science syllabus seba Social Science book class 1 seba class 10 Social Science solution seba Social Science class 10 solutions seba solutions for class 10 Social Science seba solutions for class 10 Social Science history class 10 seba Social Science book class 10 seba Social Science notes class 10 Social Science syllabus seba seba class 10 Social Science guide seba class 10 Social Science notes pdf seba Social Science class 10 history Social Science class 10 ncert solutions seba Social Science class 10 seba assamese Social Science class 10 seba question paper class 10 seba Social Science books class 10 Social Science notes for seba ncert solutions for class 10 Social Science seba seba board class 10 Social Science book seba book of class 10 Social Science seba book of class 10 Social Science in pdf seba class 10 Social Science mcq seba economics Social Science chapter 2 class 10 seba Social Science notes class 10 Social Science class 10 of seba Social Science class 10 seba board Social Science for class 10 seba history answers Social Science of class 10 seba question answer Social Science text book class 10 ncert seba syllabus of Social Science class 10 of seba syllabus of Social Science class 10 seba


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us