Type Here to Get Search Results !

Class 10 Social Science Chapter 11 আন্তর্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Question And Answer

Class 10 Social Science Chapter 11 আন্তর্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Question And Answer

অতি চমু উত্তৰৰ প্ৰশ্নঃ
১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰঃ ১৯১৪ চনৰ প্ৰথম বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতিসংঘ নামৰ এটা আন্তজাতিক সংগঠন এটা গঠন হৈছিল ǀ কিন্তু ১৯৩৯ চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ’ল ǀইয়াৰ পিছত বিশ্বত ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্হাপনৰ প্ৰচেষ্টা চলে ǀ তাৰে ফলশ্ৰুতিত ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হয়। 

২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উল্লেখ কৰা দুটা উদ্দেশ্য হল-
(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্রধান অংগ ৬ টা । এই অংগ ৬ টা হৈছে-
  1. সাধাৰণ পৰিষদ
  2. নিৰাপত্তা পৰিষদ
  3. অর্থনৈতিক আৰু সামাজিক পৰিষদ
  4. ন্যাসৰক্ষী পৰিষদ
  5. আন্তর্জাতিক ন্যায়ালয়
  6. সচিবালয়

৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হৈছে-  
(ক) আন্তর্জাতিক শ্রমিক সংস্থা 
(খ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি 
৫) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা ǀ
উত্তৰঃ 
(ক) ১৯৬৮ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” ǀ(Nuclear Non- Proliferation Treaty)
(খ) ১৯৯৬ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধিকৰণ চুক্তি” (Comprehensive Test Ban Treaty /CTBT)
           
৬) মানৱ অধিকাৰ বুলিলে কি বুজা?  
উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় ,এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে ।

চমু উত্তৰৰ প্ৰশ্নঃ
১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ  চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হ'ল—
1) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
2) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
3) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
4) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা । 

ৰাষ্ট্ৰসংঘৰ নীতিকেইটা হ'ল-
1) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ'ব।
2) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
3) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনা আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
4) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।
5) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
6) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।।

২)  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ'ল নিৰাপত্তা পৰিষদ । আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন ǀ ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল- আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন ǀ স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো ‘দিলে সিদ্ধান্ত গ্রহণ নহয় । 

৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।
উত্তৰঃ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তঃজাতিক সংগঠন গঠন কৰা হৈছিল ǀ এই সংগঠনটোৱে আজি প্ৰায় ৭০ বছৰত ভৰি দিলে ǀ
এই সময়ছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখ যোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ǀ
যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে ǀ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে ǀ তাৰ পিছৰে পৰা ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল- 
1) ১৯৬৩ চনত “আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি” (Partial Nuclear Test Ban Treaty), 
2) ১৯৬৭ চনত  “বহিঃ মহাকাশ চুক্তি” (Outer Space Treaty),
3) ১৯৬৮ চনত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” (Nuclear Non Proliferation Treaty),
4) ১৯৭১ চনত “সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি” (Seabed Control Treaty)
5) ১৯৭২ চনত “চল্ট-১”(SALT-1 or Strategic Arms Limitation Treaty)
6) ১৯৭৯ চনত “চল্ট-২” (SALT-2)
7) ১৯৯৩ “পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি” (Nuclear Arms Control Treaty)
8) ১৯৯১ আৰু ১৯৯৩ চনত START (Strategic Arms Reduction Treaty)-1 আৰু START-2 
9) ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি” (CTBT or Comprehensive Test Ban Treaty) 

উক্ত চুক্তিসমূহ সম্পাদনাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে ǀ ৰাষ্ট্ৰসংঘৰ সু-ব্যৱস্হাৰ ফলশ্ৰুতিতে হয়তো আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বিৰত থাকিব পাৰিছো ǀ 

৪) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিবেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্যৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ǀ
সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ ইয়াৰ ঠিক কিছুদিনৰ পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখনত ১৯৯৪ চনৰ ৮জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায় ǀ এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন,১৯৯৩ নামে জনাজাত হয় ǀ এই আইন মতে ৰাজ্যবোৰতো  মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ
আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হব লাগে ǀ ইয়াৰ অন্য সদস্য সকল হৈছে- 
১) এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ
২) এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ
৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি

এইবোৰৰ উপৰিও সংখ্যালঘুৰ আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি সদস্য হিচাপে থাকে ǀ লকলো সদস্যৰে কাৰ্যকাল ৫ বছৰ ǀ
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনৰসকলো দিশ পৰ্যালোচনা কৰিতাৰ বিহিত ব্যৱস্হাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ǀ
৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে ,ঠিক তেনেদৰে বিশ্বত প্রতিজন মানুহে যাতে মর্যাদাপূর্ণ জীৱন-যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰৰ সুৰক্ষা দিয়াৰ ব্যৱস্হাও কৰিছে ǀ এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্রৰ সমর্থনত ‘মানৱ অধিকাৰ ঘোষণা পত্র’ গ্রহণ কৰে ।
এটা প্রস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সন্মিলিত হৈ এই ঘোষণা পত্রই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে- প্ৰথমে, বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে,এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে।
এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰ সমূহে ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত সীমাবদ্ধতা আনিছে ǀ নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকান কৰিব নোৱাৰে ǀ দেশৰ নাগৰিকক এই অধিকাৰ বোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তাৰ ৰক্ষা কৰাতো সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ যোগেদি স্পষ্ট কৰি দিছে ǀ

Please ignore the following texts

class 10 Social Science question answer seba class 10 seba Social Science answers class 10 Social Science seba seba class 10 Social Science seba class 10 Social Science notes Social Science class 10 seba seba Social Science class 10 seba class 10 Social Science book pdf class 10 Social Science notes seba seba class 10 Social Science book seba class 10 Social Science book english medium class 10 Social Science book seba seba class 10 Social Science syllabus seba Social Science book class 1 seba class 10 Social Science solution seba Social Science class 10 solutions seba solutions for class 10 Social Science seba solutions for class 10 Social Science history class 10 seba Social Science book class 10 seba Social Science notes class 10 Social Science syllabus seba seba class 10 Social Science guide seba class 10 Social Science notes pdf seba Social Science class 10 history Social Science class 10 ncert solutions seba Social Science class 10 seba assamese Social Science class 10 seba question paper class 10 seba Social Science books class 10 Social Science notes for seba ncert solutions for class 10 Social Science seba seba board class 10 Social Science book seba book of class 10 Social Science seba book of class 10 Social Science in pdf seba class 10 Social Science mcq seba economics Social Science chapter 2 class 10 seba Social Science notes class 10 Social Science class 10 of seba Social Science class 10 seba board Social Science for class 10 seba history answers Social Science of class 10 seba question answer Social Science text book class 10 ncert seba syllabus of Social Science class 10 of seba syllabus of Social Science class 10 seba  iucn সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত আন্তর্জাতিক সংস্থা class 10 আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য class 10 আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য pdf আন্তৰ্জাতিক সংগঠন আন্তৰ্জাতিক সংস্থা আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ৰাষ্ট্ৰ সংঘ ৰাষ্ট্ৰ সংঘৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘ কি ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ গঠন ৰাষ্ট্ৰসংঘৰ ভূমিকা ৰাষ্ট্ৰসংঘৰ সভাপতি কোন

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Subscribe Us